কেতিয়ালৈ উপেক্ষিত হৈ থাকিব বিশিষ্ট সাহিত্যিক মহেন্দ্ৰনাথ শইকীয়া ?

author img

By

Published : Sep 16, 2021, 5:20 PM IST

how-long-will-eminent-writer-mahendranath-saikia-be-ignored

বৰ্তমান পঁচাশী বছৰ বয়সতো সাহিত্য চৰ্চা অব্যাহত ৰাখিছে তিতাবৰৰ বিশিষ্ট সাহিত্যিক মহেন্দ্ৰনাথ শইকীয়াই ৷ শংকৰী সাহিত্যত ব্যাপক দখল থকা মহেন্দ্ৰ নাথ শইকীয়াৰ ৰচিত গ্ৰন্থসমূহ এতিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰী ছাত্ৰীয়ে সমল গ্ৰন্থ হিচাপে ব্যৱহাৰ কৰি আহিছে ৷ কিন্তু আজিও ৰজাঘৰীয়াৰ পৰা পৰ্যাপ্ত স্বীকৃতি লাভ নকৰিলে এই গৰাকী সাহিত্যিকে ৷

যোৰহাট,16 ছেপ্তেম্বৰ: বিগত ছটা দশক ধৰি নিৰৱে সাহিত্য চৰ্চা কৰি ভাগৰি নপৰা তিতাবৰৰ এগৰাকী জনদৰদী ব্যক্তি হৈছে মহেন্দ্ৰনাথ শইকীয়া ৷ সাহিত্য চৰ্চাৰ লগতে কেৱল সেৱাৰ মনোভাৱেৰে সমাজলৈ নিস্বাৰ্থ বৰঙণি আগবঢ়াই যোৱা প্ৰচাৰবিমুখ সাহিত্যিক গৰাকীয়ে বৰ্তমান পঁচাশী বছৰ বয়সতো অব্যাহত ৰাখিছে সাহিত্য চৰ্চা ৷ বিশেষকৈ শংকৰী সাহিত্যত ব্যাপক দখল থকা মহেন্দ্ৰ নাথ শইকীয়াৰ ৰচিত গ্ৰন্থসমূহ এতিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰী ছাত্ৰীয়ে সমল গ্ৰন্থ হিচাপে ব্যৱহাৰ কৰি আহিছে ৷

বৰ্তমানলৈকে মহেন্দ্ৰ নাথ শইকীয়াৰ ৰচিত বিশখন(20) গ্ৰন্থ প্ৰকাশ হোৱাৰ লগতে বিভিন্ন স্মৃতিগ্ৰন্থ, কাকত আলোচনীত অগণন লিখনি প্ৰকাশ পাই আহিছে ৷ সম্প্ৰতি শইকীয়াৰ লিখনিসমূহৰ এটা একত্ৰিত সংকলন প্ৰকাশৰো চিন্তা চৰ্চা আৰম্ভ হৈছে ৷ মহেন্দ্ৰনাথ শইকীয়াৰ "বৰগীত মাধুৰী" গ্ৰন্থখনি শংকৰী সাহিত্যৰ এক অন্যতম গ্ৰন্থ বুলি বিবেচিত হৈ আহিছে ৷

কেতিয়ালৈ উপেক্ষিত হৈ থাকিব বিশিষ্ট সাহিত্যিক মহেন্দ্ৰনাথ শইকীয়া ?

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীতসমূহক সহজ আৰু সাৱলীল ভাৱে বজ্ৰাৱলী ভাষাৰ পৰা অসমীয়ালৈ ভাঙনি কৰি "বৰগীত মাধুৰীৰ" দ্বাৰা প্ৰকাশ কৰিছিল মহেন্দ্ৰনাথ শইকীয়াই ৷ শংকৰী সংঘৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মহেন্দ্ৰনাথ শইকীয়াই 1971 চনতেই সংঘৰ সদস্যপদ গ্ৰহণ কৰিছিল ৷ তাৰোপৰি অসম সাহিত্য সভাৰো আজীৱন সভ্য মহেন্দ্ৰনাথ শইকীয়া ৷

লগতে পঢ়কঃ ফেৰী দুৰ্ঘটনা : উচিত তদন্তৰ দাবী মাজুলী যুৱ কংগ্ৰেছৰ

উল্লেখ্য যে, শংকৰী সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ শাখাই 2014 চনত মহেন্দ্ৰনাথ শইকীয়াক "মাধৱদেৱ বঁটাৰে" সন্মানিত কৰিছিল ৷ সাহিত্য চৰ্চাৰ ওপৰিও তিতাবৰ মহকুমাত এগৰাকী ধৰ্মপৰায়ন ব্যক্তি হিচাপে মহেন্দ্ৰনাথ শইকীয়াৰ বিশেষ সুনাম আছে ৷ শৰীৰে আমনি কৰিলেও পঁচাশী বছৰ বয়সতো নিয়মিতভাৱে নামঘৰত উপস্থিত হৈ নাম প্ৰসঙ্গ কৰে মহেন্দ্ৰনাথ শইকীয়াই ৷

অতি পৰিতাপৰ কথা এইয়ে যে, সমাজলৈ নিস্বাৰ্থভাৱে সাহিত্য সংস্কৃতিৰে নিৰৱে অলেখ অৱদান আগবঢ়াই যোৱা মহেন্দ্ৰনাথ শইকীয়াই কিন্তু আজিও ৰজাঘৰীয়াৰ পৰা পৰ্যাপ্ত স্বীকৃতি লাভ নকৰিলে ৷ জীৱনৰ বিয়লি বেলাত মহেন্দ্ৰনাথ শইকীয়াৰ কৰ্মৰাজিক যথোপযুক্ত স্বীকৃতি প্ৰদানৰ বাবে এতিয়া তিতাবৰবাসীয়ে চৰকাৰী পক্ষলৈ আহ্বান জনাইছে ৷

লগতে পঢ়কঃ ২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.