ETV Bharat / state

Kirtikamal Bora encounter case: কীৰ্তিকমল কাণ্ডক লৈ আমোলা পৰ্য্যায়ৰ তদন্তৰ বিৰোধ এজেপিৰ

author img

By

Published : Jan 28, 2022, 4:30 PM IST

কীৰ্তিকমল কাণ্ডক আজিও অব্যাহত প্ৰতিবাদ । এফালে নগাৱঁৰ আৱৰ্ত ভৱনত চলি আছে তদন্তৰ শুনানি, আনফালে জিলা উপযুক্ত কাৰ্য্যালয়ৰ সমীপত অসম জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ (AJP Protest against encounter of student Leader) । ন্যায়িক তদন্তৰ দাবীত অৱস্থান ধৰ্মঘট অসম জাতীয় পৰিষদৰ।

ajp-protest-against-encounter-of-student-leader-in-nagaon
Kirtikamal Bora encounter case: কীৰ্তিকমল কাণ্ডক লৈ আমোলা পৰ্য্যায়ৰ তদন্তৰ বিৰোধ এজেপিৰ

নগাঁও, 28 জানুৱাৰী : নগাঁৱৰ কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰক লৈ আজিও উত্তাল হৈ আছে নগাঁও (Kirtikamal Bora encounter case in Nagaon) । পৰিয়ালৰ দাবী মতে, নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক ছাত্ৰ নেতা কীৰ্তিকমল বৰাই যোৱা শনিবাৰে সন্ধিয়া মাতৃৰ ঔষধ আনিবলৈ ঘৰৰ বাহিৰলৈ গৈছিল ৷ এই সময়তে আৰক্ষীৰ গুলীত আহত হৈছিল কীৰ্তিকমল (Student leader shot by police in Nagaon)।

কীৰ্তিকমল বৰাৰ বিৰুদ্ধে আৰক্ষীয়ে ড্ৰাগছ সেৱনৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে স্থানীয় ৰাইজ, দল সংগঠনে কীৰ্তিকমল বৰাক বিনাদোষত আৰক্ষীয়ে গুলীওৱাৰ অভিযোগ উত্থাপন কৰি সাব্যস্ত কৰি আহিছে প্ৰতিবাদ (Protest over encounter of student leader in Nagaon) । ইয়াৰ মাজতে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অতিৰিক্ত মূখ্য সচিব পৱন বৰঠাকুৰে আৰম্ভ কৰিছে তদন্ত (Inquiry on Nagaon encounter) ।

Kirtikamal Bora encounter case: কীৰ্তিকমল কাণ্ডক লৈ আমোলা পৰ্য্যায়ৰ তদন্তৰ বিৰোধ এজেপিৰ

শুকুৰবাৰে নগাঁও আৱৰ্ত ভৱনত তদন্তৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে নগাঁও জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিছে অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিয়ে । নগাঁও জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সমীপত দলটোৰ নগাঁও জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে ।

প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ ঘটনাৰ ন্যায়িক তদন্ত দাবী জনায় অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিয়ে । ইয়াৰোপৰি, আমোলা পৰ্য্যায়ৰ তদন্তৰ ওপৰত আস্থা নাই বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : Nagaon police encounter: কীৰ্তিকমল এনকাউন্টাৰৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.