ETV Bharat / sitara

Release Date of Gangubai Kathiawadi: ঘোষণা হ’ল গংগুবাই কাথিয়াৱাড়ীৰ মুক্তিৰ নতুন দিন

author img

By

Published : Jan 28, 2022, 2:28 PM IST

সঞ্জয় লীলা ভাঞ্চালীৰ প্ৰডাকচন হাউচে অফিচিয়েল ইন্ষ্টাগ্ৰাম পেজত ঘোষণা কৰিলে গংগুবাই কাথিয়াৱাড়ী ছবিখনৰ মুক্তিৰ দিন (Release Date of Gangubai Kathiawadi) ৷ আলিয়া ভাট অভিনীত ছবিখন 25 ফ্ৰেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব ৷

Release Date of Gangubai Kathiawadi
ঘোষণা হ’ল গংগুবাই কাথিয়াৱাড়ীৰ মুক্তিৰ নতুন দিন

চিটাৰা ডেস্ক, 28 জানুৱাৰী: অৱশেষত মুক্তিৰ দিন ঘোষণা হ’ল বহু প্ৰতিক্ষীত ছবি গংগুবাই কাথিয়াৱাড়ীৰ (Release Date of Gangubai Kathiawadi) ৷ সঞ্জয় লীলা ভাঞ্চালী নিৰ্মিত ছবিখনে ফ্ৰেব্ৰুৱাৰী মাহৰ 25 তাৰিখে মুক্তি লাভ কৰিব ৷

প্ৰায় দুটা দশকৰ অন্তত এই ছবিখনত একেলগে কাম কৰিছে অজয় দেৱগণ আৰু সঞ্জয় লীলা ভাঞ্চালীয়ে ৷ ছবিখনৰ মুখ্য চৰিত্ৰ গংগুবাই ৰূপত আলিয়া ভাটক দেখিবলৈ পাব দৰ্শকে ৷ লেখক হুছেইন জাইদীৰ গ্ৰন্থ ‘মাফিয়া কুইনস্ অৱ মুম্বাই’ ৰ কাহিনীৰ ওপৰত আধাৰিত গংগুবাই কাথিয়াৱাড়ী ছবিখন ৷

  • " class="align-text-top noRightClick twitterSection" data="">

1960 দশকৰ মুম্বাইৰ ৰেড-লাইট এৰিয়া কামাথিপুৰাৰ আটাইতকৈ শক্তিশালী, জনপ্ৰিয় আৰু সন্মানীয় মহিলা আছিল গংগুবাই ৷ ক’ৰণা মহামাৰীৰ পৰিপ্ৰক্ষিতত ছবিখনৰ মুক্তিৰ দিন কেইবাবাৰো পিছুওৱা হৈছে ৷ অহা মাহত অনুষ্ঠিত হ’বলগা বাৰ্লিন চলচিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হ’ব ছবিখন ৷

লগতে পঢ়ক: Berlin Film Festival 2022: মহোৎসৱলৈ আলিয়াৰ Gangubai Katiawadi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.