ETV Bharat / state

Assam Covid 19 Update : পুনৰ 2,861 গৰাকী লোক আক্ৰান্ত হয় ক’ভিডত

author img

By

Published : Jan 29, 2022, 8:26 AM IST

Updated : Jan 29, 2022, 10:27 AM IST

Covid 19 Update in Assam
অসমত ক’ভিডৰ শেহতীয়া তথ্য

ৰাজ্যত অব্যাহত আছে ক’ৰণাৰ সংক্ৰমণ (Covid 19 cases increasing in Assam) ৷ অসমত শুকুৰবাৰে 41,134 গৰাকী লোকৰ ক’ভিড পৰীক্ষণ কৰা হয় আৰু ইয়াৰে 2,861 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ বৰ্তমান পজিটিভ কেচৰ হাৰ হৈছে 6.96% ৷

নিউজ ডেস্ক, 29 জানুৱাৰী : অসমত শুকুৰবাৰে পুনৰ নতুনকৈ 2,861 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি (Covid positive Cases in Assam) ৷ ইয়াৰ লগতে ৰাজ্যত ক’ৰণাত সক্ৰিয় আক্ৰান্তৰ সংখ্যা 32,013 গৰাকীলৈ বৃদ্ধি পায় ৷ এই সময়ছোৱাত মৃত্যু হয় 21 জন লোকৰ ৷ কামৰূপ মহানগৰীত সৰ্বাধিক 599 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ৰণাৰ অৱস্থিতি ৷

Covid 19 Update in Assam
অসমত ক’ভিডৰ শেহতীয়া তথ্য

কামৰূপ মহানগৰীৰ পাছতেই যোৰহাটত 161 গৰাকী, তিনিচুকীয়াত 150 গৰাকী আৰু ডিব্ৰুগড়ত 136 গৰাকী আক্ৰান্ত হয় ক’ভিডত ৷ আনহাতে, ক’ভিডত আক্ৰান্ত হৈ কামৰূপ মহানগৰী আৰু শোণিতপুৰত 3 গৰাকী, ডিব্ৰুগড়, গোলাঘাট, মৰিগাঁও, নলবাৰীত 2 গৰাকীকৈ, বৰপেটা, বঙাইগাঁও, কাছাৰ, দৰং, ডিমা হাচাও আৰু যোৰহাটত 1 গৰাকীকৈ লোকৰ মৃত্যু হয় ক’ভিডত ৷

Covid 19 Update in Assam
অসমত ক’ভিডৰ শেহতীয়া তথ্য

বৰ্তমানলৈকে ৰাজ্যত 2,77,60,179 গৰাকী লোকৰ ক’ভিড পৰীক্ষণ কৰা হয় ৷ ইয়াৰে 7,11,391 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড 19ৰ অৱস্থিতি ৷ ৰাজ্যত সম্প্ৰতি আৰোগ্য লোকৰ হাৰ হৈছে 94.41% ৷ ক’ভিড আক্ৰান্ত হৈ বৰ্তমানলৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে 6,400 গৰাকী ৷

লগতে পঢ়ক : ৰাজ্যত এইবাৰ ই ভি এম মেছিনৰে হ'ব পৌৰ সভাৰ নিৰ্বাচন

Last Updated :Jan 29, 2022, 10:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.