ETV Bharat / state

মহানগৰীৰ মাজমজিয়াত দিন-দুপৰতে নৃশংস হত্যাকাণ্ড

author img

By

Published : Sep 1, 2021, 2:13 PM IST

ৰাজ্যত আৰক্ষী প্ৰশাসন অধিক সক্ৰিয় হৈছে যদিও ইয়াৰ সমান্তৰালভাৱে সংঘটিত হৈছে হত্যা-ধৰ্ষণৰ দৰে ঘটনা ৷ আনহে নালাগে, মহানগৰীৰ মাজমজিয়াতো যেন এতিয়া সুৰক্ষিত নহয় নাগৰিক ৷

Brutal murder at Guwahati
মহানগৰীৰ মাজমজিয়াত দুপৰীয়া নৃশংস হত্যাকাণ্ড

গুৱাহাটী, ১ ছেপ্টেম্বৰ : গুৱাহাটীৰ উজান বজাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ তথা জঘন্য হত্যাকাণ্ড ৷ উজান বজাৰৰ এটা ভাড়াঘৰৰ কোঠাত দুৰ্বৃত্তই নিৰ্মমভাৱে হত্যা কৰে এগৰাকী ১৪ বছৰীয়া কিশোৰীক ৷ মৃত কিশোৰীগৰাকীৰ ডিম্পল কোমাৱত বুলি জানিব পৰা হৈছে ৷

গুৱাহাটী ক্লাৱৰ এঞ্জেলছ্ অৱ গডৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী ডিম্পল ৷ ঘৰত কোনো নথকা সময়ত সংঘটিত হয় এই জঘন্য হত্যাকাণ্ডটো ৷ দুৰ্বৃত্তই চুৰি,কুকাৰ আৰু পতাগুটিৰে অতি নিৰ্মমভাৱে হত্যা কৰে কিশোৰীগৰাকীক ৷

ডিম্পলৰ মাতৃ-পিতৃ উজান বজাৰত এখন ৰেষ্টুৰেন্টৰ স্বত্বাধিকাৰী ৷ পুৱা মাতৃ-পিতৃ ৰেষ্টুৰেণ্টলৈ ওলাই যোৱাৰ পাছতেই সংঘটিত হয় এই হত্যাকাণ্ড ৷ দুপৰীয়া প্ৰায় ১২ বজাত ডিম্পলৰ জেঠায়েকে প্ৰত্যক্ষ কৰে কিশোৰীগৰাকীৰ মৃতদেহ ৷

জেঠায়েকে উল্লেখ কৰা অনুসৰি, তেওঁ ঘৰটোত প্ৰৱেশ কৰাৰ সময়ত ঘৰৰ দুৱাৰ খোলা আছিল ৷ ডিম্পলৰ দেহৰ বিভিন্ন অংশত চুৰিৰে আঘাত কৰাৰ লগতে কুকাৰেৰে প্ৰহাৰ কৰাৰ লগতে পতাগুটিৰেও মূৰত প্ৰহাৰ কৰিছিল হত্যাকাৰীয়ে ৷

লগতে পঢ়ক : গ্ৰাহকলৈ সকাহ : পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.