ETV Bharat / state

অৱশেষত স্থগিত হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা

author img

By

Published : Jan 29, 2022, 12:59 PM IST

গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্নাতকোত্তৰ প্ৰথম আৰু তৃতীয় চেমিষ্টাৰৰ পৰীক্ষা স্থগিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Gauhati University post graduate exam postponed)। স্নাতকোত্তৰৰ চেমিষ্টাৰৰ পৰীক্ষাৰ পুনৰ নিৰ্দ্ধাৰিত সময়সূচী পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হ'ব বুলি জাননীৰ জৰিয়তে জনোৱা হৈছে ৷ শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে ।

gauhati-university-post-graduate-exam-postponed
অৱশেষত স্থগিত হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা

গুৱাহাটী, 29 জানুৱাৰী : অৱশেষত পৰীক্ষাৰ্থী সকলৰ তীব্ৰ প্ৰতিবাদৰ ওচৰত সেও মানি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্নাতকোত্তৰ প্ৰথম আৰু তৃতীয় চেমিষ্টাৰৰ পৰীক্ষা স্থগিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Gauhati University post graduate exam postponed)। উল্লেখ্য যে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শনিবাৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম আৰু তৃতীয় চেমিষ্টাৰৰ পৰীক্ষাৰ সময়সূচী নিৰ্দ্ধাৰণ কৰিছিল ।

gauhati-university-post-graduate-exam-postponed
অৱশেষত স্থগিত হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা

কিন্তু, পৰীক্ষাৰ্থী সকলে ক’ভিড পৰিস্থিতিৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম আৰু তৃতীয় চেমিষ্টাৰৰ পৰীক্ষাৰ ১৫-২০ দিন পিছুৱাই দিয়াৰ বাবে দাবী জনাইছিল ৷ শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সম্মুখত এক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰিছিল ছাত্ৰ-ছাত্ৰী সকলে (GU student protest) । এই কাৰ্যসূচীত সমৰ্থন কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই(Gauhati university post graduate student union) ।

অৱশেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই এক জাননীৰ জৰিয়তে শণিবাৰৰ পৰা হবলগীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰৰ চেমিষ্টাৰৰ সকলো পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে । স্নাতকোত্তৰৰ চেমিষ্টাৰৰ পৰীক্ষাৰ পুনৰ নিৰ্দ্ধাৰিত সময়সূচী পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হ'ব বুলি জাননীৰ জৰিয়তে জনোৱা হৈছে ।
লগতে পঢ়ক : Lat Mandal arrested in Dibrugarh: লাট মণ্ডলক গ্ৰেপ্তাৰৰ পিছতে দুদিনীয়া কৰ্মবিৰতি সতীৰ্থৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.