ETV Bharat / state

অ' বি বি শিক্ষকক পুৰণি পেঞ্চন নীতিত অন্তৰ্ভুক্ত কৰাৰ দাবী

author img

By

Published : Sep 1, 2021, 2:08 PM IST

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ২০০১ চনত নিযুক্তি পোৱা অ' বি বি শিক্ষকসকলৰ (OBB Teachers)। চৰকাৰে প্ৰৱঞ্চনা কৰাৰ অভিযোগ শিক্ষকসকলৰ । ধুবুৰীত চৰকাৰৰ বিৰুদ্ধে সংবাদমেলৰ আহ্বান জনালে ক্ষোভিত শিক্ষকসকলে ।

teacher press meet
অ বি বি শিক্ষকক পুৰণি পেঞ্চন নীতিত অন্তৰ্ভুক্ত কৰাৰ দাবী

ধুবুৰী,১ ছেপ্তেম্বৰ : বিজেপি চৰকাৰে ৰাজ্যত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ঘোষণা কৰিছে যদিও একাংশ ঠাইত বঞ্চিত শিক্ষকৰ প্ৰতিবাদ অব্যাহত আছে । এইবাৰ ধুবুৰী জিলাত একাংশ শিক্ষকে সংবাদমেলযোগে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে । অ' বি বি শিক্ষকসকলক পুৰণি পেঞ্চন নীতিত অন্তৰ্ভুক্ত কৰাৰ দাবী তুলিছে শিক্ষকসকলে । সোমবাৰে গৌৰীপুৰৰ মাটিয়াবাগত নিয়মীয়া অ' বি বি শিক্ষক সন্থাই এক সংবাদমেলযোগে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীবোৰ উত্থাপন কৰে ।

সংবাদমেলৰ পূৰ্বে শিক্ষক সন্থাৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । ধুবুৰী জিলা নিয়মীয়া অ' বি বি শিক্ষক সন্থাৰ সভাপতি পুলক দেৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে অৰ্ধ শতাধিক শিক্ষক-শিক্ষয়িত্ৰী । ২০০১ ত ফিক্সড পে'ত চৰকাৰী নিয়ম মতে নিযুক্তি লাভ কৰা এই শিক্ষকসকলক ২০০৮ চনত নিয়মীয়াকৰণ কৰা হয় ।

teacher press meet
অ বি বি শিক্ষকক পুৰণি পেঞ্চন নীতিত অন্তৰ্ভুক্ত কৰাৰ দাবী

তাৰ পাছতে নিযুক্তি লাভ কৰা জিলাখনৰ ৩৯৮ গৰাকী শিক্ষকক চৰকাৰৰ নতুন পেঞ্চন আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰে চৰকাৰে ।

ফলত ক্ষুব্ধ হৈ পৰে এই সকল শিক্ষক-শিক্ষয়িত্ৰী । উল্লেখ্য যে, সমগ্ৰ অসমত ২০০৪ চনৰ পূৰ্বে নিযুক্তি লাভ কৰা ৭,০৬৬ গৰাকী অ'বিবি (Operation Blackboard ) আঁচনিৰ অধীনত নিযুক্তি লাভ কৰি পৰ্যায়ক্ৰমে নিয়মীয়াকৰণ কৰা এই সকল শিক্ষক-শিক্ষয়িত্ৰীক কোনো যুক্তিতে নতুন পেঞ্চন নীতিৰ (NPS) অন্তৰ্ভুক্ত কৰিব নোৱাৰে বুলি যুক্তি আগবঢ়ায় শিক্ষকসকলে । মুঠতে এইসকল শিক্ষকক পুৰণি পেঞ্চন নীতিত (OPS) অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰে । অন্যথা তেওঁলোকে গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে ।

লগতে পঢ়ক :ধুবুৰীত মহিলাৰ বাবে আত্ম সুৰক্ষাৰ প্ৰশিক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.