ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 20, 2022, 3:00 PM IST

top-10-at-3pm
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Nivedita Sooraj Remembered : সোঁৱৰণীৰ এটা পৃষ্ঠা হৈ পঞ্চভূতত বিলীন নিবেদিতা

দুচকুত তৰা ভৰা আকাশৰ সপোন, বুকুত আশা আৰু মনত দুৰ্বাৰ হাবিয়াস লৈ সাংবাদিকতাৰ জগতখনত প্ৰৱেশ কৰা নিবেদিতা এতিয়া কাহিনীও পূৰণ নোহোৱা এটা সপোনত পৰিণত হ'ল । অকালতে নিঃশেষ হ'ল এগৰাকী যুৱ প্ৰতিভা । সকলোকে কন্দুৱাই পঞ্চভূতত বিলীন হ'ল নিবেদিতা সূৰজ (funeral rites of Nivedita Sooraj) ।

Hojai SI suspendedসাংবাদিকক দুৰ্ব্যৱহাৰ কৰি নিলম্বিত আৰক্ষী বিষয়া

আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত তাৎক্ষণিকভাৱে নিলম্বন কৰা হয় বিষয়াগৰাকীক(Hojai SI Suspended for Abusing Journo) ৷ নিলম্বিত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত ৷

Radisson Blu Hotel : দিল্লীত আত্মহত্যা ৰেডিছন ব্লু হোটেলৰ মালিকৰ !

দেশৰ অভিজাত হোটেল ৰেডিছন ব্লু হোটেলৰ মালিকৰ মৃতদেহ উদ্ধাৰ দিল্লীত (Radisson Blu Hotel owner suicide) । গাজিয়াবাদত থকা বিলাসবহুল হোটেলখনৰ মালিক অমিত জৈনৰ চিপ লোৱা মৃতদেহ উদ্ধাৰ হৈছে নিজৰ ঘৰতে ।

Daughter in law harassment case: যৌতুক বিচাৰি স্বামীগৃহত নিৰ্মম অত্যাচাৰ বোৱাৰীক

আমগুৰিৰ নামতিত সংঘটিত বোৱাৰী নিৰ্যাতনৰ ঘটনা (Wife Tortured by Husband) । স্বামীগৃহত নিৰ্যাতনৰ অভিযোগ ভুক্তভোগী বোৱাৰীৰ ৷ যৌতুকৰ বিচাৰি শাহুৱেকে বোৱাৰীৰ দেহত গৰম তেল ঢালি জ্বলাই দিয়াৰ অপচেষ্টা ৷

Raasleela 2022: দৈৱকীৰ ৰূপত বেহাৰবাৰী আউটপষ্টৰ তৰামাই

দ্বিতীয় বৃন্দাবনলৈ পৰ্যবসিত হ'ল দক্ষিণ পাটগাঁওত অনুষ্ঠিত শ্ৰীকৃষ্ণৰ ৰাসমহোৎসৱ থলী(Raas festival at Raha) । দক্ষিণপাট গাঁৱৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱত দৈৱকীৰ চৰিত্ৰ ৰূপায়ন কৰে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপষ্টৰ তৰামাই খ্যাত সীমা বৰাই । শিল্পীগৰাকীৰ দৈৱকীৰ ভাওত অনবদ্য অভিনয়ে উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে । দ্বিতীয় বৃন্দাবন সদৃশ পৰিৱেশত দক্ষিণ পাট গাঁৱৰ নামঘৰত স্থানীয় যুৱতী, কিশোৰী আৰু শিশু সকলে পৰিৱেশন কৰা শ্ৰীকৃষ্ণৰ ৰাস ক্ৰীড়া উপভোগ কৰি আপ্লুত হৈ পৰে উপস্থিত ৰাইজ ।

