ETV Bharat / bharat

পছন্দৰ গান নবজাৰ বাবেই মণ্ডপত প্ৰৱেশ কৰিবলৈ অস্বীকাৰ কইনাৰ

author img

By

Published : Aug 24, 2021, 10:27 AM IST

নিজৰ বিয়াখনক লৈ আপোনাৰো হয়তো আছে বহু হাবিয়াস ৷ নিজৰ মন পছন্দৰ কাপোৰযোৰৰ পৰা আৰম্ভ কৰি নৃত্য কৰিবলগীয়া গীতসমূহলৈ, সকলো নিশ্চয় আপোনাৰ পছন্দৰ হোৱাটোৱেই বিচাৰে আপুনি ? তেনেস্থলত শেষ মুহূৰ্তত যদি আপুনি সলনি কৰিবলগীয়া হয় দীৰ্ঘদিনীয়া এই পৰিকল্পনা, তেন্তে কেনে হ’ব আপোনাৰ প্ৰতিক্ৰিয়া ? নিশ্চয় এই কইনাগৰাকীৰ নিচিনাই ? চাওক ভিডিঅ’...

Bride Refused to Enter Wedding Hall As Her Chosen Entry Song Wasn't Played
পছন্দৰ গান নবজাৰ বাবেই মণ্ডপত প্ৰৱেশ কৰিবলৈ অস্বীকাৰ কইনাৰ

নিউজ ডেস্ক, 24 আগষ্ট : ভাৰতীয় বিবাহসমূহত গীতৰ আছে এক মুখ্য ভূমিকা ৷ দৰাঘৰীয়াই হওক বা কইনাঘৰীয়াই নিজৰ পছন্দৰ গানত এপাক নচাটো যেন এতিয়া বিয়াসমূহৰ এক অবিচ্ছেদ্য অংগত পৰিণত হৈছে ৷ বিয়াগীতৰ সমান্তৰালকৈয়ে আধুনিক গীত, DJ ৰ মিউজিকত বিয়াৰ মণ্ডপত প্ৰৱেশ কৰে বহু কইনাই ৷ কিন্তু নিজৰ পছন্দৰ গীত নবজাৰ বাবেই বিয়াৰ মণ্ডপত প্ৰৱেশ কৰিবলৈ অমান্তি হোৱা ঘটনা হয়তো এয়াই প্ৰথম ৷

সম্প্ৰতি এক ভিডিঅ’ যথেষ্ট চৰ্চিত হৈ পৰিছে সামাজিক মাধ্যমত ৷ ইনষ্টাগ্ৰামৰ এক ৱেডিং ফটোগ্ৰাফী পেজ The WeddingBrigade এ ভিডিঅ’টো শ্বেয়াৰ কৰি কেপশ্বনত লিখিছিল ‘Watch the video to know why the bride didn’t want to enter the venue. Brides to be don’t forget to get your bridal entry song ready to avoid last-minute mishaps.’

ভিডিঅ’টোত এগৰাকী কইনাই নিজৰ কেইগৰাকীমান বান্ধৱী আৰু ভাতৃ-ভগ্নীৰ সৈতে পৰম্পৰাগত ‘ফুলো কী চাদৰ’ৰ তলত মণ্ডৱত প্ৰৱেশৰ বাবে প্ৰস্তুত হৈ থকা সময়তেই হঠাৎ কইনাই এখোজো আগনবঢ়াও বুলি কয় ৷ কইনাগৰাকীয়ে কয়, তেওঁ নিজৰ প্ৰৱেশৰ সময়ত যিটো গীত বজাতো বিচাৰিছিল তাৰ বিপৰীতে অন্য এটি গীতহে বাজি আছে ৷ কইনাগৰাকীয়ে আবেগ আৰু খঙত তেওঁ এই বিষয়ে আগতেই সমন্বয়কক জনাই থৈছিল বুলিও কয় ৷

ইয়াৰ পিছতে ভাইৰেল হৈ পৰে কইনাগৰাকীৰ ভিডিঅ’টো ৷ ভিডিঅ’টোৱে লগে লগেই ইনষ্টাগ্ৰামত 17K লাইক লাভ কৰিবলৈ সক্ষম হয় ৷ কিছুসংখ্যক ব্যৱহাৰকাৰীয়ে কইনাগৰাকীক সমৰ্থন কৰাৰ বিপৰীতে আকৌ কিছু সংখ্যকে তেওঁক এই কামৰ বাবে সমালোচনা কৰে ৷

ইয়াৰ পূৰ্বে এনে এক আজৱ ঘটনা সংঘটিত হৈছিল উত্তৰ প্ৰদেশৰ ঔৰাইয়াত ৷ য’ত দৰাই নিজৰ চশমাজোৰ পিন্ধিও বাতৰি কাকত পঢ়িব নোৱাৰাৰ বাবে কইনাই নিৰক্ষৰ দৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ অমান্তি হয় ৷

বিবাহ হ’ল এক জন্ম-জন্মান্তৰৰ বান্ধোন ৷ কিন্তু মাজে মাজে কিছু কিছু বিয়াৰ অনুষ্ঠানত ঘটনা এনেধৰণৰ আমোদজনক ঘটনাই সকলোকে মনত সাঁচ বহুৱাই থৈ যায় ৷

লগতে পঢ়ক : ন-কইনা সকলৰ বাবে বিশেষ সৌন্দৰ্য চৰ্চা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.