মই পৃথিৱীৰ বেছিভাগ কামেই জানো, সুশান্তই কেৱল দালালি কৰিব জানে: অখিল

By

Published : Sep 16, 2021, 4:59 PM IST

thumbnail

থাওৰাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ তীব্ৰ বাক্যবাণ ৷ তূলা-ধুনা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা মন্ত্ৰী পীযুষ হাজৰিকা আৰু সুশান্ত বৰগোহাঁইক । শেহতীয়াকৈ অখিল গগৈৰ উপাৰ্জনৰ আহিলা আন্দোলন বুলি মন্তব্য আগবঢ়াইছিল ন-বিজেপি সুশান্ত বৰগোহাঁইয়ে । ইয়াৰ পাছতে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশেৰে তুলাধূনা দি সুশান্ত বৰগোহাঁইৰ উপাৰ্জনৰ পথ দালালি আৰু ছিণ্ডিকেট বুলি অভিহিত কৰাৰ লগতে চোৰেহে চোৰৰ ঠেং দেখে বুলি মন্তব্য আগবঢ়ায় । থাওৰা সমষ্টিত প্ৰৱঞ্চক সুশান্ত বৰগোহাঁইক ৰাইজে উচিত প্ৰত্যুত্তৰ দিবলৈ ৰৈ আছে, যাৰ বাবে সুশান্ত বৰগোহাঁইয়ে এতিয়া প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে আৰু বেছিকৈ প্ৰলাপ বকিলে অখিল গগৈয়ে নিজে ৰোপন কৰা বনৌষধিৰে চিকিৎসা কৰিবলৈও সাজু থকা বুলিও মন্তব্য আগবঢ়ায় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.