ETV Bharat / state

3 বজাৰ দহটা শীৰ্ষ খবৰ

author img

By

Published : Sep 1, 2021, 3:03 PM IST

TOP 10 AT 3PM
3 বজাৰ দহটা শীৰ্ষ খবৰ

3 বজাৰ দহটা শীৰ্ষ খবৰ

1. ৰঙা চিলিণ্ডাৰে জ্বলা কলা খুৱাইছে ৰাজ্যবাসীক

পুনৰ বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য ৷ 1 ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ 25 টকাকৈ বৃদ্ধি পাইছে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৷ বিগত 15 দিনৰ ভিতৰত ৰাজসাহায্য বিহীন এলপিজি চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি পাইছে ৷\

2. মহানগৰীৰ মাজমজিয়াত দিন-দুপৰতে নৃশংস হত্যাকাণ্ড

ৰাজ্যত আৰক্ষী প্ৰশাসন অধিক সক্ৰিয় হৈছে যদিও ইয়াৰ সমান্তৰালভাৱে সংঘটিত হৈছে হত্যা-ধৰ্ষণৰ দৰে ঘটনা ৷ আনহে নালাগে, মহানগৰীৰ মাজমজিয়াতো যেন এতিয়া সুৰক্ষিত নহয় নাগৰিক ৷

3. সকলো মুকলি হ'ল : নতুন SOP ঘোষণা চৰকাৰৰ

অসম চৰকাৰে ঘোষণা কৰিলে নতুন SOP ৷ বুধবাৰে দিনৰ 11 বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰে শিথিল কৰিছে সকলো ক'ভিড সংক্ৰান্তীয় বাধা নিষেধ ৷ জনতা ভৱনত সংবাদমেল সম্বোধন কৰি এই নতুন SOP ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

4. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধিকাংশ অঞ্চলে বানৰ কবলত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান সুৰক্ষাত নিয়োজিত বন সুৰক্ষা কৰ্মী-বিষয়াৰ সৈতে উদ্যানখনৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী কেশৱ মহন্তই ৷ উদ্যানত নিয়োজিত বন সুৰক্ষা কৰ্মী আৰু আৰক্ষী বাহিনীক ক'ভিড প্ৰতিষেধক প্ৰদানৰ বিশেষ ব্যৱস্থা কৰা হৈছে ৷

5. কংগ্ৰেছ-এ আই ইউ ডি এফে বিচ্ছেদৰ সাময়িক নাটক কৰিছে : বিজেপি

ভংগ হ’ল কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা ৷ দল দুটাৰ মিত্ৰতা ভংগক লৈ এতিয়া ৰাজ্যজুৰি চলিছে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ আনহে নালাগে শাসকীয় দলে বিজেপিয়েও এই সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া...

6. ভৌগলিক স্বীকৃতিপ্ৰাপ্ত কাৰ্বি আংলঙৰ আদাৰ বাবে ডাক বিভাগৰ বিশেষ কভাৰ

পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ আদা খেতিয়কসকললৈ আশব্যঞ্জক বাতৰি ৷ জিলাখনত উৎপাদিত আদাই জিঅ’গ্ৰাফীকেল ইণ্ডিকেশ্যন লাভ কৰাৰ পিছতে ডাক বিভাগে মুকলি কৰিলে নতুন কভাৰ ৷

7. ৰাজ্যৰ শিপিনীসকললৈ আহিছে এক সুখবৰ...

এতিয়াৰে পৰা উচিত বজাৰ মূল্যত নিজে বৈ উলিওৱা গামোচাসমূহ বিক্ৰীৰ সুবিধা লাভ কৰিব ৰাজ্যৰ শিপিনীসকলে ৷ এই বিষয়ে নতুন পৰিকল্পনা গ্ৰহণ কৰিছে ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে ৷

8. অ' বি বি শিক্ষকক পুৰণি পেঞ্চন নীতিত অন্তৰ্ভুক্ত কৰাৰ দাবী

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ২০০১ চনত নিযুক্তি পোৱা অ' বি বি শিক্ষকসকলৰ (OBB Teachers)। চৰকাৰে প্ৰৱঞ্চনা কৰাৰ অভিযোগ শিক্ষকসকলৰ । ধুবুৰীত চৰকাৰৰ বিৰুদ্ধে সংবাদমেলৰ আহ্বান জনালে ক্ষোভিত শিক্ষকসকলে ।

9. চৰকাৰৰ প্ৰস্তাৱিত শান্তি চুক্তিলৈ ৰাওঁনা আলোচনাপন্থী ছয় উগ্ৰপন্থী সংগঠন

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কাৰ্বি আংলঙৰ ছটা উগ্ৰপন্থী সংগঠনক শান্তি চুক্তিত স্বাক্ষৰিত কৰিবলৈ আমন্ত্ৰণ কৰিছে ৷ পিছে এতিয়াও শান্তি ঘূৰি আহিছে নে পাৰ্বত্য অঞ্চলটোত ?

10. চৰহা পোকৰ উপদ্ৰৱত অতিষ্ঠ টীয়কৰ কৃষকসকল

সম্প্ৰতি ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ ৷ বলীয়া বানত বুৰ গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অধিকাংশ কৃষি ভূমি ৷ বিমোৰত পৰিছে কৃষক ৷ তাৰ মাজতে আৰম্ভ হৈছে চৰহা পোকৰ সন্ত্ৰাস ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.