ETV Bharat / state

মৰাণত দলীয় কৰ্মীৰ উষ্ম সম্বৰ্ধনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক

author img

By

Published : Aug 24, 2021, 11:59 AM IST

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত শনিবাৰে প্ৰথমবাৰলৈ অসমত আহি উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সোণোৱালৰ এই অসম ভ্ৰমণক নাম দিয়া হৈছে "জন আশীৰ্বাদ যাত্ৰা" ৷ সৰ্বমুঠ 372 কিল’মিটাৰ পথ সাঙুৰি লৈছে এই জন আশীৰ্বাদ যাত্ৰাই ৷

BJP members greetings to Sarbananda Sonowal and Rameshwar Teli at Moran
মৰাণত গাড়ীৰ পৰাই দলীয় নেতা-কৰ্মীৰ সম্বৰ্ধনা ল'লে সৰ্বানন্দ সোণোৱালে

মৰাণ, 24 আগষ্ট : জন আশীৰ্বাদ যাত্ৰাৰ অন্তিম তথা তৃতীয় দিনা মৰাণত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মৰাণৰ মাজমজিয়াস্থিত ডাক বঙলাৰ সমীপত মাহমৰা সমষ্টিবাসী ৰাইজৰ আদৰণি গ্ৰহণ কৰাৰ লগতে নাহৰকটীয়াৰ ট্ৰেফিক পইণ্টৰ সমীপত মৰাণ সমষ্টিবাসী ৰাইজৰ হৈ আদৰণি তথা সম্ভাষণ গ্ৰহণ কৰে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীয়ে ।

মাহমৰাবাসীৰ মাজত আনন্দৰ জোৱাৰ

মৰাণৰ বিজেপি দলৰ বহু সংখ্যক নেতা-কৰ্মীয়ে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আদৰণি জনাবলৈ যথেষ্ঠ পৰিমাণৰ ধন ব্যয়ৰে জাক-জমকতাপূৰ্ণ মঞ্চ সাজি উলিয়ায় ৷ কিন্তু সময়ৰ নাটনিৰ বাবে সোণোৱালে গাড়ীৰ পৰা নামি এই সম্বৰ্ধনা গ্ৰহণ কৰে ৷ উক্ত আদৰণি অনুষ্ঠানত মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহন, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ লগতে বিভিন্ন নিকায়-নিগমৰ অধ্যক্ষ আৰু দলীয় বিষয়-ববীয়াসকল উপস্থিত থাকে ।

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত শনিবাৰে অসমত উপস্থিত হোৱা সোণোৱালক বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । অসমত উপস্থিত হৈয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেওবাৰে উজনিমুৱা হৈ বিভিন্ন স্থানত জন আৰ্শীবাদ যাত্ৰাত অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : জন আশীৰ্বাদ যাত্ৰাত ৰাইজে স্বতঃস্ফুৰ্তভাৱে সহযোগ কৰিছে : সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.