ETV Bharat / city

মাজনিশালৈকে চলা শুনানিত কি পালে নগাঁও এনকাউণ্টাৰৰ তদন্তকাৰী বিষয়াই

author img

By

Published : Jan 29, 2022, 12:27 PM IST

মাজনিশা সম্পন্ন হ'ল কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ তদন্তৰ শুনানি (Public hearing on Kirtikamla Bora enconter)। নিশা অভিযুক্ত আৰক্ষী প্ৰদীপ বনিয়াক দীঘলীয়া জেৰা তদন্তকাৰী বিষয়াৰ। গ্ৰহণ কৰিলে বহুকেইজন প্ৰত্যক্ষদর্শীৰ সাক্ষ্য। অপেক্ষা এতিয়া তদন্তৰ প্ৰতিবেদনলৈ।

public-hearing-completed-on-kirtikamla-bora-enconter-case
মাজনিশালৈকে চলা শুনানিত কি পালে নগাঁও এনকাউণ্টাৰৰ তদন্তকাৰী বিষয়াই

নগাঁও,29 জানুৱাৰী : শুকুৰবাৰে সম্পন্ন হ'ল কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ তদন্তৰ শুনানি (Public hearing on Kirtikamla Bora enconter) । শুকুৰবাৰে নগাঁও আৱৰ্ত ভৱনত অনুষ্ঠিত শুনানি সম্পন্ন হয় মাজনিশা । শুকুৰবাৰে পুৱাৰ পৰা নগাঁও আৱৰ্ত ভৱনত শুনানি গ্ৰহণ কৰা হয় কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ শুনানি । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে শুনানি গ্ৰহণ কৰে । স্থানীয় প্ৰত্যক্ষদর্শীৰ লগতে অভিযুক্ত আৰক্ষী, আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ সাক্ষ্যগ্ৰহণ কৰে(Interrogation of SP Anand Mishra) তদন্তৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে ।

মাজনিশালৈকে চলা শুনানিত কি পালে নগাঁও এনকাউণ্টাৰৰ তদন্তকাৰী বিষয়াই

মাজনিশা পৰ্য্যন্ত চলা শুনানিৰ শেষ পৰ্য্যায়ত অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ সাক্ষ্য গ্ৰহণ কৰে কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ তদন্তৰ (Inquiry on Nagaon encounter) দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে। শুক্ৰবাৰে গ্ৰহণ কৰা শুনানিৰ প্ৰতিবেদন প্ৰস্তুত কৰি চৰকাৰক জমা দিব তদন্তকাৰী বিষয়াগৰাকীয়ে। অৱশ্যে এই প্ৰতিবেদন কেতিয়া ৰাজহুৱা হ'ব সেই সন্দৰ্ভত কোনো মন্তব্য নকৰিলে তদন্তকাৰী বিষয়াগৰাকীয়ে ।

উল্লেখযোগ্য যে, যোৱা ২২ জানুৱাৰীত নগাঁৱৰ কচলুখোৱাত আৰক্ষীৰ গুলীত আহত হৈছিল নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰা। মাতৃৰ ঔষধ লৈ ঘৰলৈ উভতি যোৱাৰ সময়তে আৰক্ষীৰ সৈতে হোৱা তৰ্ক , বিতৰ্কৰ ফলতেই আৰক্ষীৰ গুলীত আহত হ'বলগীয়া হৈছিল কীৰ্তিকমল বৰা । কীৰ্তিকমল বৰাক আৰক্ষীয়ে গুলীওৱাৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ নগাঁও উত্তাল হৈ উত্তাল হৈ পৰাৰ লগতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যতেই ।

ৰাইজৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল উচ্চ পৰ্য্যায়ৰ তদন্ত । মুখ্যমন্ত্ৰীৰ নিৰ্দেশতেই ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে আৰম্ভ কৰে ঘটনাৰ তদন্ত । বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন কীৰ্তিকমল বৰাৰ ভাষ্য গ্ৰহণ কৰাৰ পিছত শুকুৰবাৰে নগাঁৱত উপস্থিত হৈ প্ৰত্যক্ষদর্শীৰ লগতে অভিযুক্ত আৰক্ষীৰ ভাষ্য গ্ৰহণ কৰে তদন্তৰ দায়িত্বত থকা অতিৰিক্ত মূখ্য সচিব পৱন বৰঠাকুৰে । এতিয়া সকলোৰে দৃষ্টি আৱদ্ধ হৈ ৰৈছে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ সময়লৈ ।

লগতে পঢ়ক : আছুক ধ্বংস কৰাৰ সপোন সপোন হৈয়েই ৰ’ব মুখ্যমন্ত্ৰীৰ: শংকৰজ্যোতি বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.