ETV Bharat / state

চৰহা পোকৰ উপদ্ৰৱত অতিষ্ঠ টীয়কৰ কৃষকসকল

author img

By

Published : Sep 1, 2021, 12:32 PM IST

teok-damage-paddy-field
টীয়কৰ পথাৰত চৰহা পোকৰ তাণ্ডৱ

সম্প্ৰতি ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ ৷ বলীয়া বানত বুৰ গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অধিকাংশ কৃষি ভূমি ৷ বিমোৰত পৰিছে কৃষক ৷ তাৰ মাজতে আৰম্ভ হৈছে চৰহা পোকৰ সন্ত্ৰাস ৷

টীয়ক, 1 ছেপ্টেম্বৰ : ৰাজ্যৰ খেতিয়কসকলৰ সমস্যাৰ যেন কোনো অন্ত নাই ৷ নিম্ন মানদণ্ডৰ বীজৰ পৰা আৰম্ভ কৰি বানত শস্য নষ্ট হোৱালৈকে কৃষকসকলৰ প্ৰায় এশ এবুৰি সমস্যা ৷ এটোপাল কেঁচা ঘামৰ বিনিময়ত কৰা খেতিও যদি এনেদৰে নষ্ট হৈ পৰে, তেন্তে মূৰে-কপালে হাত দিয়াৰ বাহিৰে কৃষকসকলৰ অন্য পথ নাথাকে ৷ এইবেলিও বাৰিষাৰ বানৰ তাণ্ডৱ অব্যাহত থকাৰ উপৰিও কৃষকসকলৰ মাজত দেখা দিছে অন্য এক সমস্যা ৷ বিগত কিছুদিনৰ পৰা যোৰহাটৰ ভিন্ন প্ৰান্তৰ খেতিপথাৰসমূহত উপদ্ৰৱ চলাইছে চৰহা পোকে ৷

চৰহা পোকৰ উপদ্ৰৱত অতিষ্ঠ টীয়কৰ কৃষকসকল

বিঘাই বিঘাই ধাননিত চৰহা পোকে চলোৱা তাণ্ডৱত কৃষকসকলে ত্ৰাহি মধুসূদন দেখিছে ৷ লক্ষণীয়ভাৱে এই বিষয়ে কৃষি বিভাগক কৃষকসকলে অৱগত কৰাৰ পাছতো গ্ৰহণ কৰা নাই বিহিত ব্যৱস্থা ৷ ফলত উপায়বিহিন কৃষকসকলে মূৰে-কপালে হাত দিয়া বাহিৰে বিচাৰি পোৱা নাই অন্য পথ ৷

উল্লেখ্য যে, যোৱা কেইবাটাও বছৰত খেতি পথাৰসমূহৰ প্ৰায় ৫০/৬০ বিঘা ভূমিত চৰহা পোকে তাণ্ডৱ চলাই কৃষকৰ সপোন তচ-নচ কৰি আহিছে ৷ তাৰপিছতো কিন্তু কৃষি বিভাগে নুন্যতম ব্যৱস্থা গ্ৰহণ কৰিয়েই দায়িত্ব সামৰে ৷ যাৰ ফলত পথাৰত পোকৰ মাত্ৰা হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধিহে হৈছে ৷ চৰকাৰৰ বিয়াগোম কৃষি বিভাগটোক কেৱল কথাৰ ফুলজাৰি মাৰি নাথাকি, প্ৰকৃততে পথাৰত কৃষকসকলৰ সা-সুবিধা কৰি সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে কৃষকসকলে ৷

লগতে পঢ়ক : বানাক্ৰান্ত কৃষকক চৰকাৰে প্ৰদান কৰিব ক্ষতি পূৰণ : অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.