ETV Bharat / state

মহাজোঁট ভংগ : তেজপুৰত ৰিপুণ বৰাৰ বিস্ফোৰণ !

author img

By

Published : Aug 31, 2021, 10:34 PM IST

মঙলবাৰে তেজপুৰত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই মহাজোঁট সম্পৰ্কত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে ৷ ৰিপুণ বৰাৰ এই মন্তব্যৰ সবিশেষ জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন ৷

ex apcc president ripun bora rects on breakdown in mahagathbandhan
মহাজোঁট ভংগ : তেজপুৰত ৰিপুণ বৰাৰ বিস্ফোৰণ !

তেজপুৰ,৩১আগষ্ট : বিজেপিক ৰুধিবলৈ সকলো বিৰোধী দল একগোট হোৱাটো প্ৰয়োজন ৷ এই ক্ষেত্ৰত এ আই ইউ ডি এফৰো প্ৰাসংগিকতা আছে ৷ পূৰ্বতেও এ আই ইউ ডি এফ মহাজোঁটৰ অংশীদাৰ হোৱাৰ সিদ্ধান্ত হাই কমাণ্ডৰ আছিল ৷ সেই ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ সিদ্ধান্ত নিজাববীয়া নাছিল ৷ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰিপুন বৰাৰ ৷

প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই লগতে মন্তব্য কৰে যে, বিগত বিধান সভাৰ নিৰ্বাচনত এ আই ইউ ডি এফৰে মিত্ৰতাৰ সিদ্ধান্ত শুদ্ধ আছিল ৷ এই মহাজোঁটে চৰকাৰ গঠন কৰিব নোৱাৰিলেও ব্যাপকভাৱে জনমত গঠন কৰিছিল আৰু মাত্ৰ 14 খন আসন লাভ কৰিলেই চৰকাৰ গঠন হ’ল হেঁতেন ৷ ইয়াৰোপৰি, অখিল গগৈয়ে কংগ্ৰেছক সমৰ্থন কৰা হ’লে চৰকাৰ গঠন কৰিব পৰা গল হেতেন বুলিও প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গৰাকীয়ে প্ৰকাশ কৰে ।

মহাজোঁট ভংগ : তেজপুৰত ৰিপুণ বৰাৰ বিস্ফোৰণ !

সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰিপুন বৰাই কয়, অখিল গগৈ কংগ্ৰেছৰ বাবে সম্পদ নে বিপদ হ’ব সেয়া এতিয়াই কোৱাটো টান ৷ অখিল গগৈৰ ভূমিকা আগন্তুক দিনত কেনে হয় সেয়াও পৰবৰ্তী সময়ত নিৰূপন হ’ব ৷ মুখ্যমন্ত্ৰী হ’ব নোৱাৰিলেও মহাজোটৰ বাবেই কংগ্ৰেছ লাভবান হৈছিল বুলি তেওঁ মন্তব্য কৰে ৷

আনহাতে, যোৱা বিধান সভা নিৰ্বাচনৰ সময়ত অখিল গগৈক মহাজোটত অংশীদাৰ হোৱাৰ ক্ষেত্ৰত সাংসদ গৌৰৱ গগৈ আৰু প্ৰদ্যুত বৰদলৈয়ে বাধা দিয়া বুলি অখিলে কৰা মন্তব্যৰ সম্পৰ্কত বিশেষ মন্তব্য নিদিয়ে তেওঁ ৷ এ আই ইউ ডি এফ সাম্প্ৰদায়িক দল নহয় কিন্তু বিজেপি সাম্প্ৰদায়িক বুলি মন্তব্য কৰে বৰাই ৷ কংগ্ৰেছ দলে এ আই ইউ ডি এফক মহাজোঁটৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত কিমান শুদ্ধ সেয়া সময়ত প্ৰমাণ হ’ব বুলিও মঙলবাৰে ৰিপুন বৰাই এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

লগতে পঢ়ক : শিলচৰ বিমান বন্দৰত কৰ্তব্যৰত লোকক আক্ৰমণ; আটক কায়ুম আলীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.