Radisson Blu Hotel : দিল্লীত আত্মহত্যা ৰেডিছন ব্লু হোটেলৰ মালিকৰ !

author img

By

Published : Nov 20, 2022, 12:48 PM IST

Radisson Blu

দেশৰ অভিজাত হোটেল ৰেডিছন ব্লু হোটেলৰ মালিকৰ মৃতদেহ উদ্ধাৰ দিল্লীত (Radisson Blu Hotel owner suicide) । গাজিয়াবাদত থকা বিলাসবহুল হোটেলখনৰ মালিক অমিত জৈনৰ চিপ লোৱা মৃতদেহ উদ্ধাৰ হৈছে নিজৰ ঘৰতে ।

নিউজ ডেস্ক, ২০ নৱেম্বৰ : দেশৰ অভিজাত হোটেল ৰেডিছন ব্লু হোটেলৰ মালিকৰ মৃতদেহ উদ্ধাৰ দিল্লীত (Radisson Blu Hotel owner suicide) । গাজিয়াবাদত থকা বিলাসবহুল হোটেলখনৰ মালিক অমিত জৈনৰ চিপ লোৱা মৃতদেহ উদ্ধাৰ হৈছে নিজৰ ঘৰতে । পূব দিল্লীৰ কমনৱেলথ গেমছ ভিলেজৰ (Commonwealth Games Village) ঘৰত উদ্ধাৰ হৈছে মৃতদেহটো । আৰক্ষীৰ প্রাথমিক তথ্য অনুসৰি, আত্মহত্যা কৰিছে অমিত জৈনে (Radisson Blu owner Amit Jain Suicide in Delhi) । অৱশ্যে মৃতদেহৰ কাষত কোনো ছুইচাইড নোট পোৱা হোৱা নাই ।

উল্লেখ্য, গাজিয়াবাদৰ কৌশাম্বিত বিলাসবহুল হোটেল ৰেডিছন ব্লু আছে অমিতৰ (Radisson Blu Ghaziabad) । শনিবাৰে মন্দাৱালি থানালৈ এটা ফোন আহে । তাৰ পৰাই আৰক্ষীয়ে মৃত্যুৰ খবৰ জানিব পাৰে । এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, শনিবাৰে পুৱা নয়ডাৰ তেওঁৰ নিজৰ নতুন ঘৰত পুৱাৰ আহাৰ কৰি কমনৱেলথ গেমছ ভিলেজৰ ঘৰটোলৈ গৈছিল অমিত । আনহাতে, অমিত জৈনৰ আত্মীয়ৰ সৈতে কথা পাতি আৰক্ষীয়ে জানিব পাৰিছে যে সম্প্রতি নয়ডাৰ নতুন ঘৰলৈ পৰিয়ালটো লৈ যোৱাৰ কথা ভাবিছিল তেওঁ (Ghaziabad Radisson Blu hotel owner found hanging) ।

নয়ডাৰ ঘৰৰ পৰা অহাৰ সময়ত তেওঁ ভাতৃ কৰণক গাজিয়াবাদৰ কাৰ্যালয়ত নমাই থৈ গৈছিল । ইয়াৰ পিছত নিজেই গাড়ী চলাই গেমছ ভিলেজৰ ঘৰলৈ যায় অমিত । আনহাতে, অমিতৰ পুত্ৰই কিবা সামগ্ৰী আনিবলৈ কমনৱেলথ ভিলেজৰ ঘৰটোলৈ গৈছিল । লগত আছিল তেওঁৰ গাড়ীচালকজন । দুয়োজনে তাত উপস্থিত হৈ দেখে, চিপ লোৱা অৱস্থাত ওলমি আছে অমিত । লগে লগে পুত্ৰই তেওঁক মেক্স হস্পিটেললৈ লৈ যায় (Max Hospital Delhi) । কিন্তু চিকিৎসকে তাত তেওঁক মৃত ঘোষণা কৰে ।

আৰক্ষীৰ প্ৰাথমিক অনুমান মতে, আত্মহত্যা কৰিছে অমিতে । ইতিমধ্যে থানাত ভাৰতীয় দণ্ডবিধিৰ ১৭৪ ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছে । ইফালে ঘটনা সন্দৰ্ভত বিস্তাৰিত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক :World Remembrance Day: পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলক স্মৰণ কৰাৰ উদ্দেশ্যে পালন বিশ্ব স্মৃতি দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.