২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান

author img

By

Published : Sep 16, 2021, 2:37 PM IST

Class X teaching will begin on September 20

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ বৈঠকৰ ৷ বৈঠকত শিক্ষা, কৃষি, জলসিঞ্চনকে ধৰি কেইবাটাও গুৰুত্ব সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

গুৱাহাটী, ১৬ ছেপ্টেম্বৰ : সুদীৰ্ঘ সময় বন্ধ হৈ থকাৰ পিছত ২০ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ সকলো বিদ্যালয়তে দশম শ্ৰেণীৰ পাঠদান পুণৰ আৰম্ভ কৰিবলৈ ঠিৰাং কৰিছে শিক্ষা বিভাগে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্তত অনুমোদন জনোৱা হয় । বৈঠকৰ অন্তত কেবিনেটৰ মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত কেবিনেটৰ সিদ্ধান্ত সমূহৰ বিষয়ে সদৰী কৰে ৷

Class X teaching will begin on September 20
ৰাজ্যিক কেবিনেটৰ বৈঠক

মন্ত্ৰী কেশৱ মহন্তই সাংবাদিকৰ আগত উল্লেখ কৰা অনুসৰি, ৩০ ছেপ্টেম্বৰত চৰকাৰে শিক্ষা সম্পৰ্কীয় এখন নতুন এছ অ' পি ঘোষণা কৰিব । শুকুৰবাৰৰ পৰা বিদ্যালয়সমূহৰ চেনিটাইজেশ্বনৰ কাম আৰম্ভ কৰা হ’ব আৰু ২০ ছেপ্টেম্বৰৰ পৰা দশম শ্ৰেণীৰ পাঠদান পুনৰ আৰম্ভ কৰা হ’ব । প্ৰতিটো শ্ৰেণীকোঠাত সৰ্বাধিক ৩০ গৰাকী শিক্ষাৰ্থীহে বহিব পাৰিব । প্ৰয়োজন সাপেক্ষে বিদ্যালয় সমূহত শ্ৰেণীকোঠাৰ সংখ্যা বৃদ্ধি কৰা হ’ব । পৰ্যায়ক্ৰমে অন্যান্য শ্ৰেণী সমূহৰো পাঠদান পুনৰ আৰম্ভ কৰা হ’ব ।

আনহাতে, আজিৰ কেবিনেটে আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি অসমৰ কৃষকৰ বাবে প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ কিস্তি হিচাপে ৩৭৯ কোটি টকা মোকলাই দিয়াৰ সিদ্ধান্তত কেবিনেটে অনুমোদন জনায় । একেদৰে জলসম্পদ বিভাগৰ বাবে কেবিনেটে নাবাৰ্ড ২৭ কোটিৰ পৰা ৯৮ কোটি টকা মোকলাই দিয়াৰ সিদ্ধান্তত অনুমোদন জনায় । ইয়াৰ লগতে ১৭ ছেপ্টেম্বৰৰ দিনটো কৰম পূজা উপলক্ষে চৰকাৰী বন্ধৰ দিন হিচাপে কেবিনেটে সিদ্ধান্ত লয় ।

Class X teaching will begin on September 20
ৰাজ্যিক কেবিনেটৰ বৈঠক

লগতে পঢ়ক : এনকাউণ্টাৰ : আৰক্ষীলৈ মানৱ অধিকাৰ আয়োগৰ জাননী

আজিৰ কেবিনেটে গ্ৰহণ কৰা আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল এতিয়াৰে পৰা গুৱাহাটী মহানগৰীত চলাচল কৰা ৰিক্সা, ঠেলা, ই-ৰিক্সা আদিয়ে পৌৰ নিগমৰ পৰা কোনো অনুজ্ঞাপত্ৰৰ বাবে বা নবীকৰণৰ বাবে কোনো মাচুল আদায় দিব নালাগে । স্বাস্থ্য আৰু শিক্ষা বিভাগত চলি থকা বিভিন্ন নিৰ্মাণ কাৰ্য সুচাৰুভাৱে সম্পূৰ্ণ কৰিবলৈ লোক নিৰ্মাণ বিভাগত মুখ্য অভিযন্তা (স্বাস্থ্য আৰু শিক্ষা) নামেৰে এটা নতুন পদ সৃষ্টিতো কেবিনেটে আজি অনুমোদন জনায় ।

বন বিভাগৰ ক্ষেত্ৰতো কেবিনেটে আজি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰে । মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰি কয় যে বিভাগৰ হাতত বৰ্তমান মৃত গঁড়ৰ পৰা সংগ্ৰহ কৰা মুঠ ২,৬২৩ টা খৰ্গ জমা আছে । ইয়াৰে ৯৪ টা খৰ্গ কাজিৰঙাৰ সংগ্ৰহালয়ত ৰখা হ’ব আৰু বাকী ২,৪৭৯ টা খৰ্গ জ্বলাই দিয়া হ’ব ।

লগতে পঢ়ক : ফেৰী দুৰ্ঘটনা : উচিত তদন্তৰ দাবী মাজুলী যুৱ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.