জুলাইত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন: কোন কোন আছে সম্ভাব্য প্ৰাৰ্থীৰ তালিকাত

author img

By

Published : Jan 28, 2022, 5:18 PM IST

who-will-be-indias-next-president

দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোভিন্দৰ কাৰ্য্যকাল চলিত বছৰৰ জুলাই মাহৰ ২৪ তাৰিখে অন্ত পৰিব (President Ram Nath Kovinds term end) আৰু ইয়াৰ পাছতেই আগষ্ট মাহৰ ১০ তাৰিখে শেষ হ’ব উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৰ কাৰ্য্যকাল । প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি পদৰ বাবে এইবাৰ এগৰাকী মহিলা প্ৰাৰ্থীকহে, বিশেষকৈ তামিলনাডু বা দক্ষিণৰ আন ৰাজ্যসমূহৰ পৰা এগৰাকী মহিলা প্ৰাৰ্থীহে দেশৰ সৰ্বোচ্চ পদত অধিস্থিত হোৱাটো বিচাৰিছে । পঢ়ক কোন কোন আছে এই সম্ভাব্য প্ৰাৰ্থীৰ তালিকাত...

নিউজ ডেস্ক, ২৮ জানুৱাৰী : সমাগত কেন্দ্ৰীয় বাজেট আৰু পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime minister Narendra Modi)ৰ বাবে অপেক্ষাৰত আন এক প্ৰত্যাহ্বান হ‘ল আগন্তুক ৰাষ্ট্ৰপতিৰ নিৰ্বাচন (2022 Indian presidential election) ।

দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোভিন্দৰ কাৰ্য্যকাল চলিত বছৰৰ জুলাই মাহৰ ২৪ তাৰিখে অন্ত পৰিব (President Ram Nath Kovinds term end) আৰু ইয়াৰ পাছতেই আগষ্ট মাহৰ ১০ তাৰিখে শেষ হ’ব উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৰ কাৰ্য্যকাল ।

মন কৰিবলগীয়া যে, ভাৰতবৰ্ষত ৭৩৫ জন নিৰ্বাচিত সাংসদ আৰু প্ৰায় ৪৩২৮ জন বিধায়ক আছে যাৰ সহায়ত গঠিত এক নিৰ্বাচনী কলেজিয়ামৰ আনুপাতিক প্ৰতিনিধিত্বৰ ভিত্তিত আমাৰ দেশত ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন সম্পন্ন হয় । ২০১৭ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত বিজেপি নেতৃত্বাধীন এন ডি এৰ মিত্ৰ দল সমূহ যিহেতু কেন্দ্ৰ আৰু ৰাজ্য সমূহত চৰকাৰত আছিল, সেয়ে সেই সময়ত ৰাষ্ট্ৰপতি তথা উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাটো আছিল স্বাভাৱিক । কিন্তু বৰ্তমান সময়ত দেশৰ কিছু পৰিমাণে পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিৰ বাবে সৃষ্টি হ’ব পাৰে কিছু জটিলতা ।

২০১৭ চনত ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ সময়ত বিজেপি আছিল সংখ্যাগুৰু কাৰণ সেই সময়ত বিজেপিৰ লগত থকা মিত্ৰ দল সমূহ যেনে, শিৱ সেনা, আকালি দল তথা তামিল নাডুত বিশাল সংখ্য়াৰে ক্ষমতাত থকা এ আই এ ডি এম কে দল সমূহৰ বাবে নিৰ্বাচনী কলেজিয়ামত বিজেপিৰ স্থিতি আছিল সবল আৰু সেয়ে খুৱ সহজেই গেৰুৱা দলৰ প্ৰাৰ্থী কোভিন্দৰ জয় সুনিশ্চিত হৈছিল । কিন্তু সেই সময়ৰ ৰাজনৈতিক সমীকৰণ এতিয়া কিছু পৰিমাণে সলনি হৈছে । সেই সময়ৰ তামিলনাডুৰ বিৰোধী দল ডি এম কে এতিয়া ক্ষমতাত আৰু সংসদত এক বিৰোধী দল । জম্মু আৰু কাশ্মীৰত সংবিধানৰ অনুচ্ছেদ ৩৭০ বাতিলকৰণৰ পাছত ৰাজ্যখনৰ বিধানসভাও ভংগ হৈ আছে আৰু সেয়েহে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বহুখিনি কথা এতিয়া নিৰ্ভৰ কৰিছে পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ ওপৰত । নিজৰ প্ৰাৰ্থীক ৰাষ্ট্ৰপতিৰ পদত জয়ী কৰাবলৈ প্ৰধানমন্ত্ৰী মোদীক প্ৰয়োজন হ’ব যথেষ্ট সংখ্যক ভোটৰ আৰু এই ভোট হ’ব পাৰে তেওঁৰ বাবে এক প্ৰত্যাহ্বান ৷

কোন হ’ব পাৰে ৰাষ্ট্ৰপতি পদৰ দাবীদাৰ ? (Who next after Kovind ?)

যদিও দলৰ তৰফৰ পৰা এতিয়ালৈকে ৰাষ্ট্ৰপতি পদৰ দাবীদাৰ সম্পৰ্কে একোৱেই জনোৱা হোৱা নাই, বিশেষ সূত্ৰই জনোৱা মতে, প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যেই দলৰ পচন্দৰ প্ৰাৰ্থী সম্পৰ্কে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, বিজেপিৰ সভাপতি জে পি নাড্ডা তথা গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনাত মিলিত হৈছে । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ৰাষ্ট্ৰপতি পদৰ বাবে পচন্দৰ প্ৰাৰ্থীৰ বিষয়ে মোদীক অৱগত কৰিছে । আনহাতে এয়াও সত্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি পদৰ বাবে এইবাৰ এগৰাকী মহিলা প্ৰাৰ্থীক হে, বিশেষকৈ তামিলনাডু বা দক্ষিনৰ আন ৰাজ্যসমূহৰ পৰা এগৰাকী মহিলা প্ৰাৰ্থীহে দেশৰ সৰ্বোচ্ছ পদত অধিস্থিত হোৱাটো বিচাৰিছে ।

সূত্ৰই জনোৱা মতে, সম্ভাব্য প্ৰাৰ্থীসমূহৰ তালিকাত দুজন ৰাজ্যপালৰ নামো আছে যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে যথেষ্ট ঘনিষ্ঠ । ইতিমধ্যেই কলকাতা আৰু ভূৱনেশ্বৰলৈ মুখ্যমন্ত্ৰী সমূহৰ লগত কথা পাতিবলৈ মোদীৰ বিশেষ দূত পঠিওৱা হৈছে । এই সকলো সম্ভাৱনা বিশ্লেষণ কৰিলে এটা কথা স্পষ্ট হয় যে, এইবাৰ না বৃদ্ধি হ’ব ৰামনাথ কোভিন্দৰ কাৰ্য্যকাল না ৰাষ্ট্ৰপতি পদলৈ উন্নীত কৰা হ’ব উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুক । খুৱসম্ভৱ জুলাই মাহৰ প্ৰথম সপ্তাহত এই সম্পৰ্কে শেষ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব কিন্তু মোদীয়ে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰে এক চমক যে দিব সেয়া খাটাং ।

লগতে পঢ়ক : Shahdara gang rape case: শ্বাহদাৰাৰ দলবদ্ধ ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ ১১ গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.