এ আই ইউ ডি এফৰে কংগ্ৰেছৰ মিত্ৰতা ভংগ : কংগ্ৰেছৰ ক'ৰ কমিটিৰ বৈঠকত সিদ্ধান্ত

author img

By

Published : Aug 30, 2021, 10:20 PM IST

conggress

সোমবাৰে অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ কক্ষত দলৰ সভাপতি ভূপেন বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় প্ৰদেশ কংগ্ৰেছৰ ক'ৰ কমিটিৰ বৈঠক । এই ক'ৰ কমিটিৰ বৈঠকত আনুষ্ঠানিকভাৱে এ আই ইউ ডি এফৰে মিত্ৰতা ভংগ কৰিবলৈ আৰু মহাজোটৰ পৰা এ আই ইউ ডি এফক বিদায় দিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

গুৱাহাটী, ২৯ আগষ্ট : বহু ৰাজনৈতিক চৰ্চা আৰু জল্পনা-কল্পনাৰ অৱসান ঘটাই সোমবাৰে আনুষ্ঠানিকভাৱে ভংগ হ'ল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা । কংগ্ৰেছ নেতৃত্বাধীন মহাজোটৰ পৰা বিদায় দিয়া হ'ল বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফক । লগে লগে অৱসান ঘটিল দুয়োদলৰ মিত্ৰতাৰ ৷

কংগ্ৰেছৰ ক'ৰ কমিটিৰ বৈঠক

সোমবাৰে অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ কক্ষত দলৰ সভাপতি ভূপেন বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় প্ৰদেশ কংগ্ৰেছৰ ক'ৰ কমিটিৰ বৈঠক । বিয়লি তিনি বজাৰ পৰা অনুষ্ঠিত এই বৈঠক চলে সন্ধিয়া প্ৰায় চাৰে সাত বজালৈ । সুদীৰ্ঘ চাৰে চাৰি ঘন্টীয়া এই ক'ৰ কমিটিৰ বৈঠকত আনুষ্ঠানিকভাৱে এ আই ইউ ডি এফৰে মিত্ৰতা ভংগ কৰিবলৈ আৰু মহাজোটৰ পৰা এ আই ইউ ডি এফক বিদায় দিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

মঙলবাৰে এই প্ৰস্তাৱ নিখিল ভাৰত কংগ্ৰেছ কমিটিলৈ প্ৰেৰণ কৰা হ’ব । ইপিনে, বি পি এফৰ কেতবোৰ কাম-কাজে মহাজোটক বিমোৰত পেলোৱাৰ পৰিপ্ৰেক্ষিতত দলটো মহাজোটৰ লগত থাকিব নে নাথাকে সেয়া স্পষ্ট কৰিবলৈও আহ্বান জনোৱা হয় ।

সুদীৰ্ঘ সময়জুৰি চলা এই বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত এই সিদ্ধান্ত ৰাজহুৱা কৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই । ক'ৰ কমিটিৰ বৈঠকত এ আই ইউ ডি এফৰে মিত্ৰতা ভংগৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱ সংবাদমাধ্যমৰ আগত পাঠ কৰে কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে ।

কংগ্ৰেছৰ ক'ৰ কমিটিৰ বৈঠক

আনহাতে, দলৰ সভাপতি ভূপেন বৰাই কয় যে, এই বৈঠকত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । সেই অনুসৰি আহি থকা দিন বিলাকত অনুষ্ঠিত হ’বলগীয়া কেইবাটাও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত দলীয় সকলো সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে এখন আঠজনীয়া সমিতি গঠন কৰা হয় ।

এই আঠজনীয়া সমিতি খনত আছে সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, কমলাক্ষ্য দে' পুৰকায়স্থ, জাকিৰ হুছেইন শিকদাৰ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন আৰু প্ৰাক্তন মন্ত্ৰীদ্বয় প্ৰণতি ফুকন আৰু বসন্ত দাস ।

আনহাতে, ৰাজ্য চৰকাৰৰ শেহতীয়া কেতবোৰ কামকাজৰ বিৰোধিতা কৰিও আজি ক'ৰ কমিটিৰ বৈঠকত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক : অৰ্জুনৰ দৰে মোৰো এতিয়া এটাই লক্ষ্য, বিজেপিক উৎখাত কৰা: গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.