শুকুৰবাৰে ৰাজ্যজুৰি চলিব মেগা ভেকচিনেশ্যন অভিযান

author img

By

Published : Sep 16, 2021, 2:28 PM IST

Mega vaccination drive on 17th September
শুকুৰবাৰে ৰাজ্যজুৰি চলিব মেগা ভেকচিনেশ্যন অভিযান ()

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী(Narendra Modi)ৰ জন্মদিনৰ দিনা ৰাজ্যৰ ৮ লাখ লোকক ক'ভিড-১৯ প্ৰতিষেধক(Covid-19 Vaccine) প্ৰদানৰ লক্ষ্য ৰাজ্য চৰকাৰৰ । কামৰূপ মহানগৰ জিলাত ৬০ হাজাৰ লোকক প্ৰতিষেধক প্ৰদানৰ বাবে মুকলি কৰা হৈছে ২১০ টা কেন্দ্ৰ । অভিভাৱক মন্ত্ৰী, অভিভাৱক প্ৰধান সচিবসকলৰ লগতে অতিৰিক্তভাৱে আয়ুক্ত সচিবসকলক একো একোখন জিলাত উপস্থিত হৈ এই মেগা ক'ভিড ভেকচিনেশ্যন অভিযান(Mega Covid Vaccination Drive)ৰ তদাৰক কৰিবলৈ মুখ্যমন্ত্রীয়ে ইতিমধ্যে নিৰ্দেশ দিছে ।

গুৱাহাটী, ১৬ ছেপ্টেম্বৰ: প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে ১৭ ছেপ্টেম্বৰৰ দিনা ৰাজ্যত পুনৰ "মেগা ক'ভিড ভেকচিনেশ্যন" কাৰ্যসূচী গ্ৰহণ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে । ক'ভিড টীকাকৰণৰ এই বিশাল অভিযানৰ জৰিয়তে ৰাজ্য চৰকাৰে একেদিনাই সমগ্ৰ ৰাজ্যত ৮ লাখ লোকক টীকাকৰণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে । উল্লেখ্য যে, স্বাস্থ্য বিভাগে ইয়াৰ পূৰ্বে ২১ জুনৰ পৰা ২৩ জুনলৈ অনুষ্ঠিত কৰিছিল বিশাল টীকাকৰণ অভিযান । সেই তিনিদিনীয়া অভিযানত প্ৰায় ৯.৭৫ লোকক ক'ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছিল ।

Mega vaccination drive on 17th September
শুকুৰবাৰে ৰাজ্যজুৰি চলিব মেগা ভেকচিনেশ্যন অভিযান

এতিয়া সেইসকল লোকৰ দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ সময় হৈছে । যাৰ বাবে পুনৰ এই বিশাল টীকাকৰণ অভিযানৰ আয়োজন কৰা হৈছে । আনহাতে, অভিভাৱক মন্ত্ৰী, অভিভাৱক প্ৰধান সচিবসকলৰ লগতে অতিৰিক্তভাৱে আয়ুক্ত সচিবসকলক ভাগে ভাগে একো একোখন জিলাত উপস্থিত হৈ এই মেগা ক'ভিড ভেকচিনেশ্যন অভিযানৰ তদাৰক কৰিবলৈ বাবে মুখ্যমন্ত্রীয়ে ইতিমধ্যে নিৰ্দেশ দিছে । ১০ অক্টোবৰৰ ভিতৰত ৰাজ্যখনৰ ১৮ বছৰৰ উৰ্দ্ধৰ সকলো লোককে প্ৰথম পালি প্ৰতিষেধক প্ৰদানৰ পৰিকল্পনা কৰিছে স্বাস্থ্য বিভাগে ।

ইফালে, ১৭ ছেপ্টেম্বৰত হ’বলগীয়া টীকাকৰণ অভিযানত কামৰূপ মহানগৰ জিলাত ৬০ হাজাৰ লোকক ক'ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে জিলা প্ৰশাসনে । এই লক্ষ্যত উপনীত হোৱাৰ বাবে টীকাকৰণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ দিছে উপায়ুক্ত বিশ্বজিৎ পেগুৱে । সেই অনুসৰি, কামৰূপ মহানগৰ জিলাত শুকুৰবাৰৰ মেগা ভেকচিনেশ্যন অভিযানৰ বাবে ২১০ টা মুকলি কৰা হৈছে ।

নিয়মীয়া সূচীৰ পৰিৱৰ্তে সেইদিনা পুৱা ৮ বজাৰ পৰা সন্ধ্যা ৫ বজালৈ টীকাকৰণ অভিযান চলিব । লগতে কেতবোৰ নিৰ্বাচিত কেন্দ্ৰত ২৪ ঘণ্টাই টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে । গুৱাহাটী মহানগৰীৰ ১৩.৫ লাখ জনসংখ্যাৰ ভিতৰত ইতিমধ্যে ১১,৭৮,৮১১ লোকক ক'ভিড প্ৰতিষেধকৰ প্ৰথম পালি আৰু ৫,৬৮,৪৬৩ লোকক দ্বিতীয় পালি প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে, ৰাজ্যত ক'ভিডৰ প্ৰভাৱ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ হোৱা নাই । বিগত ২৪ ঘণ্টাত অসমত পুনৰ ৪৪৪ জন লোক কৰ'ণাত নতুনকৈ আক্ৰান্ত হৈছে । ইয়াৰে ৯৪ জন কামৰূপ মহানগৰ জিলাৰ, ৪৬ জন গোলাঘাটৰ, ৩৫ জন যোৰহাটৰ, ৩২ জন শিৱসাগৰ জিলাৰ ।

এতিয়ালৈকে ৰাজ্যত এই মহামাৰীত আক্ৰান্তৰ সংখ্যা ৫,৯৬,৬০৬জনলৈ বৃদ্ধি পাইছে । ইফালে, বুধবাৰৰ দিনটোত অসমত সুস্থ হৈ উঠিছে ৭০৬ জন লোক । আনহাতে, বিগত ২৪ ঘণ্টাত কৰ'ণাত ৮ জন লোকে প্ৰাণ হেৰুৱাইছে । এতিয়াও ৰাজ্যত সক্ৰিয় হৈ আছে ৪০৪৯ গৰাকী ক'ভিড ৰোগী ।

লগতে পঢ়ক:অৱশেষত আৰক্ষীৰ জালত ডিব্ৰুগড়ৰ SBI কাণ্ডৰ অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.