NCRB-ৰ ৰিৰ্প’ট : অসমত কিমান সুৰক্ষিত নাৰী

By

Published : Sep 16, 2021, 5:06 PM IST

Updated : Sep 16, 2021, 5:23 PM IST

thumbnail

২০২০ চনৰ বৰ্ষটোত অসমত ২৬ গৰাকী নাৰী বলি হৈছে ধৰ্ষণ আৰু হত্যাৰ । যি সময়ত ক’ভিড কেন্দ্ৰিক অচলাৱস্থাই ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই জনতাক গৃহবন্দী কৰি ৰাখিছিল, সেই সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত ২৬ গৰাকী নাৰীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল । তদুপৰি এই বছৰটোতে যৌতুক কেন্দ্ৰিক অপৰাধৰ বলি হৈ ২০২০ চনৰ বৰ্ষত অসমত ১৫০ গৰাকী মহিলা হত্যাৰ বলি হৈছে । উল্লেখযোগ্য যে, এনচিআৰবিৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, এই বৰ্ষটোত ভাৰতীয় দণ্ড বিধিৰ অধীনত অসমত ৰুজু হয় মুঠ ১১১৫৫৮ টা অপৰাধৰ গোচৰ । কিন্তু অতি লক্ষ্যণীয়ভাৱে এই গোচৰ সমুহৰ বিপৰীতে অভিযোগনামা দাখিল কৰা হৈছে ৪৭.১ শতাংশ গোচৰৰ বিপৰীতে হে । আনহাতে অতি লক্ষ্যণীয়ভাৱে এই বছৰটোত সামগ্ৰীকভাবে মহিলাৰ বিৰুদ্ধে অসমত সংঘটিত হোৱা অপৰাধৰ সংখ্যা আছিল ২৬৩৫২ টা । এনে অপৰাধৰ ভিতৰত আছে অপহৰণ আৰু বলপূৰ্বক বিবাহপাশত আৱদ্ধ কৰোৱা, নিৰ্যাতন, কিশোৰীৰ ওপৰত যৌন নিৰ্যাতন আদি । লক্ষ্যণীয়ভাৱে ২০২০ চনৰ বছৰটোত ২৯৮৪ গৰাকী ছোৱালীক অপহৰণ কৰি বলপূৰ্বক বিয়াত বহাৰ বাবে বাধ্য কৰোৱা হৈছে । ২০১৯ চনত এনে গোচৰৰ সংখ্যা আছিল ২৯২৯ টা । মনকৰিবলগীয়া যে, নাৰীৰ বিৰুদ্ধে অপৰাধৰ ঘটনা বাঢ়ি অহা কাৰ্যই পৰিস্থিতিৰ ভয়াৱহতাক পুনৰবাৰ আঙুলিয়াই দিছে যদিও গোচৰবোৰৰ বিপৰীতে অনুসন্ধান আৰু আদালতত অভিযোগনামা দাখিলৰ হাৰ আজিও সন্তোষজনক নহয় ।এনচিআৰবিৰ প্ৰতিবেদনে আঙুলিয়াই দিয়া অনুসৰি অসমত নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধৰ গোচৰৰ ৬৩.৮ শতাংশৰ বিপৰীতে হে আৰক্ষী আৰু অন্যান্য অনুসন্ধানকাৰী সংস্থাই আদালতত অভিযোগনামা দাখিল কৰিছে । ক’ভিড কেন্দ্ৰিক দীঘলীয়া লকডাউনৰ সময়তো অসমত যে নাৰী আৰু অন্যান্য অপৰাধৰ পৰিমান কমা নাছিল সেই কথা প্ৰমাণ কৰিছে কালি‌ প্ৰকাশিত এনচিআৰবিৰ প্ৰতিবেদনে ।

Last Updated : Sep 16, 2021, 5:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.