শিলচৰ বিমান বন্দৰত কৰ্তব্যৰত লোকক আক্ৰমণ; আটক কায়ুম আলীক

By

Published : Aug 31, 2021, 5:21 PM IST

thumbnail

সোমবাৰে, শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰত সৃষ্টি হ’ল এক উত্তপ্ত পৰিস্থিতি ৷ চৰকাৰী ক’ভিড নীতি পালন কৰিবলৈ ক‌োৱাৰ বাবেই সুৰক্ষা কৰ্মী আৰু স্বাস্থ্য কৰ্মীৰ গাত হাত দিলে এজন বিমান যাত্ৰীয়ে । উল্লেখযোগ্য যে, বহিঃৰাজ্যৰ পৰা অসমলৈ অহা যাত্ৰীজনক ক’ভিড পৰীক্ষাৰ বাবে অৱগত কৰিছিল কৰ্তব্যৰত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকলে । কিন্তু, যাত্ৰী জনে স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকলৰ কথা নামানি খং প্ৰকাশ কৰি স্বাস্থ্য বিভাগৰ কৰ্মচাৰীক আক্ৰমণ কৰি পলাই যাবলৈ চেষ্টা কৰে । গেটত থকা সুৰক্ষা কৰ্মীয়ে লোকজনক ধৰিবলৈ চেষ্টা কৰোতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । এই খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় উধাৰবন্দ আৰক্ষী চকীৰ উপ পৰিদৰ্শক অংকুৰ শইকীয়া । ইয়াৰ পিছত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকলে জাৰি কৰা এক গোচৰৰ ভিত্তিত জামিন বিহীন ধাৰাত গ্ৰেপ্তাৰ কৰা হয় আব্দুল কায়ুম নামৰ বিমান যাত্ৰীজনক ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.