Wife beaten up by husband: দেহৰ বৰণ ক'লা হোৱাৰ বাবে পত্নীক প্ৰহাৰ

এইবাৰ বিদেশত নহয়, এইবাৰ অসম মুলকতে সংঘটিত হৈছে এক নাভূত-নাশ্ৰুত ঘটনা । গাৰ বৰণ ক’লা হোৱাৰ বাবেই মাৰপিট কৰি পত্নীক গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ(Wife beaten up for dark body colour) । স্বামী, শহুৰ আৰু শাহুৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পত্নীৰ পৰিয়ালে ।

India New Zealand T20 : টছত পৰাস্ত হৈ বেটিং ভাৰতৰ

দেওবাৰে অনুষ্ঠিত হৈছে নিউজিলেণ্ড-ভাৰতৰ দ্বিতীয়খন টি-২০ মেচ (India New Zealand 2nd T20 match) । হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বাধীন নিউজিলেণ্ড ভ্ৰমণৰত ভাৰতীয় টি-২০ দলটোৱে দ্বিতীয়খন মেচত টছত পৰাস্ত হৈ বেট ধৰিবলৈ নামিছে ।

Achievement of Drishtiparna Kalita: ৰাষ্ট্ৰীয় শক্তি উত্তোলনত আমগুৰিৰ কিশোৰীৰ সাফল্য

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজলালে এগৰাকী অসম কন্যাই । ৰাষ্ট্ৰীয় শক্তি উত্তোলনত আমগুৰি জৰাবাৰী গাঁৱৰ দৃষ্টিপৰ্ণা কলিতাই আজুৰি আনিলে স্বৰ্ণপদক(Drishtiparna Kalita wins gold medal in national power building) । দৃষ্টিপৰ্ণাৰ সাফল্যত উৎফুল্লিত গাঁওবাসী(Achievement of Drishtiparna Kalita) ।

Child death: কামপুৰৰ খেৰণিত বালি গাড়ীৰ চেপাত নিহত এটি শিশু

কামপুৰত বালি গাড়ীৰ দৌৰাত্ম্য(Sand car menace in Kampur) । কামপুৰৰ লুটুমাৰীৰ খেৰণিত বালি গাড়ীৰ চেপাত নিহত হয় এটি শিশু(Child killed in road accident) । নিহত শিশুটিৰ নাম ৰমজান আলী । মাদ্ৰাছাৰ পৰা ঘৰলৈ আহি থকা সময়ত সংঘটিত হয় এই দুৰ্ঘটনা । দুৰ্ঘটনা সংঘটিত কৰাৰ মেজিকখনৰ নম্বৰ AS02CC7152 । দূৰ্ঘটনা সংঘটিত কৰাৰ পাছতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে চালকজনে । আনহাতে স্থানীয় ৰাইজৰ অভিযোগ নিতৌ এই পথেৰে অবৈধ ভাৱে পাৰ হৈ যায় শ শ বালিৰ গাড়ী । তথাপিও কাণষাৰ নাই বনবিভাগৰ ।

Bharat Jodo Yatra : ভাৰত জোড়ো যাত্ৰাক বহুৱালি আখ্যা বিধায়ক চক্ৰধৰ গগৈৰ

কংগ্ৰেছ পুনৰুদ্ধাৰৰ বাবে ৰাহুৰ গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰাৰ পাছতে প্ৰদেশ কংগ্ৰেছেও ধুবুৰীৰ পৰা আৰম্ভ কৰিলে ভাৰত জোড়ো যাত্ৰা(Bharat Jodo Yatra in Assam) । কংগ্ৰেছৰ এই প্ৰচেষ্টাক শাসক দলৰ বিজেপি নেতা-বিধায়ক আৰু মন্ত্ৰী সকলে তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে । কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰাক বহুৱালি আখ্যা দিলে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে (MLA Chakradhar Gogoi) । বিধায়কগৰাকীয়ে কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ কয়, কংগ্ৰেছে যিমানে চেষ্টা কৰিলেও সফল হ'ব নোৱাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.