ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Aug 24, 2021, 1:00 PM IST

TOP 10 AT 1 PM
1 বজাৰ শীৰ্ষ দহটা বাতৰি

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

লাইলাপুৰ কাণ্ড: চাৰি সপ্তাহৰ ভিতৰত প্ৰতিবেদন বিচাৰিছে মানৱ অধিকাৰ আয়োগে

26 জুলাইত কাছাৰৰ লাইলাপুৰত সংঘটিত হৈছিল সীমাকেন্দ্ৰিক বিবাদ ৷ অসম আৰক্ষী আৰু মিজোৰাম আৰক্ষীৰ সংঘাত সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ (NATIONAL HUMAN RIGHTS COMMISSION) ওচৰত গোচৰ ৰুজু কৰিছিল মহম্মদ ইনজামুল হক নামৰ এজন লোকে ৷

1 ছেপ্তেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ নিৰ্দেশ চৰকাৰৰ

কৰ'ণা মহামাৰীৰ বাবে বিগত কেইবামাহো ধৰি বন্ধ হৈ আছে শিক্ষানুষ্ঠানসমূহ । অনলাইনযোগে চলিছে পাঠদান । এতিয়া ক'ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ পাছত পুনৰ শিক্ষানুষ্ঠানতে আনুষ্ঠানিক পাঠদান আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে চৰকাৰৰ শিক্ষা বিভাগে ।

মৰাণত দলীয় কৰ্মীৰ উষ্ম সম্বৰ্ধনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত শনিবাৰে প্ৰথমবাৰলৈ অসমত আহি উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সোণোৱালৰ এই অসম ভ্ৰমণক নাম দিয়া হৈছে "জন আশীৰ্বাদ যাত্ৰা" ৷ সৰ্বমুঠ 372 কিল’মিটাৰ পথ সাঙুৰি লৈছে এই জন আশীৰ্বাদ যাত্ৰাই ৷

অভয়াপুৰীৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন আমছুৰ সভাপতিৰ

বঙাইগাঁও জিলাৰ বাঁশবাৰী, ভাণ্ডাৰা, বালাৰপেটত আই নৈৰ ভয়ংকৰ খহনীয়া অব্যাহত আছে । প্ৰায় শতাধিক পৰিয়াল গৃহহীন হোৱাৰ লগতে বহু চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান নৈৰ বুকুত বিলীন হৈছে । তাৰপিছতো কিন্তু সাৰ পোৱা নাই চৰকাৰ অথবা জন প্ৰতিনিধি ৷

Jan Ashirwad Yatra : কোনে কিয় কৰিলে ৰাজনীতি ?

২১ আগষ্টত বৰঝাৰ বিমানবন্দৰৰ পৰা আৰম্ভ হোৱা সোণোৱালৰ এই "জন আশীৰ্বাদ যাত্ৰা" সোমবাৰে শেষ হয় শিৱসাগৰ জিলাত । কিন্তু যি ব্যাপক প্ৰচাৰেৰে গেৰুৱা দলটোৱে এই জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছিল বাস্তৱিকতে তেনে হোৱা পৰিলক্ষিত নহ'ল । সোণোৱালৰ গুৰুত্ব বৃদ্ধি পোৱাটো এতিয়াও কাৰোবাৰ বাবে মূৰৰ কামোৰণি নেকি ? এতিয়া বহুতৰে মনত জাগিছে এনে প্ৰশ্ন ।

সাংবাদিক সকলে বুজি পোৱা ইচ্যু নহয় সীমা সংঘাত : হিমন্ত বিশ্ব শৰ্মা

ডিফুত সংবাদ মাধ্যমক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ স্বভাৱসুলভ হাঁহিৰে মুখ্যমন্ত্ৰীয়ে ক’লে, সীমা সমস্যা সম্পৰ্কত সাংবাদিক সকল বেছি গভীৰলৈ সোমোৱাৰ প্ৰয়োজন নাই ৷ সীমা সমস্যা বুজি পোৱাতো সাংবাদিকৰ আওতাৰ বাহিৰত ৷

ভূমি সমস্যা নিষ্পতিৰ বাবে আহি আছে মিছন বসুন্ধৰা

অন্ত পৰিল ডিফুত অনুষ্ঠিত হোৱা অসমৰ জিলা সমূহৰ উপায়ুক্ত সকলৰ প্ৰথমখন সন্মিলন ৷ দেওবাৰে দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা সন্মিলনত ২১ ঘণ্টা নিৰন্তৰে বহুকেইটা বিষয় আলোচনা কৰা হয় ৷ পৰৱৰ্তী উপায়ুক্ত সন্মিলনখন ছমাহৰ পিছত তেজপুৰত অনুষ্ঠিত কৰা হ’ব ৷

মুখ্যমন্ত্ৰীত্বৰ সময়ত অসমবাসীক জীয়া ঠগন দিছে সৰ্বানন্দই : ভূপেন বৰা

‘‘বিজেপিয়ে অসমবাসী ৰাইজৰ পৰা আত্মগোপন কৰি থকা সোণোৱালক লৈ এতিয়া নিজৰ ব্যৰ্থতা ঢাকিবলৈ জন আৰ্শীবাদ যাত্ৰা কৰিছে ৷ কিন্তু এই যাত্ৰাৰ নাম জনতাৰ ওচৰত ক্ষমা বিচাৰি কৰা যাত্ৰা দিব লাগিছিল ৷’’ বিজেপি দলক তীব্ৰ সমালোচনা কৰি এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

COVID-19 : দেশত নতুনকৈ আক্ৰান্ত হ’ল কিমান ?

ক'ভিড-১৯(COVID-19) মহামাৰীৰ সংক্ৰমণ ভাৰতত সামগ্ৰিকভাৱে হ্ৰাস পালেও কোনো কোনো ৰাজ্যত এতিয়াও দ্বিতীয় ঢৌৰ সংক্ৰমণ বৃদ্ধি হৈয়ে আছে ।

পছন্দৰ গান নবজাৰ বাবেই মণ্ডপত প্ৰৱেশ কৰিবলৈ অস্বীকাৰ কইনাৰ

নিজৰ বিয়াখনক লৈ আপোনাৰো হয়তো আছে বহু হাবিয়াস ৷ নিজৰ মন পছন্দৰ কাপোৰযোৰৰ পৰা আৰম্ভ কৰি নৃত্য কৰিবলগীয়া গীতসমূহলৈ, সকলো নিশ্চয় আপোনাৰ পছন্দৰ হোৱাটোৱেই বিচাৰে আপুনি ? তেনেস্থলত শেষ মুহূৰ্তত যদি আপুনি সলনি কৰিবলগীয়া হয় দীৰ্ঘদিনীয়া এই পৰিকল্পনা, তেন্তে কেনে হ’ব আপোনাৰ প্ৰতিক্ৰিয়া ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.