অভয়াপুৰীৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন আমছুৰ সভাপতিৰ

author img

By

Published : Aug 24, 2021, 9:56 AM IST

AAMSU President Rejaul Karim Sarkar Visit flood affected area of abhayapuri

বঙাইগাঁও জিলাৰ বাঁশবাৰী, ভাণ্ডাৰা, বালাৰপেটত আই নৈৰ ভয়ংকৰ খহনীয়া অব্যাহত আছে । প্ৰায় শতাধিক পৰিয়াল গৃহহীন হোৱাৰ লগতে বহু চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান নৈৰ বুকুত বিলীন হৈছে । তাৰপিছতো কিন্তু সাৰ পোৱা নাই চৰকাৰ অথবা জন প্ৰতিনিধি ৷

অভয়াপুৰী, 24 আগষ্ট : বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা আই নদীৰ গৰাখহনীয়াত ইতিমধ্যে অভয়াপুৰীৰ ৬ নং চৰকে ধৰি কেইবাটাও অঞ্চল মানচিত্ৰৰ পৰা নোহোৱাৰ দিশত গতি কৰিছে ৷ খহনীয়াগ্ৰস্ত ৰাইজে নিজৰ মৰমৰ ঘৰখন হেৰুৱাই পথত থাকিবলগা হৈছে । ইয়াৰ পাছতো খহনীয়া প্ৰতিৰোধৰ বাবে এতিয়ালৈকে জিলা প্ৰশাসনৰ লগতে জলসম্পদ বিভাগে গ্ৰহণ কৰা নাই কোনো পদক্ষেপ ।

১৪ আগষ্টৰ পৰা বৰ্তমানলৈকে ভূটান চৰকাৰে অসম চৰকাৰৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ তথা কোনো আগজাননী নিদিয়াকৈ কুৰিশ্বু বান্ধৰ পানী তিনিবাৰকৈ এৰি দিয়াৰ ফলত সমষ্টিটোৰ বিদ্যালয়, স্বাস্থ্যকেন্দ্ৰকে ধৰি কেইবাটাও চৰকাৰী তথা ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানসহ প্ৰায় শতাধিক পৰিয়ালৰ বাসগৃহ আৰু কেইবাশ বিঘা কৃষি ভূমি নদীৰ বুকুত জাহ গৈছে । সোমবাৰৰ পৰা জিলাখনত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰিছে ।

অভয়াপুৰীৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন আমছুৰ সভাপতিৰ

ঘৰ-মাটি হেৰুৱাই ৰাস্তাৰ ওপৰত আশ্ৰয় লৈ থকা আৰ্তজনৰ বাবে জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে । উক্ত লোকসকলে অভাৱত ভূগিছে এটোপা বিশুদ্ধ খোৱাপানীৰ লগতে আন যাৱতীয় সা-সামগ্ৰীৰ ৷ তদুপৰি তিৰপাল নথকাৰ বাবে বৰষুণতে তিতি দিন অতিবাহিত কৰিবলগীয়া হৈছে খহনীয়াগ্ৰস্ত ৰাইজে । অঞ্চলটোৰ পশুধনৰ বাবেও হৈছে খাদ্য সংকট ৷

আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে সোমবাৰে আই নৈৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে । আমছুৰ সভাপতিগৰাকীয়ে শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় ৷ অন্যথা গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে ৰেজাউল কৰিম সৰকাৰে ।

লগতে পঢ়ক : অভয়াপুৰীৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন বিধায়ক আব্দুল বাতিন খন্দকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.