ETV Bharat / state

ৰাজ্যৰ শিপিনীসকললৈ আহিছে এক সুখবৰ...

author img

By

Published : Sep 1, 2021, 1:01 PM IST

এতিয়াৰে পৰা উচিত বজাৰ মূল্যত নিজে বৈ উলিওৱা গামোচাসমূহ বিক্ৰীৰ সুবিধা লাভ কৰিব ৰাজ্যৰ শিপিনীসকলে ৷ এই বিষয়ে নতুন পৰিকল্পনা গ্ৰহণ কৰিছে ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে ৷

ass_ghy_03_ handloom n textiles_ script_photo_7210450
ৰাজ্যৰ শিপিনী সকলৰ বাবে সুখবৰ

গুৱাহাটী, 1 ছেপ্তেম্বৰ : ৰাজ্যৰ শিপিনীসকলৰ বাবে সুখবৰ ৷ ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে (Handloom And Textile Department) ক’ভিড কালত শিপিনীসকলক সকাহ দিয়াৰ লগতে শিপিনী সকলে গামোচাৰ যাতে উচিত বজাৰ মূল্য লাভ কৰে তাৰ বাবে এক বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে ।

ass_ghy_03_ handloom n textiles_ script_photo_7210450
ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে

এই বিষয়ে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সঞ্চালক পৰাগমণি মহন্তই কয় যে, ৰাজ্যত ১২.৩৮ লাখ শিপিনী আছে । এই ক’ভিড কালত শিপিনীসকলক সকাহ দিয়াৰ লগতে তেওঁলোকে যাতে বোৱা গামোচাৰ উচিত বজাৰ মূল্য লাভ কৰে আৰু মধ্যভোগী নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখি এক পৰিকল্পনা কৰা হৈছে । য’ত শিপিনীসকলে তেওঁলোকে বোৱা গামোচা, আৰনাই আদি বিক্ৰী কৰিব পাৰিব ।

ass_ghy_03_ handloom n textiles_ script_photo_7210450
শুৱালকুছিলৈ যোৱা মুখ্য প্ৰৱেশদ্বাৰ

প্ৰথম পৰ্যায়ত ৰাজ্যৰ প্ৰায় ১ লাখ ২৩ হাজাৰ শিপিনীক এই আঁচনিৰ অধীনত সামৰি লোৱা হ’ব ৷ হস্ততাঁত বিভাগৰ সূতাৰ ভঁড়ালত পঞ্জীয়ন আৰু বেংক পাচবুক থকা শিপিনীসকলক সামৰি লোৱা হ’ব । শিপিনীসকলে তৈয়াৰ কৰি উলিওৱা সামগ্ৰীসমূহ বিক্ৰীৰ বাবে অসমৰ বিভিন্ন স্থানত ৮৭ টা কেন্দ্ৰ স্থাপন কৰা হ’ব ৷ ইয়াৰ উপৰিও শিপিনীসকলক বেংকৰ যোগেদি থিতাতে তেওঁলোকে বিক্ৰী কৰা গামোচাৰ মূল্য প্ৰদানৰ ব্যৱস্থা কৰা হ’ব ।

লগতে পঢ়ক : ইংৰাজীত শ্ৰীমদ্ভাগৱত গীতাৰ শ্লোক বৈছে হেমপ্ৰভা চুতীয়াই

শিপিনীসকলৰ গামোচাৰ মূল্য নিৰ্ধাৰণ কৰাৰ বাবে বিভাগটোৰ সঞ্চালককে ধৰি ৮-৯ জনীয়া এখন বিশেষ কমিটি গঠন কৰা হ’ব । শিপিনীসকলে কেন্দ্ৰসমূহত গামোচা বিক্ৰী কৰিবলৈ গ’লে কেন্দ্ৰত বিশেষ কমিটিয়ে গামোচাৰ মূল্য নিৰ্ধাৰণ কৰি দিব ।

ass_ghy_03_ handloom n textiles_ script_photo_7210450
ৰাজ্যৰ শিপিনী সকলৰ বাবে সুখবৰ

এই কেন্দ্ৰসমূহত প্ৰতিগৰাকী শিপিনীয়ে সৰ্বাধিক ১০০ খন গামোচা বিক্ৰী কৰিব পাৰিব । হস্ততাঁত বিভাগে ক্ৰয় কৰা গামোচাসমূহ আৰ্টফেড আৰু প্ৰাগজ্যোতিকাই বিক্ৰী কৰিব । তেওঁলোকে ১০% লাভতহে গামোচা সমূহ বিক্ৰী কৰিব পাৰিব । প্ৰথম পৰ্যায়ত ৬ দিনীয়াকৈ কেন্দ্ৰসমূহত শিপিনীসকলৰ বাবে গামোচা বিক্ৰীৰ ব্যৱস্থা কৰাৰ লগতে গামোচাবোৰত বাৰকোডৰ ব্যৱস্থা কৰা হ’ব বুলি মন্তব্য কৰে পৰাগমণি মহন্তই ।

ass_ghy_03_ handloom n textiles_ script_photo_7210450
ৰাজ্যৰ শিপিনী সকলৰ বাবে সুখবৰ

মহন্তই লগতে কয় যে, গামোচাসমূহত জিঅ’ টেগিং কৰাৰ চিন্তা চৰ্চা কৰা হৈছে । এই পৰিকল্পনাটোৰ প্ৰস্তাৱ ৰাজ্য চৰকালৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ৷ অসমত হস্ততাঁত বিভাগৰ ৩৩ টা সূতাৰ ভঁড়াল আছে । সূতাৰ ভঁড়ালত পঞ্জীয়ন থকা শিপিনীসকলে পূৰ্বতে ৩০% ৰেহাই মূল্যত সূতা ক্ৰয় কৰিছিল ৷ কিন্তু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 2022 চনৰ 31 মাৰ্চলৈ 50 শতাংশ ৰেহাই মূল্যত সূতা দিয়াৰ ব্যৱস্থা কৰিছে ।

ass_ghy_03_ handloom n textiles_ script_photo_7210450
ৰাজ্যৰ শিপিনী সকলৰ বাবে সুখবৰ

উল্লেখ্য যে, অসমীয়া শিপিনীৰ থলুৱা গামোচাক এখন বজাৰ দিবলৈ চৰকাৰে এক পদক্ষেপ গ্ৰহণ কৰিছে । ইতিমধ্যে এই পৰিকল্পনাৰ বাবে বাজেটত ৮০ কোটি টকা ধাৰ্য কৰিছে ।

লগতে পঢ়ক : লক ডাউনে কেনেকুৱা প্ৰভাৱ পেলাইছে বস্ত্ৰনগৰী শুৱালকুছিত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.