ETV Bharat / state

Wife beaten up by husband: দেহৰ বৰণ ক'লা হোৱাৰ বাবে পত্নীক প্ৰহাৰ

author img

By

Published : Nov 20, 2022, 2:15 PM IST

এইবাৰ বিদেশত নহয়, এইবাৰ অসম মুলকতে সংঘটিত হৈছে এক নাভূত-নাশ্ৰুত ঘটনা । গাৰ বৰণ ক’লা হোৱাৰ বাবেই মাৰপিট কৰি পত্নীক গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ(Wife beaten up for dark body colour) । স্বামী, শহুৰ আৰু শাহুৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পত্নীৰ পৰিয়ালে ।

Wife beaten up for dark body colour
দেহৰ বৰণ ক'লা হোৱাৰ বাবে পত্নীক প্ৰহাৰ

জনীয়াা,২০ নৱেম্বৰ: বৰপেটা জিলাৰ বৰভিটা আৰক্ষী চকীৰ অন্তৰ্গত হাতচাৰা গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । দেহৰ বৰণ ক'লা হোৱাৰ বাবেই পত্নীক প্ৰহাৰ কৰাৰ অভিযোগ স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে(Wife beaten up for dark body colour) । এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ।

জানিব পৰা মতে, ৫ বছৰ পূৰ্বে ধুবুৰী জিলাৰ পোৰাভিটা গাঁৱৰ ৰবিউল হকৰ কন্যা নাছিৰা খাতুনৰ বৰপেটা জিলাৰ হাতচাৰা গাঁৱৰ ৰহিজ আলীৰ পুত্ৰ ৰহমত আলীৰ সৈতে সামাজিক ৰীতি-নীতি মতে বিবাহপাশত আৱদ্ধ হৈছিল । ৰহমত আলীৰ পছন্দ অনুসৰি বিয়া হোৱাৰ পিছতো দেহৰ বৰণ ক’লা হোৱাৰ বাবেই বিবাহৰ পিছৰে পৰা পত্নী নাছিৰা খাতুনক স্বামী গৃহৰ পৰা স্বামীৰ লগতে স্বামী গৃহৰ লোকে নাছিৰা খাতুনক মাৰপিট কৰি আহিছিল ।

কিন্তু নাছিৰা খাতুনে স্বামী গৃহৰ পৰা পিতৃ গৃহলৈ গুচি নোযোৱাত পূৰ্বৰে পৰা চলাই অহা শাৰিৰীক অত্যাচাৰ পুনৰ বৃদ্ধি হোৱা বুলি অভিযোগ উত্থাপন কৰে পিতৃ ৰবিউল হকে(Physical abuse of wife) । ইফালে, যোৱা ১৫ নৱেম্বৰতো একেই কাৰণতে নাছিৰা খাতুনক পিতৃ গৃহলৈ খেদি পঠোৱাৰ চেষ্টা কৰিছিল । কিন্তু পিতৃ গৃহলৈ গুচি নোযোৱাত স্বামী ৰহমত আলী ওৰফে মুন্না, শহুৰ ৰহিজ আলী আৰু শাহু খাদিজা খাতুনে ঘৰৰ দৰ্জা বন্ধ কৰি মাৰপিট কৰাৰ লগতে স্বামী ৰহমত আলীয়ে পেটত কটাৰীৰে আঘাত কৰাৰ অভিযোগ উত্থাপন কৰে নাছিৰাৰ পিতৃ ৰবিউল হকে ।

দেহৰ বৰণ ক'লা হোৱাৰ বাবে পত্নীক প্ৰহাৰ

ইয়াৰোপৰিও, নিজৰ কণমানি সন্তানকো ৰেহাই নিদিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে স্বামী ৰহমত আলীৰ বিৰুদ্ধে । পিছত, স্থানীয় ৰাইজে নাছিৰা খাতুনক উদ্ধাৰ কৰি পিতৃগৃহৰ লোকক অৱগত কৰাত, পিতৃগৃহৰ লোকে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰভিটা আৰক্ষীৰ সহযোগত নাছিৰাক উদ্ধাৰ কৰি চান্দমামা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত নাছিৰাৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ দিছপুৰ চিকিৎসালয়ত ভৰ্তি কৰে ।

ইফালে বৰভিটা আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত ১৮ তাৰিখে ৰহমত আলী আৰু তেওঁৰ পিতৃ ৰহিজ আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । শনিবাৰে দুই পিতা-পুত্ৰক আদালতত হাজিৰ কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰে । ইফালে, পত্নী নাছিৰ খাতুনক মাৰপিট কৰাৰ কথা স্বীকাৰ কৰে স্বামী ৰহমত আলী ওৰফে মুন্নাই ।

লগতে পঢ়ক: Student leader death: ছাত্ৰনেতা জয়ন্ত সন্দিকৈৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.