ETV Bharat / state

ইংৰাজীত শ্ৰীমদ্ভাগৱত গীতাৰ শ্লোক বৈছে হেমপ্ৰভা চুতীয়াই

author img

By

Published : Jun 28, 2021, 6:15 PM IST

এখনৰ পিছত আনখন ধৰ্মগ্ৰন্থ তাঁত শালত বৈছে মৰাণৰ হেমপ্ৰভা চুতীয়াই । তেওঁৰ হাতত যেন যাদুহে আছে । নিখুঁতভাৱে গুণমালা, নামঘোষা বোৱাৰ পিছত এইবাৰ শ্ৰীমদ্ভাগৱত গীতাৰ শ্লোক ইংৰাজীত বৈছে শিপিনীগৰাকীয়ে । এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক প্ৰতিবেদন ।

unique weaver Hemprabha Chutia
ইংৰাজীত শ্ৰীমদ্ভাগৱত গীতাৰ শ্লোক বৈছে হেমপ্ৰভা চুতীয়াই

মৰাণ, ২৮ জুন : মৰাণৰ শিপিনী হেমপ্ৰভা চুতীয়াৰ হাতৰ পৰশত এক অনন্য ৰূপত বস্ত্ৰত জিলিকি উঠিছে শ্ৰীমদ্ভাগৱত গীতাৰ শ্লোক । নিখুঁতভাৱে তিনিখনকৈ ধৰ্মগ্ৰন্থ কাপোৰত বৈ উলিওৱাৰ পাছত এইবাৰ ইংৰাজীত শ্ৰীমদ্ভাগৱত গীতাৰ শ্লোক বৈছে শিপিনী হেমপ্ৰভা চুতীয়াই । মৰাণৰ ফটিকাছোৱা অভয়পুৰীয়া গাঁৱৰ নিবাসী হেমপ্ৰভা চুতীয়াই শ্ৰীমদ্ভাগৱত গীতাৰ শ্লোকবোৰ বিগত তিনি বছৰ ধৰি বৈ আছে ।

অতি কম দিনৰ ভিতৰতে গ্ৰন্থখন সম্পূৰ্ণ হৈ উঠিব বুলি প্ৰকাশ কৰিছে শিপিনীগৰাকীয়ে । খগেশ্বৰ চুতীয়া আৰু আইকন চুতীয়াৰ জ্যেষ্ঠা কন্যা হেমপ্ৰভা চুতীয়াই শৈশৱ কালতে নামঘৰত অথবা যিকোনো ধৰ্মীয় অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ বিৰচিত ধৰ্মগ্ৰন্থৰ আধ্যাত্মিক ৰসত বিমুগ্ধ হৈ গুণমালা, নামঘোষা, শ্ৰীমদ্ভাগৱত গীতা এই গ্ৰন্থ কেইখন কাপোৰত বোৱাৰ সপোন মনত পুহি ৰাখিছিল ৷ অৱশেষত ২০১২ চনৰ ২২ জুলাইত এই সপোনে বাস্তৱ ৰূপ পায় ৷

ইংৰাজীত শ্ৰীমদ্ভাগৱত গীতাৰ শ্লোক বৈছে হেমপ্ৰভা চুতীয়াই

প্ৰথমে ১৮ ইঞ্চি বহল, ৮০ ফুট দীঘলকৈ মূগা সূতাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'গুণমালা' কাপোৰত বৈ উলিয়ায় । ২০১৪ চনৰ মে' মাহত শিপিনীগৰাকীৰ প্ৰথম প্ৰয়াস গুণমালা গ্ৰন্থ ফটিকাছোৱা অভয়পুৰীয়া গাঁওস্থিত শ্ৰীশ্ৰী কালশিলা সত্ৰত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ৷

ইয়াৰ পাছত ২০১৪ চনৰ ১০ আগষ্টত মাধৱদেৱৰ নামঘোষা বোৱাৰ কাম আৰম্ভ কৰে হেমপ্ৰভা চুতীয়াই ৷ দুবছৰৰ ভিতৰতে ১০০১ভাগ ঘোষা সন্নিৱিষ্ট থকা নামঘোষা বহলে ২ ফুট আৰু দীঘে ২০০ ফুট বস্ত্ৰত বৈ উলিয়ায় শিপিনীগৰাকীয়ে । ২০১৬ চনৰ ৪ ডিচেম্বৰত আৰম্ভ কৰিলে শ্ৰীমদ্ভাগৱত গীতাৰ সংস্কৃত আৰু ইংৰাজী সংস্কৰণক বস্ত্ৰত ৰূপ দিয়াৰ কাম ৷ ১৫০ ফুট দীঘল আৰু দুফুট বহল শ্ৰীমদ্ভাগৱত গীতাৰ সংস্কৃত সংস্কৰণভাগ ২০১৮ চনৰ ৪ জুলাইত সমাপ্ত হৈছে যদিও ইংৰাজী সংস্কৰণভাগ প্ৰস্তুতৰ কাম এতিয়াও অব্যাহত আছে ৷

পিছে প্ৰতিভাৱান শিপিনীগৰাকীয়ে আশা কৰা ধৰণে কোনো সহযোগিতা লাভ কৰা নাই চৰকাৰৰ তৰফৰ পৰা । ২০১৯ চনৰ ৮ মাৰ্চত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটা ক্ষুদ্ৰ সংগ্ৰহালয় নিৰ্মাণৰ ব্যয় প্ৰদান আৰু সাংস্কৃতিক মন্ত্ৰী নৱ দলে আৰ্থিক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া কাৰ্যকৰী নহ'ল ৷ আনকি, স্থানীয় বিধায়ক চক্ৰধৰ গগৈয়েও এক লাখ টকাৰ অনুদান দিয়াৰ কথা ঘোষণা কৰিছিল যদিও সেয়া প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল ৷

চৰকাৰী সাহায্য নাপালেও প্ৰয়াস অব্য়াহত ৰাখিছে শিপিনী হেমপ্ৰভা চুতীয়াই । গুণমালা গ্ৰন্থভাগ নিজৰ সাঁচতীয়া ধন ব্যয়েৰে বৈছিল যদিও পিছত তেওঁ স্থানীয় কেইবাগৰাকীও ব্যক্তিয়ে সাধ্য অনুসৰি আৰ্থিক সাহায্য আগবঢ়াইছে । কিন্তু এয়া পৰ্যাপ্ত নহয় । তেওঁৰ এই অনন্য শিল্পক জীয়াই ৰাখিবলৈ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ আৰু আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ এতিয়া তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে ।

লগতে পঢ়ক: আজিও অনিশ্চয়তাত ভূ-স্বৰ্গৰ শান্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.