ETV Bharat / state

দালালৰ বিৰুদ্ধে কঠোৰ কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়

author img

By

Published : Sep 16, 2021, 6:43 PM IST

মাটি দালালৰ বিৰুদ্ধে কঠোৰ হৈছে কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় । ৰাজহ চক্ৰ বিষয়াই কঠোৰ নিৰ্দেশনা জাৰি স্পষ্ট কৰি দিছে যে, কলিয়াবৰত এতিয়াৰে পৰা মাতি-বাৰী সংক্ৰান্তীয় যিকোনো কাম-কাজ মাটিৰ গৰাকীয়ে নিজেই কৰিব লাগিব ।

Koliabor Revenue Circle office
দালালৰ বিৰুদ্ধে কঠোৰ কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়

কলিয়াবৰ, 16 ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই দালালৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় । ৰাজহ চক্ৰ বিষয়াই কঠোৰ নিৰ্দেশনা জাৰি কৰি স্পষ্ট কৰি দিছে যে, কলিয়াবৰত এতিয়াৰে পৰা মাতি-বাৰী সংক্ৰান্তীয় যিকোনো কাম-কাজ মাটিৰ গৰাকীয়ে নিজেই কৰিব লাগিব ।

দালালৰ জৰিয়তে মাটিৰ কাম-কাজ কৰাব বিচাৰিলে মাটিৰ গৰাকীৰ বিৰূদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জাননী জাৰি কৰিছে কলিয়াবৰ চক্ৰ বিষয়াই । তদুপৰি কাৰ্যালয়ৰ ভিতৰে বাহিৰে বিনা কামত প্ৰৱেশ কৰি ঘুৰি ফুৰা লোক সকলৰ বিৰুদ্ধেও কঠোৰ হৈছে কলিয়াবৰ ৰাজহ চক্ৰ বিষয়া প্ৰাৰ্থ প্ৰতিম বৰ্মণ ।

লগতে পঢ়ক: ২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান

বৰ্তমান ৰাজ‍্য চৰকাৰে ৰাজহ বিভাগত বিভিন্ন সংস্কাৰৰ ব‍্যৱস্থা গ্ৰহণ কৰাৰ ঘোষণাৰ পাছতে ৰাজ‍্যৰ ৰাজহ কাৰ্য‍ালয় সমূহত গতিশীলতা দেখা গৈছে । শেহতীয়াকৈ মুখ‍্যমন্ত্ৰীৰ বিশেষ তৎপৰতাত ৰাজ‍্যৰ ৰাজহ চক্ৰ বিষয়াসকলৰে হোৱা আলোচনাৰ এক যোগাত্মক বাৰ্তাবৰণ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৰাজহ চক্ৰ কাৰ্যালয় সমূহত ৷

উল্লেখ্য যে, বহু ৰাজহ কাৰ্যালয়ত বিভিন্ন কাৰিকৰী অসুবিধাৰ বাবে সমস‍্যাত পৰিছে জনসাধাৰণ । তেনে এক সমস‍্যা হৈছে ইণ্টাৰনেটৰ সমস‍্যা । এই বিষয়ে কলিয়াবৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে সংবাদকৰ্মীক জনোৱা মতে, ইণ্টাৰনেটৰ সেৱা অতি নিম্নমানৰ হোৱাৰ ফলত দহ-পোন্ধৰ মিনিটৰ কাম এটাৰ বাবে চাৰি-পাঁচ দিন সময় লাগে ৷

লগতে পঢ়ক: অৱশেষত আৰক্ষীৰ জালত ডিব্ৰুগড়ৰ SBI কাণ্ডৰ অভিযুক্ত

ইণ্টাৰনেট সেৱাৰ উন্নতিৰ বাবে বিভাগীয় বিষয়া তথা সংশ্লিষ্ট মহলক জনোৱাৰ লগতে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তকো অৱগত কৰা হৈছে বুলি জানিবলৈ দিছে কলিয়াবৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে । আনহাতে, কলিয়াবৰ ৰাজহ বিষয়া কাৰ্যালয়টোত দীৰ্ঘদিন ধৰি চকীদাৰ নথকাৰ ফলত সুৰক্ষাৰ দিশটোক লৈ বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে স্থানীয় লোকেৰ মাজত ৷ এনে ক্ষেত্ৰত বিভাগীয় কৰ্তপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে কলিয়াবৰৰ সচেতন মহলে ৷

লগতে পঢ়ক: শুকুৰবাৰে ৰাজ্যজুৰি চলিব মেগা ভেকচিনেশ্যন অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.