ETV Bharat / state

চৰকাৰৰ প্ৰস্তাৱিত শান্তি চুক্তিলৈ ৰাওঁনা আলোচনাপন্থী ছয় উগ্ৰপন্থী সংগঠন

author img

By

Published : Sep 1, 2021, 10:32 AM IST

Updated : Sep 1, 2021, 3:32 PM IST

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কাৰ্বি আংলঙৰ ছটা উগ্ৰপন্থী সংগঠনক শান্তি চুক্তিত স্বাক্ষৰিত কৰিবলৈ আমন্ত্ৰণ কৰিছে ৷ পিছে এতিয়াও শান্তি ঘূৰি আহিছে নে পাৰ্বত্য অঞ্চলটোত ?

6 MILLITANTS GROUP SETOUT FOR SIGN PEACE ACCORD TO DELHI
চৰকাৰৰ প্ৰস্তাৱিত শান্তি চুক্তিলৈ ৰাওঁনা আলোচনাপন্থী ছয় উগ্ৰপন্থী সংগঠন

ডিফু, ১ ছেপ্তেম্বৰ : দিল্লীত হ’বলগীয়া প্ৰস্তাৱিত শান্তি চুক্তি স্বাক্ষৰিত কৰিবলৈ বুধবাৰে পুৱা ডিফুৰ পৰা ৰাওঁনা হয় কাৰ্বি আংলঙৰ ছটাকৈ আলোচনাপন্থী উগ্ৰপন্থী সংগঠন ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ আমন্ত্ৰণমৰ্মে দিল্লীত ৪ ছেপ্তেম্বৰত উক্ত চুক্তি স্বাক্ষৰিত কৰিবলৈ ৰাওঁনা হয় উগ্ৰপন্থী সংগঠনকেইটা ৷ জানিব পৰা মতে, কে এন এল এফ, কে পি এল টিৰ তিনিটা গোট, পি ডি চি কে আৰু ইউ পি এল এৰ সৈতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এই চুক্তি স্বাক্ষৰ কৰিব ৷

6-millitants-group-setout-for-sign-peace-accord-to-delhi
চৰকাৰৰ প্ৰস্তাৱিত শান্তি চুক্তিলৈ ৰাওঁনা আলোচনাপন্থী ছয় উগ্ৰপন্থী সংগঠন

বুধবাৰে পুৱা ডিফুৰ পৰা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাছযোগে গুৱাহাটীলৈ ৰাওনা হয় উগ্ৰপন্থী সংগঠনকেইটাৰ নেতৃবৰ্গ আৰু কেডাৰ ৷ বিয়লি বিমানযোগে দিল্লীত উপস্থিত হ’ব আলোচনাত অংশগ্ৰহণ কৰিবলগীয়া সংগঠনকেইটা ৷

চৰকাৰৰ প্ৰস্তাৱিত শান্তি চুক্তিলৈ ৰাওঁনা আলোচনাপন্থী ছয় উগ্ৰপন্থী সংগঠন

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কে এন এল এফৰ অধ্যক্ষ পি দিলীয়ে কয় যে, ‘কাৰ্বি আংলঙৰ ৰাইজৰ স্বাৰ্থৰ খাতিৰত জিলাখনৰ আলোচনাপন্থী ছয়টাকৈ উগ্ৰপন্থী সংগঠনৰে হ’ব এই প্ৰস্তাৱিত শান্তি চুক্তি ৷ শান্তি চুক্তিৰ বাবে নিৰ্ধাৰিত চৰ্তসমূহ যাতে চৰকাৰে মানি লৈ এক ফলপ্ৰসু সমাধানৰ মাধ্যমেৰে শান্তি চুক্তিখন স্বাক্ষৰিত হয় তাৰবাবে কাৰ্বি আংলংবাসী ৰাইজৰ পৰা আশীৰ্বাদ কামনা কৰে নেতাজনে ৷’

6-millitants-group-setout-for-sign-peace-accord-to-delhi
চৰকাৰৰ প্ৰস্তাৱিত শান্তি চুক্তিলৈ ৰাওঁনা আলোচনাপন্থী ছয় উগ্ৰপন্থী সংগঠন

আনহাতে, কে পি এল টি দুটা গোটৰ কেডাৰসকলে প্ৰস্তাৱিত শান্তি চুক্তিত অংশগ্ৰহণ কৰিবলৈ সুযোগ পোৱাৰ বাবে সুখী বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে, কাৰ্বি আংলঙৰ দীৰ্ঘদিনীয়া আকাংক্ষাৰ লগতে জিলাখনলৈ অধিক ক্ষমতা অনাতো কিমানদূৰ বাস্তৱায়িত হয়, সেয়া চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক : ৪ ছেপ্তেম্বৰত কাৰ্বি আংলঙৰ ৬ উগ্ৰপন্থী সংগঠনৰ সৈতে কেন্দ্ৰৰ শান্তি চুক্তি

Last Updated :Sep 1, 2021, 3:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.