ETV Bharat / bharat

Brahmos Supersonic Missile: ভাৰত আৰু ফিলিপাইনচৰ মাজত আজি ৩৭৫ নিযুত ডলাৰৰ চুক্তি সম্পন্ন

author img

By

Published : Jan 28, 2022, 7:21 PM IST

india-philippines-inks-375-dollars-million-contract-for-brahmos-missiles
ভাৰত আৰু ফিলিপাইনচৰ মাজত আজি ৩৭৫ নিযুত ডলাৰৰ চুক্তি সম্পন্ন

শুকুৰবাৰে ভাৰত আৰু ফিলিপাইনচৰ মাজত প্ৰায় ৩৭৫ নিযুত আমেৰিকান ডলাৰৰ এক চুক্তি সম্পন্ন হয় (India and Philippines signed the USD 375 million deal) ৷ ফিলিপাইনচৰ প্ৰতিৰক্ষা মন্ত্ৰী ডেলফিন লৰেঞ্জানা (Defence Minister of the Philippines) আৰু ভাৰতীয় ৰাষ্ট্ৰদূত শম্ভু কুমাৰনে (Indian envoy Shambhu Kumaran) এই চুক্তিত স্বাক্ষৰ কৰে ।

নতুন দিল্লী, 28 জানুৱাৰী : ভাৰত আৰু ফিলিপাইনচৰ মাজত আজি ৩৭৫ নিযুত আমেৰিকান ডলাৰৰ এক চুক্তি সম্পন্ন হয় (India and Philippines signed the USD 375 million deal) যাৰ জৰিয়তে ভাৰতে ফিলিপাইনচৰ নৌ-সেনাক ব্ৰাহ্মোচ চুপাৰচনিক এন্টি শ্বীপ ক্ৰুজ ক্ষেপনাষ্ট্ৰ বিক্ৰি কৰিব । ভাৰত আৰু ৰাচিয়াৰ যৌথ উদ্যোগত সৃষ্টি হোৱা ব্ৰাহ্মোচ এৰোস্পেচ প্ৰাইভেট লিমিটেড (BrahMos Aerospace Private Limited) ৰ দ্বাৰা নিৰ্মিত এই ব্ৰাহ্মোচ চুপাৰচনিক এন্টি শ্বীপ ক্ৰুজ ক্ষেপনাষ্ট্ৰৰ দ্বাৰা ভূমি, জাহাজ, বিমান তথা চাৱমেৰিনৰ পৰাও লক্ষ্যভেদ কৰিব পাৰি ।

ফিলিপাইনচৰ প্ৰতিৰক্ষা মন্ত্ৰী ডেলফিন লৰেঞ্জানা (Defence Minister of the Philippines) আৰু ভাৰতীয় ৰাষ্ট্ৰদূত শম্ভু কুমাৰনে (Indian envoy Shambhu Kumaran) এই চুক্তিত স্বাক্ষৰ কৰে । ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ আন কিছু বিষয়া আৰু ব্ৰাহ্মোচ এৰোস্পেচৰ চিফ এক্সিকিউটিভ অফিচাৰ অতুল ডি ৰানে ও এই চুক্তি স্বাক্ষৰ অনুস্থানত দিল্লীৰ পৰা ভাৰ্চুৱেলী উপস্থিত থাকে ।

"এক ইতিহাস গঢ়া ক্ষনত উপস্থিত থাকিব পাৰি মই আনন্দিত । ফিলিপাইনচৰ প্ৰতিৰক্ষা মন্ত্ৰী ডেলফিন লৰেঞ্জানাৰ এই চুক্তি স্বাক্ষৰে ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইণ্ডো-পেচিফিক এনগেজমেন্টক আন এক মাত্ৰা প্ৰদান কৰিব । এয়া অতিকে গৌৰবৰ বিষয় কাৰণ এই চুক্তিৰ ফলত ভাৰত ক্ষেপনাষ্ট্ৰৰ নিচিনা উচ্চ প্ৰযুক্তিৰ আহিলা উৎপাদনৰ উৎস হিচাবে পৰিগণিত হ’ব আৰু বন্ধু ৰাষ্ট্ৰৰ ক্ষমতা উন্নয়নৰ ক্ষেত্ৰত বিশ্বাসী বন্ধু হিচাবে চিহ্নিত হ’ব," শম্ভু কুমাৰনে এক টুইটৰ জৰিয়তে কয় ।

"এই চুক্তিয়ে দুয়োখন দেশৰ গনতান্ত্ৰিক পৰম্পৰাক ওচৰ চপোৱাৰ লগতে ইণ্ডো-পেচিফ্ক অঞ্চলক মুক্ত আৰু শান্তিপূৰ্ণ কৰি ৰখাৰ লক্ষ্যত উপনীত হেৱাত সহায় কৰিব," (Free & Peaceful Indo-Pacific) ভাৰতীয় ৰাষ্ট্ৰদূত জনে কয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.