Delhi riots : পাঁচ অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু

author img

By

Published : Sep 16, 2021, 5:21 PM IST

Delhi riots
পাঁচ অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু ()

দিল্লীত সংঘটিত সংঘৰ্ষত জড়িতৰ অভিযোগত পাঁচজন লোকৰ বিৰুদ্ধে গোচৰ দাখিল ৷ হত্যাৰ অভিযোগ উঠিছে পাঁচোজনৰ বিৰুদ্ধে ৷

নিউজ ডেস্ক, 16 ছেপ্টেম্বৰ : দিল্লীত সংঘটিত সংঘাতৰ সময়ত ৰামলীলা মৈদানত এজন লোকৰ দেহত অগ্নি সংযোগ কৰাৰ অভিযোগত দিল্লীৰ এখন ন্যায়ালয়ে 5 জন লোকৰ বিৰুদ্ধে অগ্নি সংযোগ আৰু হত্যাৰ অভিযোগ উত্থাপন কৰিছে ৷ দিল্লী আৰক্ষীয়ে জনোৱা অনুসৰি, দিল্লীৰ কাৰাৱাল নগৰৰ ৰামলীলা মৈদানত 5 গৰাকী লোকে মহম্মদ আনোৱাৰ নামৰ এজন লোকক গুলীওৱাৰ লগতে দেহত অগ্নিসংযোগ কৰিছিল ৷ আৰক্ষীয়ে জনোৱা মতে আনোৱাৰৰ ভৰিৰ মাত্ৰ এটা অংশহে উদ্ধাৰ কৰা হৈছিল সেই ঘটনাত ৷

অতিৰিক্ত সত্ৰ ন্যায়াধীশে এই ঘটনা সন্দৰ্ভত কয় যে, প্ৰাথমিক পৰ্যায়ত অভিযুক্তৰ বিৰুদ্ধে অভিযোগ দাখিলৰ বাবে যথেষ্ট উপাদান আছে ৷ লাখপট ৰাজোৰা, যোগেশ, ললিত আৰু কুলদ্বীপ নামৰ আন দুজৰ লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত নিৰ্ধাৰিত ধাৰা অনুসৰি গোচৰ ৰুজু কৰাৰ থল আছে ৷ সেই অনুসৰি, অভিযুক্ত কেইজনক এই গোচৰ সম্পৰ্কত ব্যাখ্যা কৰাৰ লগতে তেওঁলোকে নিজৰ দোষ মানি বিচাৰ আশা কৰে নে সেয়া সোধা হৈছিল ৷ কিন্তু অভিযুক্ত কেইজনে নিজকে নিৰ্দোষী বুলি দাবী কৰি উচিত বিচাৰৰ আহ্বান জনায় ৷ বিচাৰপতিয়ে, আটাইকেইজন অভিযুক্তৰ কল ৰেকৰ্ড আৰু ঘটনাৰ দিনা সেই স্থানত উপস্থিতিৰ তথ্য লাভ কৰিছে ৷

উপ-বিচাৰপতি যাদৱো অভিযোগকাৰীৰ সৈতে একমত হৈছে ৷ চি চি টিভি ফুটেজত অভিযুক্ত কেইজনক দেখা পোৱা নাই ৷ কাৰণ সংঘৰ্ষকাৰীয়ে কেমেৰাবোৰ ভাঙি পেলোৱাৰ লগতে ডিজিটেল ভিডিঅ’ ৰেকৰ্ডাৰ সমূহ নষ্ট কৰি পেলাইছিল ৷

ন্যায়াধীশ গৰাকীয়ে কয় যে, ৰাজহুৱা সাক্ষ্যৰ সাক্ষী গ্ৰহণ কৰা কাৰ্যত পলম হৈছে যদিও তেওঁ প্ৰকৃত ঘটনাৰ পক্ষ হেৰুৱাব নোৱাৰে ৷ সেই সময়ত অভিযুক্তক বিচাৰি অভিযান চলাওতে আৰক্ষী যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল ৷ কাৰণ সেই সময়ত মানুহ শংকিত আৰু মৰ্মাহত হৈ আছিল ৷ যাৰ বাবে এই ঘটনাৰ প্ৰতিবেদন দাখিল কৰোতে সময় লাগিছিল ৷

তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 147 (সংঘৰ্ষ), 148 (ঘাতক মাৰণাস্ত্ৰৰে সংঘৰ্ষ), 149, 302(হত্যা), 395(ডকাইতি), 427(অনিষ্ট সাধন), 436 ( বিস্ফোৰকৰ দ্বাৰা অনিষ্ট সাধন) ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷

লগতে পঢ়ক : মই পৃথিৱীৰ বেছিভাগ কামেই জানো, সুশান্তই কেৱল দালালি কৰিব জানে: অখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.