Jan Ashirwad Yatra : কোনে কিয় কৰিলে ৰাজনীতি ?

author img

By

Published : Aug 23, 2021, 9:04 PM IST

Jan Ashirwad Yatra

২১ আগষ্টত বৰঝাৰ বিমানবন্দৰৰ পৰা আৰম্ভ হোৱা সোণোৱালৰ এই "জন আশীৰ্বাদ যাত্ৰা" সোমবাৰে শেষ হয় শিৱসাগৰ জিলাত । কিন্তু যি ব্যাপক প্ৰচাৰেৰে গেৰুৱা দলটোৱে এই জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছিল বাস্তৱিকতে তেনে হোৱা পৰিলক্ষিত নহ'ল । সোণোৱালৰ গুৰুত্ব বৃদ্ধি পোৱাটো এতিয়াও কাৰোবাৰ বাবে মূৰৰ কামোৰণি নেকি ? এতিয়া বহুতৰে মনত জাগিছে এনে প্ৰশ্ন ।

গুৱাহাটী, ২৩ আগষ্ট : মহা ধুমধামেৰে বিজেপিয়ে আয়োজন কৰা সৰ্বানন্দ সোণোৱালৰ "জন আশীৰ্বাদ যাত্ৰা" (Jan Ashirwad Yatra)ৰ সামৰণি পৰিল । ২১ আগষ্টত বৰঝাৰ বিমানবন্দৰৰ পৰা আৰম্ভ হোৱা সোণোৱালৰ এই "জন আশীৰ্বাদ যাত্ৰা" সোমবাৰে শেষ হয় শিৱসাগৰ জিলাত । বিজেপিৰ ছখন জিলা সমিতিক এই যাত্ৰাই সামৰি লোৱাৰ লগতে অতিক্ৰম কৰে প্ৰায় ৩৭৫ কিলোমিটাৰ পথ ।

Jan Ashirwad Yatra
জন আশীৰ্বাদ যাত্ৰা

লগতে পঢ়ক : Jan Ashirwad Yatra: ঢেকীয়াখোৱা নামঘৰত সেৱা ল’লে সৰ্বানন্দ সোণোৱালে

কিন্তু যি ব্যাপক প্ৰচাৰেৰে গেৰুৱা দলটোৱে এই জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছিল বাস্তৱিকতে তেনে হোৱা পৰিলক্ষিত নহ'ল । দেখাত সকলো ঠিকেই থাকিল যদিও দিছপুৰ বা হেঙেৰাবাৰী কোনো এটা ক্ষমতা কেন্দ্ৰ এই যাত্ৰাক লৈ বিশেষ ধৰণে উল্লাসিত হোৱাটো পৰিলক্ষিত নহ'ল । মনকৰিবলগীয়া যে, সোণোৱালৰ এই যাত্ৰাত বিজেপি চৰকাৰ বা ড৹ হিমন্তবিশ্ব শৰ্মাৰ মন্ত্ৰীসভাখনৰ সদস্য সকলৰ ফালৰ পৰা বিশেষ কোনোধৰণৰ সঁহাৰি বা উৎসাহ দেখা নগ’ল ।

Jan Ashirwad Yatra
জন আশীৰ্বাদ যাত্ৰা

লগতে পঢ়ক : তিতাবৰতো অনুষ্ঠিত হ’ব নেকি উপ-নিৰ্বাচন ?

২১ আগষ্টৰ পুৱা সোণোৱাল আহি বৰঝাৰত উপস্থিত হোৱাৰ পিছতে নিয়মমাফিক মুখ্যমন্ত্ৰীয়ে তেওঁক বিমানবন্দৰত আদৰিলে । একে সময়তে কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কেইবাজনো মন্ত্ৰীয়ে সেইদিনাৰ পুৱাৰ সেই নিৰ্দিষ্ট সময়খিনিত সংবাদমেল অনুষ্ঠিত কৰিলে ভিন ভিন স্থানত নিজা নিজা বিভাগৰ কেতবোৰ খবৰ দিবলৈ ।

লগতে পঢ়ক : যোৰহাটত সৰ্বানন্দ সোণোৱালৰ জন আৰ্শীবাদ যাত্ৰা

প্ৰশ্ন হয়, অতি কৌশলগতভাবে সোণোৱালক আদৰিবলৈ যোৱাৰ পৰা এইসকল মন্ত্ৰীক আঁতৰাই ৰখা হ'ল নেকি ?

Jan Ashirwad Yatra
জন আশীৰ্বাদ যাত্ৰা

বৰঝাৰৰ দৰে একেই প্ৰতিচ্ছবি দেখা গ’ল যাত্ৰাই অতিক্ৰম কৰা আন আন অঞ্চল সমূহতো । তিনিদিনীয়া সোণোৱালৰ এই আশীৰ্বাদ যাত্ৰাৰ অন্তত ৰাজ্যৰ বহুতৰে মাজত চৰ্চা চলিছে আঁৰৰ পৰাই বাৰু কোনোবাই অতি সুপৰিকল্পিতভাবে এই যাত্ৰাক লৈ ৰাজনীতি কৰিলে নেকি ? কিয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ যাত্ৰাত বিশেষভাৱে সঁহাৰি নজনালে মন্ত্ৰীসকলে ?

Jan Ashirwad Yatra
জন আশীৰ্বাদ যাত্ৰা

সোণোৱালৰ গুৰুত্ব বৃদ্ধি পোৱাটো এতিয়াও কাৰোবাৰ বাবে মূৰৰ কামোৰণি নেকি ? "জন আশীৰ্বাদ যাত্ৰা"ৰ তিনিদিনীয়া পৰিক্ৰমা দেখি এতিয়া বহুতৰে মনত জাগিছে এনেবোৰ প্ৰশ্ন ।

লগতে পঢ়ক : বিশ্বাসৰ অভাৱে উপ-নিৰ্বাচনৰ অংকত আউল লগাব নেকি মহাযোঁটক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.