ETV Bharat / state

শনিবাৰৰ পৰা আৰম্ভ হ'ব সোণোৱালৰ তিনিদিনীয়া "জন আশীৰ্বাদ যাত্ৰা"

author img

By

Published : Aug 20, 2021, 6:30 PM IST

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত শণিবাৰে প্ৰথমবাৰলৈ অসমলৈ আহিব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সোণোৱালক আদৰিবলৈ সাজু হৈছে ৰাজ্যিক বিজেপি ৷

sonowals-three-day-jana-aashirbad-yatra-to-begin-on-saturday
শনিবাৰৰ পৰা আৰম্ভ হ'ব সোণোৱালৰ তিনিদিনীয়া "জন আশীৰ্বাদ যাত্ৰা"

গুৱাহাটী,20 আগষ্ট: কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত শণিবাৰে অৰ্থাৎ কাইলৈ প্ৰথমবাৰলৈ অসমলৈ আহিব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সোণোৱালৰ এই অসম ভ্ৰমণক নাম দিয়া হৈছে "জন আশীৰ্বাদ যাত্ৰা" ৷ এই যাত্ৰাৰ জৰিয়তে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক আদৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৰাজ্যিক বিজেপিয়ে ৷ স্মৰ্তব্য যে এই "জন আশীৰ্বাদ যাত্ৰা"ৰ মাধ্যমেৰে সৰ্বানন্দ সোণোৱালে সামৰি ল'ব ৰাজ্যৰ ছখনকৈ সাংগঠনিক জিলাক ৷

সৰ্বমুঠ 372 কিলোমিটাৰ পথ অতিক্ৰম কৰিব এই আশীৰ্বাদ যাত্ৰাই ৷ এই যাত্ৰাই সামৰি লবলগীয়া জিলা কেইখন হ'ল কামৰূপ (মেট্ৰ), মৰিগাঁও,কলিয়াবৰ,নগাঁও,শিৱসাগৰ আৰু যোৰহাট ৷ শনিবাৰে পুৱা 10 বজাত বৰঝাৰ বিমান বন্দৰত অৱতৰন কৰাৰ পিছত ৰাজ্যিক বিজেপিয়ে বিপুল আদৰণি জনাব সোণোৱালক ৷ বৰঝাৰৰ পৰাই আৰম্ভ হ'ব আশীৰ্বাদ যাত্ৰা ৷ আজাৰাত এখন দলীয় কৰ্মীসভাত ভাগ লোৱাৰ পিছত সোণোৱালৰ আশীৰ্বাদ যাত্ৰা ৰাওনা হ'ব ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ অভিমুখে ।

sonowals-three-day-jana-aashirbad-yatra-to-begin-on-saturday
শনিবাৰৰ পৰা আৰম্ভ হ'ব সোণোৱালৰ তিনিদিনীয়া "জন আশীৰ্বাদ যাত্ৰা"

তাৰ পিছত কামাখ্যা মন্দিৰত সেৱা জনাই বিয়লি তিনি বজাত এখন সংবাদমেল সম্বোধন কৰিব সোণোৱালে ৷ 22 আগষ্টত সোণোৱালৰ আশীৰ্বাদ যাত্ৰা ৰাওনা হ'ব মৰিগাঁও অভিমুখে ৷

ফুলগুৰিত কৃষকৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছত বটদ্ৰবা থানতো সেৱা জনাব প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তৃতীয় দিনা অৰ্থাৎ দেওবাৰে আশীৰ্বাদ যাত্ৰা উপস্থিত হ'ব যোৰহাটত । যোৰহাটত নেতৃস্থানীয় লোকৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছত ঢেকীয়াখোৱা নামঘৰতো সেৱা ল'ব সোণোৱালে ৷ তাৰ পিছতে এই যাত্ৰা ৰাওনা হ'ব শিৱসাগৰলৈ ৷ এই আৰ্শীবাদ যাত্ৰাপ বাবে এতিয়া সাজু হৈ উঠিছে ৰাজ্যৰ বিজপিৰ নেতা-কৰ্মী সকল ৷

লগতে পঢ়কঃ ১ ছেপ্টেম্বৰত আজমলক এৰি ফণী যাব বিজেপিলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.