অৱশেষত আৰক্ষীৰ জালত ডিব্ৰুগড়ৰ SBI কাণ্ডৰ অভিযুক্ত

author img

By

Published : Sep 15, 2021, 10:29 PM IST

অৱশেষত ডিব্ৰুগড়ৰ SBI কাণ্ডৰ অভিযুক্ত আৰক্ষীৰ জালত

ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিৰ ভাৰতীয় ষ্টেট বেংকত মঙলবাৰে সংঘটিত সভ্য সমাজক লজ্জানত কৰা ঘটনাৰ খলনায়ক আৰক্ষীৰ জালত ৷

শিৱসাগৰ, 15 ছেপ্তেম্বৰ : ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিস্থিত ভাৰতীয় ষ্টেট বেংকত মহিলাক অসৎ ব্যৱহাৰৰ দৰে লজ্জাজনক কাণ্ড সংঘটিত কৰা ঘটনাৰ অভিযুক্ত ৰিতুৰাজ শেনচোৱাক বুধবাৰে নিশা শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । উল্লেখযোগ্য যে, ১৪ ছেপ্তেম্বৰত ডিব্ৰুগড়ৰ ষ্টেট বেংকত এই লজ্জাজনক কাণ্ড সংঘটিত কৰিছিল লম্পটটোৱে ।

  • Reference viral video of molestation in SBI Dibrugarh branch
    Case has been registered vide Dbr PS Case no. 1793/21 u/s 354A/509 IPC. Accused has been identified as Ritu Raj Saikia and arrested by @dibrugarhpolice Lawful action being taken. pic.twitter.com/sJ4Xc4Ves4

    — GP Singh (@gpsinghips) September 15, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

এগৰাকী মহিলাক কাউন্টাৰত ধনৰ লেনদেনৰ বাবে শাৰীপাতি থকাৰ অৱস্থাত অসৎ ব্যৱহাৰ কৰাৰ অপৰাধত শিৱসাগৰ আৰক্ষীয়ে কৰায়ত্ব কৰে ৰিতুৰাজ শেনচোৱা নামৰ লোকজনক । ঘটনা সন্দৰ্ভত ইতিমধ্যে ডিব্ৰুগড় আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছিল । শিৱসাগৰ ৰাজ্যিক পৰিবহন বাছ আস্থানৰ পৰা কৰায়ত্ব কৰে ৰিতুৰাজ শেনচোৱাক ।

শিৱসাগৰ সদৰ থানাৰ নগৰ উপ-পৰিদৰ্শক জ্যোতিষ ফুকনৰ নেতৃত্বত আৰক্ষীৰ দলে শিৱসাগৰ বাছ আস্থানৰ পৰা কোনো স্থানলৈ পলায়নৰ যো-জা কৰোতেই কৰায়ত্ব কৰে ৰিতুৰাজক । উল্লেখযোগ্য যে, মঙলবাৰে কু-চৰিত্ৰৰ ৰিতুৰাজে মহিলাগৰাকীৰ অজ্ঞাতেই বেংকতে অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ বাবে চেষ্টা চলাইছিল ৷

যি দৃশ্য ঘটনাৰ সমগ্ৰ ঘটনা বন্দী হৈছিল কেমেৰাত । ইপিনে এই অসৎ কাৰ্যৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই ৰাজ্যজুৰি সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । উল্লেখ কৰাৰ প্ৰয়োজন যে, অভিনেতা হিচাপে পৰিচিত ৰিতুৰাজে বহুকেইখন ধাৰাবাহিকতো অভিনয় কৰিছে । সম্প্ৰতি ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ইতিমধ্যে টুইটাৰ যোগে ৰিতুৰাজক গ্ৰেপ্তাৰৰ কৰাৰ কথা সদৰী কৰিছে ।

লগতে পঢ়কঃ বেংকত শাৰী পাতি থকা মহিলাক অশালীন ব্যৱহাৰ; প্ৰতিক্ৰিয়া নাৰী সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.