ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Jan 29, 2022, 1:43 PM IST

top 10 at 1 pm
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি...

মাজনিশালৈকে চলা শুনানিত কি পালে নগাঁও এনকাউণ্টাৰৰ তদন্তকাৰী বিষয়াই

মাজনিশা সম্পন্ন হ'ল কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ তদন্তৰ শুনানি (Public hearing on Kirtikamla Bora enconter)। নিশা অভিযুক্ত আৰক্ষী প্ৰদীপ বনিয়াক দীঘলীয়া জেৰা তদন্তকাৰী বিষয়াৰ। গ্ৰহণ কৰিলে বহুকেইজন প্ৰত্যক্ষদর্শীৰ সাক্ষ্য। অপেক্ষা এতিয়া তদন্তৰ প্ৰতিবেদনলৈ।

অৱশেষত স্থগিত হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা

গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্নাতকোত্তৰ প্ৰথম আৰু তৃতীয় চেমিষ্টাৰৰ পৰীক্ষা স্থগিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Gauhati University post graduate exam postponed)। স্নাতকোত্তৰৰ চেমিষ্টাৰৰ পৰীক্ষাৰ পুনৰ নিৰ্দ্ধাৰিত সময়সূচী পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হ'ব বুলি জাননীৰ জৰিয়তে জনোৱা হৈছে ৷

Assam Covid 19 Update : পুনৰ 2,861 গৰাকী লোক আক্ৰান্ত হয় ক’ভিডত

ৰাজ্যত অব্যাহত আছে ক’ৰণাৰ সংক্ৰমণ (Covid 19 cases increasing in Assam) ৷ অসমত শুকুৰবাৰে 41,134 গৰাকী লোকৰ ক’ভিড পৰীক্ষণ কৰা হয় আৰু ইয়াৰে 2,861 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ বৰ্তমান পজিটিভ কেচৰ হাৰ হৈছে 6.96% ৷

Kirtikamal Bora encounter case: কীৰ্তিকমল এনকাউণ্টাৰৰ উচ্চ পৰ্য্যায়ৰ তদন্তৰ শুনানি গ্ৰহণ

আৰম্ভ হ'ল কীৰ্তিকমল এনকাউণ্টাৰৰ উচ্চ পৰ্য্যায়ৰ তদন্তৰ শুনানি(Hearing of Nagaon encounter)। প্ৰায় তিনিঘণ্টা সময় জেৰা কৰা হ’ল নগাঁও আৰক্ষীক । সাক্ষ্যদান কৰিলে কীৰ্তিকমল বৰাৰ পিতৃ-মাতৃৰ লগতে ঘটনাৰ প্ৰত্যক্ষদর্শীয়ে ।

ৰাজ্যত এইবাৰ ই ভি এম মেছিনৰে হ'ব পৌৰ সভাৰ নিৰ্বাচন

পৌৰ সভাৰ নিৰ্বাচনত ব্যৱহাৰ হ'ব ই ভি এম । অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ এক নিদৰ্শনাৰ জৰিয়তে এই সিদ্ধান্ত গ্ৰহণ (EVM machines will be used in municipal elections) ৷

আছুক ধ্বংস কৰাৰ সপোন সপোন হৈয়েই ৰ’ব মুখ্যমন্ত্ৰীৰ: শংকৰজ্যোতি বৰুৱা

‘‘প্ৰশাসনিক তদন্তৰ ওপৰত সদৌ অসম ছাত্ৰ সন্থাৰ বিশ্বাস নাই । প্ৰশাসনিক পৰ্যায়ৰ তদন্ত সদায় চৰকাৰৰ পক্ষত থাকে । কংগ্ৰেছৰ 15 বছৰীয়া শাসনৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰলৈকে আছুৰ ওপৰত অত্যাচাৰ চলাই আহিছে ৷ তথাপি আছু আছু হৈয়েই থাকিব ৷’’ আৰু কি কি ক’লে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকে ?

লখিমপুৰত বালিৰে ৰঙানদীক সোঁতক ভেটাৰ চেষ্টা

লখিমপুৰৰ এটা পথৰ সুৰক্ষাৰ বাবে ৰঙা নদীৰ বুকুত বালিৰে বান্ধ সজাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । প্ৰায় 29 কোটি টকা ব্যয়েৰে বালি আৰু বালিৰ বস্তাৰে সংহাৰী ৰঙানদীক ভেটাৰ চেষ্টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ (NHAI tries to prevent flow of Ranga river) ৷

Brahmos Supersonic Missile: ভাৰত আৰু ফিলিপাইনচৰ মাজত আজি ৩৭৫ নিযুত ডলাৰৰ চুক্তি সম্পন্ন

শুকুৰবাৰে ভাৰত আৰু ফিলিপাইনচৰ মাজত প্ৰায় ৩৭৫ নিযুত আমেৰিকান ডলাৰৰ এক চুক্তি সম্পন্ন হয় (India and Philippines signed the USD 375 million deal) ৷ ফিলিপাইনচৰ প্ৰতিৰক্ষা মন্ত্ৰী ডেলফিন লৰেঞ্জানা (Defence Minister of the Philippines) আৰু ভাৰতীয় ৰাষ্ট্ৰদূত শম্ভু কুমাৰনে (Indian envoy Shambhu Kumaran) এই চুক্তিত স্বাক্ষৰ কৰে ।

জুলাইত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন: কোন কোন আছে সম্ভাব্য প্ৰাৰ্থীৰ তালিকাত

দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোভিন্দৰ কাৰ্য্যকাল চলিত বছৰৰ জুলাই মাহৰ ২৪ তাৰিখে অন্ত পৰিব (President Ram Nath Kovinds term end) আৰু ইয়াৰ পাছতেই আগষ্ট মাহৰ ১০ তাৰিখে শেষ হ’ব উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৰ কাৰ্য্যকাল । প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি পদৰ বাবে এইবাৰ এগৰাকী মহিলা প্ৰাৰ্থীকহে, বিশেষকৈ তামিলনাডু বা দক্ষিণৰ আন ৰাজ্যসমূহৰ পৰা এগৰাকী মহিলা প্ৰাৰ্থীহে দেশৰ সৰ্বোচ্চ পদত অধিস্থিত হোৱাটো বিচাৰিছে ।

Release Date Of Gangubai Kathiawadi: ঘোষণা হ’ল গংগুবাই কাথিয়াৱাড়ীৰ মুক্তিৰ নতুন দিন

সঞ্জয় লীলা ভাঞ্চালীৰ প্ৰডাকচন হাউচে অফিচিয়েল ইন্ষ্টাগ্ৰাম পেজত ঘোষণা কৰিলে গংগুবাই কাথিয়াৱাড়ী ছবিখনৰ মুক্তিৰ দিন (Release Date of Gangubai Kathiawadi) ৷ আলিয়া ভাট অভিনীত ছবিখন 25 ফ্ৰেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.