ফেৰী দুৰ্ঘটনা : উচিত তদন্তৰ দাবী মাজুলী যুৱ কংগ্ৰেছৰ

author img

By

Published : Sep 16, 2021, 1:25 PM IST

Youth Congress Press meet at Majuli

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাক লৈ এইবাৰ সৰৱ হৈ পৰিছে যুৱ কংগ্ৰেছ ৷ প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন প্ৰতাৰণা দিৱস হিচাপে পালনৰ সিদ্ধান্ত মাজুলীৰ যুৱ কংগ্ৰেছৰ ৷

মাজুলী, 16 ছেপ্টেম্বৰ : নিমাতীঘাটত ফেৰী দুৰ্ঘটনা সন্দৰ্ভত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক তদন্তৰ আওতালৈ অনাৰ দাবী জনাইছে মাজুলী যুৱ কংগ্ৰেছে ৷ মাজুলীৰ গড়মূৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে যুৱ কংগ্ৰেছে ৷ এই ঘটনাৰ লগতে নাম সাঙুৰ খোৱা বিজেপিৰ কৰ্মকৰ্তা দুজনকো তদন্তৰ আওতালৈ অনাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দাবী জনায় যুৱ কংগ্ৰেছে ৷

সংবাদমেলত এই ঘটনাৰ বাবে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক জবাবদিহি কৰাৰ কথাও ব্যক্ত কৰে ৷ সংবাদমেলত লগতে কয় যে, মন্ত্ৰী পাটোৱাৰীৰ বিভাগীয় মন্ত্ৰী হিচাপে লজ্জা থকা হ’লে পদত্যাগ কৰিব লাগিছিল ৷ কিন্তু মাজুলীৰ মানুহৰ প্ৰতি মৰম, দয়া, সহানুভূতি নথকাৰ বাবে তেওঁলোকে সাধাৰণ ঘটনাৰ দৰে কামবোৰ কৰি গৈছে ৷ তদন্তৰ নামত চতুৰ্থ বৰ্গৰ কেইজনমান কৰ্মচাৰীক নিলম্বন কৰিলেই ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ নাহে ৷

লগতে পঢ়ক : অভিশপ্ত নিমাতীৰ ফেৰী দুৰ্ঘটনা; আটক 6 ব্যক্তি

যুৱ কংগ্ৰেছে মুখ্যমন্ত্ৰীক শীঘ্ৰে এই ঘটনাৰ লগতে নাম সাঙোৰ খোৱা বিজেপিৰ কৰ্মকৰ্তা দুজনকো তদন্তৰ আওতালৈ অনাৰ বাবে দাবী জনাইছে ৷ ইয়াৰ উপৰি গড়মূৰ আৰু কমলাবাৰীৰ মাজৰ ব্যৱসায় যোৰহাটৰ সৈতে হোৱাৰ বাবে সম্প্ৰতি যোগাযোগৰ বাবে মাজুলীত খাদ্য সামগ্ৰীৰ অভাৱ হোৱাৰ লগতে মূল্যবৃদ্ধি হোৱাৰ কথা উল্লেখ কৰে ৷ যুৱ কংগ্ৰেছে প্ৰশাসনক শীঘ্ৰে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ৷

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন যিমান দিন পাতে, সিমান দিনেই মাজুলী যুৱ কংগ্ৰেছে প্ৰতাৰণা দিৱস পালন কৰিব ৷ 2016 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডী মাজুলীত উপস্থিত হৈ সৰ্বানন্দ সোণোৱাল জয়ী হ’লে দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু সোণোৱাল দুবাৰকৈ মাজুলীৰ পৰা জয়ী হোৱাৰ পাছতো এতিয়ালৈ দলং নিৰ্মাণ নহ’ল মাজুলীত ৷ ইফালে নিমাতী-মাজুলী ফেৰী সেৱাত অনলাইন টিকটৰ ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই যুৱ কংগ্ৰেছে ।

লগতে পঢ়ক : নিমাতীঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা : নিমাতীঘাটত সলনি হ’ব পূৰ্বৰ ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.