ETV Bharat / state

ভূমি সমস্যা নিষ্পতিৰ বাবে আহি আছে মিছন বসুন্ধৰা

author img

By

Published : Aug 23, 2021, 10:37 PM IST

অন্ত পৰিল ডিফুত অনুষ্ঠিত হোৱা অসমৰ জিলা সমূহৰ উপায়ুক্ত সকলৰ প্ৰথমখন সন্মিলন ৷ দেওবাৰে দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা সন্মিলনত ২১ ঘণ্টা নিৰন্তৰে বহুকেইটা বিষয় আলোচনা কৰা হয় ৷ পৰৱৰ্তী উপায়ুক্ত সন্মিলনখন ছমাহৰ পিছত তেজপুৰত অনুষ্ঠিত কৰা হ’ব ৷

DCS CONFERENCE
উপায়ুক্ত সকলৰ প্ৰথমখন সন্মিলন

ডিফু, ২৩ আগষ্ট : ডিফুৰ বন বিভাগৰ আৰব’ৰেটাম প্ৰেক্ষাগৃহত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা উপায়ুক্ত সন্মিলন সোমবাৰে ৪ বজাত অন্ত পৰে ৷ দেওবাৰে দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা সন্মিলনত ২১ ঘণ্টা নিৰন্তৰে আলোচনা কৰা হয় ৷ অহা ছমাহত কোনবোৰ কাম কৰা হ'ব সেই সম্পৰ্কে আলোচনা কৰা হয় সন্মিলনত ৷

বৈঠকৰ শেষত সংবাদ মাধ্যমক মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰি কয় যে, মিছন বসুন্ধৰা নামৰ আঁচনিৰ জৰিয়তে ভূমি সমস্যা সমূহ নিষ্পতি কৰা হ’ব ৷ লগতে জনসাধাৰণে উপায়ুক্তৰ কাৰ্যালয় আৰু সচিবালয়লৈ নোযোৱাকৈ অধিকাংশ সমস্যা প’ৰ্টেলৰ জৰিয়তে কেনেকৈ সমাধানৰ কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰা হয় বৈঠকত ৷ উপায়ুক্তৰ জৰিয়তে প্ৰতিটো বিভাগ অধিক গতিশীল কৰি তোলাৰ উদ্দেশ্যে এই সন্মিলনতে চৰকাৰৰ এটা বছৰ সম্পূৰ্ণ হ’বলগীয়া অহা ১০ মে’ৰ ভিতৰত কোন বিলাক কাম কৰিব তাৰ লক্ষ্য বান্ধি লোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ভূমি সমস্যা নিষ্পতিৰ বাবে আহি আছে মিছন বসুন্ধৰা

লগতে পঢ়ক : সাংবাদিক সকলে বুজি পোৱা ইচ্যু নহয় সীমা সংঘাত : হিমন্ত বিশ্ব শৰ্মা

পৰৱৰ্তী উপায়ুক্ত সন্মিলনখন ছমাহৰ পিছত তেজপুৰত অনুষ্ঠিত কৰা হ’ব বুলি সংবাদিকক জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাজ্যখনত আৰক্ষীয়ে হাতত লোৱা ব্যৱস্থা সমূহৰ লগত সাধাৰণ প্ৰশাসনে কিদৰে একেলগে কাম কৰিব পাৰে সেই সন্দৰ্ভত এই বৈঠকত আলোচনা হয় ৷ প্ৰত্যেকটো বিভাগৰ আঁচনি সমূহ বিভাগীয় মন্ত্ৰীসকলৰ লগতে বিভাগৰ বিষয়া সকলে জিলা উপায়ুক্ত সকলৰ সন্মূখত দাঙি ধৰে বৈঠকৰ জৰিয়তে ৷

DCS CONFERENCE
উপায়ুক্ত সকলৰ প্ৰথমখন সন্মিলন

লগতে পঢ়ক : Jan Ashirwad Yatra : কোনে কিয় কৰিলে ৰাজনীতি ?

