ETV Bharat / state

আছুক ধ্বংস কৰাৰ সপোন সপোন হৈয়েই ৰ’ব মুখ্যমন্ত্ৰীৰ: শংকৰজ্যোতি বৰুৱা

author img

By

Published : Jan 28, 2022, 10:02 PM IST

‘‘প্ৰশাসনিক তদন্তৰ ওপৰত সদৌ অসম ছাত্ৰ সন্থাৰ বিশ্বাস নাই । প্ৰশাসনিক পৰ্যায়ৰ তদন্ত সদায় চৰকাৰৰ পক্ষত থাকে । কংগ্ৰেছৰ 15 বছৰীয়া শাসনৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰলৈকে আছুৰ ওপৰত অত্যাচাৰ চলাই আহিছে ৷ তথাপি আছু আছু হৈয়েই থাকিব ৷’’ আৰু কি কি ক’লে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকে ?

Kirtikamal Bora encounter case
প্ৰশাসনিক তদন্তৰ ওপৰত সদৌ অসম ছাত্ৰ সন্থাৰ বিশ্বাস নাই

গুৱাহাটী, ২৮ জানুৱাৰী: প্ৰাক্তন ছাত্ৰনেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ (Kirtikamal Bora encounter) ঘটনা দণ্ডাধীশ বা ন্যায়াধীশ পৰ্যায়ৰ তদন্ত কৰিব লাগে । প্ৰশাসনিক তদন্তৰ ওপৰত আমাৰ বিশ্বাস নাই । প্ৰশাসনিক পৰ্যায়ৰ তদন্ত সদায় চৰকাৰৰ পক্ষত থাকে । চৰকাৰৰ বিপক্ষে এজন চৰকাৰী বিষয়াই প্ৰতিবেদন নিদিয়ে"-এই অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ (AASU on Kirtikamal Bora encounter case)।

প্ৰশাসনিক তদন্ত স্বচ্ছ নহয়; পূৰ্বতে তেনে বহু তদন্ত দেখিছোঁ বুলিও কয় আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে । প্ৰাক্তন ছাত্ৰনেতাগৰাকীক গুলীয়াই আৰক্ষীয়ে কিদৰে তেওঁৰ ওপৰত দোষ জাপি দিব বিছাৰিছিল সেই কথা বুজিছোঁ । ডিব্ৰুগড়ৰ ছাত্ৰনেতাক আক্ৰমণ কৰা পাছত পৰিস্থিতি বেয়ালৈ ঢাল খোৱাত AK47 ধৰাই আৰক্ষীয়ে ফটো তুলি ৰাখিছিল । এতিয়া পুলিচ যন্ত্ৰটো এনেদৰেই চলিছে ৷ অপৰাধীক ধৰা পাছতেই ড্ৰাগছ, মাদক দ্ৰব্য ধৰাই ভৰিত গুলিওৱা কাম-কাজ এতিয়া চলি থকা বুলিও বৰুৱাই উদ্বিগ্নতাৰে কয় ।

প্ৰশাসনিক তদন্তৰ ওপৰত সদৌ অসম ছাত্ৰ সন্থাৰ বিশ্বাস নাই

প্ৰশাসনিক পৰ্যায়ৰ তদন্ত কিমান স্বচ্ছ-নিকা হ’ব তাত সন্দেহ আছে বুলি মন্তব্য কৰি তদন্তৰ প্ৰতিবেদনলৈ অপেক্ষা কৰিম বুলি কৈ শংকৰজ্যোতি বৰুৱাই কয় যে, তদন্তত সন্দেহ থাকিলে পুনৰ ন্যায়াধীশ পৰ্যায়ৰ তদন্ত দাবী কৰা হ’ব ৷

মুখ্যমন্ত্ৰীক সকীয়নী প্ৰদান কৰি আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে, অসমত পুলিচৰাজ বন্ধ হ’ব লাগিব । জনতা ভয়ৰ কাৰণ পুলিচ হ’ব নালাগিব; মুখ্যমন্ত্ৰীয়ে কৈ থকাৰ দৰে বন্ধুত্বসুলভ হ’ব লাগিব । ভয়-ভীত কৰি থাকিলে জনসাধাৰণে কেতিয়াও পুলিচক সহায় নকৰিব ।

ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আছুক বাৰে বাৰে টাৰ্গেট কৰি থকা বুলি উল্লেখ কৰি শংকৰে কয় যে, ৰাইজৰ অভিভাৱকত্বত কাম কৰি থকা আছুক কোনো মুখ্যমন্ত্ৰীয়ে পাঁচ বছৰৰ কাৰণে আহি যদি ধ্বংস কৰি দিম বুলি ভাবিছে তেন্তে মূৰ্খৰ স্বৰ্গত বাস কৰিছে । ৰাইজৰ পক্ষত থাকি আছু সদায় জিলিকি থাকিব । আছুক ধ্বংস কৰা সপোন সপোন হৈয়ে থাকিব । ইয়াৰ মাজতে শংকৰজ্যোতি বৰুৱাৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ চৰকাৰৰ দিনতো আছুৰ ওপৰত আতিশায্য চলোৱা হৈছিল বুলি উল্লেখ কৰে ৷

আনহাতে, শুকুৰবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত সু-কলমে সম্পন্ন হয় গুলিবিদ্ধ ছাত্ৰনেতা কীৰ্তি কমল বৰা অস্ত্ৰোপচাৰ । ডাঃ পৰাগজ্যোতি গগৈয়ে গুলিবিদ্ধ ভৰিৰ অস্ত্ৰোপচাৰ কৰে । চৰকাৰে অস্ত্ৰোপচাৰৰ সম্পূৰ্ণ ব্যয় বহন কৰিছে । এই কথা জনায় চিকিৎসালয়খনৰ অধীক্ষক অভিজিৎ শৰ্মাই । অস্ত্ৰোপচাৰ সম্পন্ন হোৱা বৰাক অহা ১০ৰ পৰা ১৫ দিন চিকিৎসালয়তে ৰখা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে । গুলিবিদ্ধ বৰাক সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ প্ৰয়োজন হ’ব প্ৰায় দুমাহৰ সময় ৷

লগতে পঢ়ক: Kirtikamal Bora encounter case: কীৰ্তিকমল কাণ্ডক লৈ আমোলা পৰ্য্যায়ৰ তদন্তৰ বিৰোধ এজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.