ETV Bharat / state

সকলো মুকলি হ'ল : নতুন SOP ঘোষণা চৰকাৰৰ

author img

By

Published : Sep 1, 2021, 1:16 PM IST

অসম চৰকাৰে ঘোষণা কৰিলে নতুন SOP ৷ বুধবাৰে দিনৰ 11 বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰে শিথিল কৰিছে সকলো ক'ভিড সংক্ৰান্তীয় বাধা নিষেধ ৷ জনতা ভৱনত সংবাদমেল সম্বোধন কৰি এই নতুন SOP ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

assam govt announces new sop
নতুন SOP ঘোষণা চৰকাৰৰ

গুৱাহাটী, ১ ছেপ্তেম্বৰ : বুধবাৰে দিনৰ ১১ বজাৰ পৰাই কাৰ্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰে প্ৰায় শিথিল কৰি দিছে সকলো ক'ভিড সংক্ৰান্তীয় বাধা-নিষেধ । ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বুধবাৰে জনতা ভৱনত এখন সংবাদমেলত ভাগ লৈ ঘোষণা কৰে এই নতুন SOP ।

কি কি থাকিব এই নতুন SOP ত ?

  • ৰাজ্যজুৰি নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈহে বলৱৎ থাকিব সান্ধ্য আইন ।
  • নিশা ৮ বজালৈ খোলা ৰাখিব পাৰিব সকলো দোকান-পোহাৰ ।
  • আন্তঃজিলা পৰিবহন মুকলি । এশ শতাংশ যাত্ৰীৰে চলিব যান-বাহন । যাত্ৰীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ।
  • আৰম্ভ হ'ব নৈশ বাছ সেৱা ৷
  • ৰাজহুৱা যান-বাহনত থিয় হৈ কোনো যাত্ৰী যাব নোৱাৰিব ।
  • এই নিয়ম ভংগ কৰা যান-বাহনৰ পঞ্জীয়ন আৰু চালকৰ লাইচেঞ্চ বাতিল কৰা হ’ব ।
  • চিনেমা হল পূৰ্বৰ দৰেই বন্ধ থাকিব । ভ্ৰাম্যমাণ থিয়েটাৰৰ আখৰা শিবিৰ চলি থাকিব পাৰিব ।
  • এপালি প্ৰতিষেধক লোৱা চৰকাৰী কৰ্মচাৰীও আহিব লাগিব কাৰ্যালয়লৈ ।
  • এপালিও প্ৰতিষেধক নোলোৱা চৰকাৰী কৰ্মচাৰীয়ে তিনিদিনৰ ভিতৰত প্ৰতিষেধক ল'ব লাগিব ।
  • আন্তঃজিলা যাতায়াত কৰিবলৈ কমেও এপালি প্ৰতিষেধক লোৱাটো বাধ্যতামূলক ।
  • বাইক আদিত যাত্ৰা কৰিব পাৰিব দুজনে ।
  • সোমবাৰৰ (৬ ছেপ্তেম্বৰ) পৰা পূৰ্ণোদ্যমে চলিব স্নাতকোত্তৰ, স্নাতক, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ আৰু সিবিলাকৰ সম পৰ্যায়ৰ পাঠদান ।
  • একোটা শ্ৰেণীকোঠাত সৰ্বাধিক ৩০ গৰাকী শিক্ষাৰ্থীয়ে পাঠ গ্ৰহণ কৰিব পাৰিব ।
  • শিক্ষাৰ্থী, শিক্ষক-কৰ্মচাৰী সকলোৱে কমেও এপালি প্ৰতিষেধক লোৱা হ’ব লাগিব ।
  • দুয়োপালি প্ৰতিষেধক লোৱা শিক্ষাৰ্থীহে হোষ্টেলত থাকিব পাৰিব ।
  • ৰাজহুৱা সভা-সমিতিত কমেও এপালি প্ৰতিষেধক লোৱা সৰ্বাধিক ৫০ গৰাকী লোক উপস্থিত থাকিব পাৰিব । ইয়াৰ বাবে কোনো অনুমতিৰ প্ৰয়োজন নহ'ব । কেৱল স্থানীয় থানাত আগতীয়াকৈ অৱগত কৰিব লাগিব ।
  • জিলা উপায়ুক্তৰ অনুমতি লৈ সভা-সমিতিত দুশ জনলৈকে লোকে ভাগ লব পাৰিব ।
  • বিবাহ, শেষকৃত্য বা যিকোনো মাংগলিক অনুষ্ঠানত সৰ্বাধিক ৫০ গৰাকী লোক উপস্থিত থাকিব পাৰিব ।
  • ধৰ্মীয় স্থানসমূহত ঘণ্টাত ৪০ গৰাকী দৰ্শনাৰ্থীক প্ৰৱেশৰ অনুমতি দিয়া হ’ব ।
  • সাপ্তাহিক বজাৰসমূহ ছয় ঘণ্টাৰ বাবে খোলা থাকিব ।
  • ৰে’ল ষ্টেচন আৰু বিমান বন্দৰত দুয়ো পালি প্ৰতিষেধক লোৱা যাত্ৰীয়ে ক'ভিড পৰীক্ষা নকৰিলেও হ’ব ।
  • কিন্তু এপালি প্ৰতিষেধক লোৱাসকলে পৰীক্ষা কৰিব লাগিব । তাৰ বাবে ২৫০ টকা আদায় দিব লাগিব ।

লগতে পঢ়ক : ক’ভিড ব্যৱস্থাপনাত হোৱা খৰচৰ অনাদায় ধন শীঘ্ৰেই পৰিশোধৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.