এই আলোচনা ৰাজ্যখনৰ বাবে বাস্তৱ আৰু ফলদায়ক বুলি মন্তব্য কৰাৰ লগতে ইয়াৰ পৰৱৰ্তী ছমাহৰ মূৰে মূৰে পুনৰ বৈঠক হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তেজপুৰত অনুষ্ঠিত হ’বলগীয়া উপায়ুক্ত সকলৰ সন্মিলনত এই বৈঠকৰ সিদ্ধান্ত সমূহৰ পৰ্যালোচনা কৰা হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷ চুবুৰীয়া ৰাজ্যৰে থকা সীমা সমস্যা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মেঘালয়ৰে থকা সীমা সমস্যা সমূহ আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ বাবে ব্যৱস্থা লোৱা হৈছে বুলি জনায় মুখ্যমন্ত্ৰী শৰ্মাই ৷

লগতে পঢ়ক : তিতাবৰতো অনুষ্ঠিত হ’ব নেকি উপ-নিৰ্বাচন ?

আনহাতে, কাৰ্বি বিদ্ৰোহী সংগঠনৰে সৈতে হ’বলগীয়া প্ৰস্তাৱিত শান্তি চুক্তি সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, এই সন্দৰ্ভত ৰাজ্য চৰকাৰে সকলো কাম-কাজ সামৰি কেন্দ্ৰীয় চৰকাৰলৈ বিষয়টো প্ৰেৰণ কৰিছে ৷ বৰ্তমান বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন৷ শান্তি চুক্তিত কাৰ্বি আংলঙৰ দীৰ্ঘদিনীয়া দাবী ২৪৪(ক)বিষয়টো অন্তৰ্ভুক্ত কৰা হোৱা নাই যদিও এই সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক : শ্বহীদ পৰিয়ালক দিয়া প্ৰতিশ্ৰুতিও পাহৰিলে নেকি বিজেপি চৰকাৰে ?

সীমন্ত অঞ্চলৰ ভূমি সমস্যাক লৈ "দিয়া-লোৱা" নীতিৰ ওপৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰি কয় যে, এই নীতিৰ জৰিয়তে অসমৰ ভূমি অসমে লাভ কৰাৰ বিপৰীতে সংশ্লিষ্ট ৰাজ্যৰ ভূমি সেই ৰাজ্যই লাভ কৰিব ৷ এই সন্দৰ্ভত কেতবোৰ অপপ্ৰচাৰে সাধাৰণ মানুহৰ মাজত অশান্তিৰ সৃষ্টি কৰিব বুলি আশংকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ সন্মিলনত অংশ গ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ডিফু আৱৰ্ত ভৱনৰ নৱনিৰ্মিত ভৱনটোৰ শুভ উদ্বোধন কৰে ৷

লগতে পঢ়ক : বিশ্বাসৰ অভাৱে উপ-নিৰ্বাচনৰ অংকত আউল লগাব নেকি মহাযোঁটক ?

হিমন্ত বিশ্ব শৰ্মাৰ লগতে দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে মন্ত্ৰী অজন্তা নেওগ, চন্দ্ৰমোহন পাটোৱাৰী, কেশৱ মহন্ত, ৰণজিৎ কুমাৰ দাস, ডাঃ ৰণোজ পেগু, বিমল বৰা, যোগেন মোহন, আশোক সিংঘালৰ লগতে উপাধ্যক্ষ ডাঃ নোমল মমিন, সাংসদ হৰেন সিং বে’ আৰু কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে ৷ তাৰোপৰি সন্মিলনত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ লগতে ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়া সকল ৷

লগতে পঢ়ক : অখিল গগৈক পাগল আখ্যা দিয়া প্ৰহ্লাদ নাথৰ বিৰুদ্ধে এজাহাৰ দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.