ETV Bharat / bharat

COVID-19 : দেশত নতুনকৈ আক্ৰান্ত হ’ল কিমান ?

author img

By

Published : Aug 24, 2021, 12:02 PM IST

ক'ভিড-১৯(COVID-19) মহামাৰীৰ সংক্ৰমণ ভাৰতত সামগ্ৰিকভাৱে হ্ৰাস পালেও কোনো কোনো ৰাজ্যত এতিয়াও দ্বিতীয় ঢৌৰ সংক্ৰমণ বৃদ্ধি হৈয়ে আছে ।

India COVID-19 tracker: state-wise report
COVID-19: দেশত নতুনকৈ আক্ৰান্ত হ’ল কিমান ?

নিউজ ডেস্ক, 24 আগষ্ট : ভাৰতত অব্যাহত আছে কৰ’ণাৰ সংহাৰ ৷ কৰ’ণাত আক্ৰান্ত লোকৰ তালিকাত বিশ্বৰ দ্বিতীয় স্থানত আছে ভাৰত ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে মঙলবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত বৰ্তমান কৰ’ণাত আক্ৰান্তৰ সংখ্যা 3,24,74,773 গৰাকীলৈ বৃদ্ধি পাইছে আৰু মৃত্যু হৈছে 4,35,110 গৰাকীৰ ।

সোমবাৰৰ দিনটোত ভাৰতত পুনৰ 25,467 গৰাকী নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 3,17,20,112 গৰাকীয়ে ৷ আনহাতে 3,19,551 টা ঘটনা বৰ্তমানলৈ সক্ৰিয় হৈ আছে ৷ মৃত্যু হৈছে 354 গৰাকীৰ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ(ICMR) ৰ তথ্য অনুসৰি, দেশখনত 23 আগষ্টলৈকে 50,93,91,792 টা ক’ভিডৰ নমুনা পৰীক্ষণ কৰা হৈছে । ইয়াৰ ভিতৰত 16,47,526 টা নমুনা সোমবাৰে পৰীক্ষণ কৰা হৈছিল । আনহাতে এতিয়ালৈকে, দেশজুৰি 58.89 কোটি জনতাক ক’ভিড-19 ভেকছিন পালি প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক : যোৰহাট-মাজুলী সংযোগী ফেৰীত উঠিবলৈ যাত্ৰীয়ে কৰিব লাগিব Covid Test

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.