ETV Bharat / city

কংগ্ৰেছ-এ আই ইউ ডি এফে বিচ্ছেদৰ সাময়িক নাটক কৰিছে : বিজেপি

author img

By

Published : Sep 1, 2021, 2:19 PM IST

ভংগ হ’ল কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা ৷ দল দুটাৰ মিত্ৰতা ভংগক লৈ এতিয়া ৰাজ্যজুৰি চলিছে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ আনহে নালাগে শাসকীয় দলে বিজেপিয়েও এই সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া...

bjp reaction_on_ aiudf-congress-alliance
বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা

গুৱাহাটী, ৩১ আগষ্ট : কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত থকা ৰাজনৈতিক মিত্ৰতা ভংগ কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছে গ্ৰহণ কৰা প্ৰস্তাৱ এক ৰাজনৈতিক ভণ্ডামিৰ বাহিৰে আন একো নহয় । এই অভিযোগ ৰাজ্যিক বিজেপিৰ । বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি দলৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই এই কথা ব্যক্ত কৰে ৷

বিজেপি দলৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে দুয়োটা দলক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে সংবাদমেলত কয় যে, এ আই ইউ ডি এফ দল গঠন হৈছিল কেইবাটাও মৌলবাদী সংস্থা আৰু কংগ্ৰেছৰ পৃষ্ঠপোষকতাত আৰু দলটো প্ৰতিষ্ঠা হোৱা দিনৰে পৰা আজি পর্যন্ত কংগ্ৰেছৰ সহায় হ'ব পৰাকৈ কামকাজ কৰি আছে ।

বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা

এক কথাত ক'বলৈ হ’লে সচেতন অসমবাসীয়ে জানে যে, বদৰদ্দিন আজমলৰ এ আই ইউ ডি এফ আৰু কংগ্ৰেছ একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি । কংগ্ৰেছ আৰু এ আই ইউ ডি এফে আলিংগন-বিচ্ছেদৰ নাটকেৰে ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে বুলি মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ ।

লগতে পঢ়ক : এ আই ইউ ডি এফৰে কংগ্ৰেছৰ মিত্ৰতা ভংগ : কংগ্ৰেছৰ ক'ৰ কমিটিৰ বৈঠকত সিদ্ধান্ত

তেওঁ লগতে কয় যে, প্ৰতিজন অসমবাসীয়ে জানে যে দল দুটাৰ এই অনৈতিক মিত্ৰতা পূৰ্বতেও আছিল, বর্তমানেও আছে আৰু ভৱিষ্যতলৈও থাকিব ।

যিহেতু বিধানসভাৰ আগন্তক উপ নিৰ্বাচন মূলতঃ খিলঞ্জীয়াৰ প্ৰভুত্ব থকা এলেকাত হ’ব, গতিকে এই সমষ্টিকেইটাত পূৰ্ব বংগীয় মুছলিম অর্থাৎ মিঞা ভোটাৰৰ সংখ্যা প্ৰায় নায়েই ৷ যাৰবাবে কংগ্ৰেছক সদ্যহতে এ আই ইউ ডি এফৰ সহায়ৰ প্ৰয়োজন নাই । সেয়ে নাটক কৰিছে ৷ এই বিচ্ছেদ অতি সাময়িক আৰু উপ-নিৰ্বাচন শেষ হোৱাৰ পাছতেই মাকৰ ঘৰৰ পৰা এ আই ইউ ডি এফ পুনৰ ঘূৰি আহিব ।

তেওঁ আৰু কয়, অসমবাসী ৰাইজে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ প্ৰতি গভীৰ আস্থা প্ৰকাশ কৰিছে আৰু ভৱেশ কলিতা নেতৃত্বাধীন ৰাজ্যিক বিজেপিৰ 'সেৱাই সংগঠন' মন্তব্যত বিশ্বাস ৰাখিছে । অসমবাসীয়ে কেতিয়াও এই পবিত্ৰ জন্মভূমিৰ সাংস্কৃতিক, সামাজিক, অর্থনৈতিক তথা ৰাজনৈতিক অধিকাৰ কংগ্ৰেছ তথা এ আই ইউ ডি এফৰ মূল চালিকা শক্তি মিঞাৰ হাতত অর্পণ নকৰে । মিত্ৰতা কিছুদিনৰ বাবে ভংগ কৰাৰ নাটকে এই সংকল্পৰ পৰা অসমবাসীক বিচ্যুত কৰিব নোৱাৰে ।

লগতে পঢ়ক : মহাজোঁট ভংগ : তেজপুৰত ৰিপুণ বৰাৰ বিস্ফোৰণ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.