Achievement of Drishtiparna Kalita: ৰাষ্ট্ৰীয় শক্তি উত্তোলনত আমগুৰিৰ কিশোৰীৰ সাফল্য

author img

By

Published : Nov 20, 2022, 2:12 PM IST

teenager achievement in national power lifting

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজলালে এগৰাকী অসম কন্যাই । ৰাষ্ট্ৰীয় শক্তি উত্তোলনত আমগুৰি জৰাবাৰী গাঁৱৰ দৃষ্টিপৰ্ণা কলিতাই আজুৰি আনিলে স্বৰ্ণপদক(Drishtiparna Kalita wins gold medal in national power building) । দৃষ্টিপৰ্ণাৰ সাফল্যত উৎফুল্লিত গাঁওবাসী(Achievement of Drishtiparna Kalita) ।

আমগুৰি,২০ নৱেম্বৰ: পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজলালে এগৰাকী অসম কন্যাই । ৰাষ্ট্ৰীয় শক্তি উত্তোলনত লিপিবদ্ধ কৰিলে নিজৰ নাম । ৰাষ্ট্ৰীয় শক্তি উত্তোলনত আমগুৰিৰ কিশোৰীয়ে আজুৰিলে সাফল্য(Amguri teenager achievement in national power lifting) । ৰাষ্ট্ৰীয় শক্তি উত্তোলনত আমগুৰি জৰাবাৰী গাঁৱৰ দৃষ্টিপৰ্ণা কলিতাই আজুৰি আনিলে স্বৰ্ণপদক(Drishtiparna Kalita wins gold medal in national power building) ।

চেন্নাইত ১৪ ছেপ্টেম্বৰৰ পৰা ১৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় পাৱাৰলিফ্টিং ফেডাৰেচনৰ চাব জুনিয়ৰ শাখাত ডেদলিফ্টত নেচনেল ৰেকৰ্ড গঢ়ে আমগুৰিৰ দৃষ্টিপৰ্ণা কলিতাই(Achievement of Drishtiparna Kalita) । ৪৩ কেজি শাখাত ৮০ কেজি উত্তোলন কৰি দৃষ্টিপৰ্ণা কলিতাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় । দৃষ্টিপৰ্ণাৰ সাফল্যত উৎফুল্লিত গাঁওবাসী ।

ৰাষ্ট্ৰীয় শক্তিউত্তোলনত আমগুৰিৰ কিশোৰীৰ সাফল্য

এই সাফল্য অৰ্জন কৰি স্ব-গৃহলৈ উভতি অহাৰ পাছতেই আমগুৰিৰ জৰাবাৰী গাঁৱৰ দৃষ্টিপৰ্ণা কলিতাক গাঁওবাসীয়ে বিপুল আদৰণি জনায় । স্বৰ্গীয় অৰুণ কলিতা আৰু মাতৃ ৰিতুমণি কলিতাৰ কন্যা দৃষ্টিপৰ্ণা কলিতা হাফলুটিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী । ২০২২ চনৰ জুলাই মাহৰ পৰা শক্তি উত্তোলনত চাৰিং সতী সাধনী ক্লাৱত অনন্ত খনিকৰৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা দৃষ্টিপৰ্ণা কলিতাই ইতিমধ্য়ে বহুকেইটা পদক বুটলিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: Hojai SI suspendedসাংবাদিকক দুৰ্ব্যৱহাৰ কৰি নিলম্বিত আৰক্ষী বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.