ETV Bharat / state

Daughter in law harassment case: যৌতুক বিচাৰি স্বামীগৃহত নিৰ্মম অত্যাচাৰ বোৱাৰীক

author img

By

Published : Nov 20, 2022, 1:24 PM IST

আমগুৰিৰ নামতিত সংঘটিত বোৱাৰী নিৰ্যাতনৰ ঘটনা (Wife Tortured by Husband) । স্বামীগৃহত নিৰ্যাতনৰ অভিযোগ ভুক্তভোগী বোৱাৰীৰ ৷ যৌতুকৰ বিচাৰি শাহুৱেকে বোৱাৰীৰ দেহত গৰম তেল ঢালি জ্বলাই দিয়াৰ অপচেষ্টা ৷

Daughter in law tortured by husband and his family members in Amguri Sivasagar
যৌতুক বিচাৰি বোৱাৰী স্বামী গৃহত নিৰ্মম অত্যাচাৰ বোৱাৰীক

আমগুৰি, ২০ নৱেম্বৰ: ছোৱালী ! সৰুৰে পৰা এখন ঘৰত জন্ম লাভ কৰি মা-দেউতাকৰ বহু মৰমত ডাঙৰ দীঘল হয় প্ৰত্যকজনী ছোৱালী ৷ কিন্তু সেই আপোন ঘৰখনত এটা নিৰ্দিষ্ট সময়লৈকে হে থাকিব পাৰে ছোৱালীজনী ৷ কাৰণ এটা সময়ত আপোন মানুহবোৰক এৰি থৈ আন এখন ঘৰলৈ যাব লাগে ছোৱালীজনী ৷ তাৰ পিছত ছোৱালীজনীৰ সন্মুখত আহে এক ডাঙৰ প্ৰত্যাহ্বান ৷ আন এখন সম্পূৰ্ণ পৃথক ঘৰৰ পৰিৱেশত নিজকে প্ৰতিষ্ঠিত কৰি ঘৰ-সংসাৰ আৰম্ভ কৰিব লাগে ছোৱালীজনীয়ে ৷

মা-দেউতাকক এৰি বহু সপোন লৈ বিবাহপাশত আৱদ্ধ হয় এগৰাকী ছোৱালী ৷ কিন্তু সেই সপোন দিঠকত পৰিণত নহ’লে কাল অন্ধকাৰ নামি আহে ছোৱালীজনীৰ জীৱনলৈ ৷ স্বামীৰ মৰমৰ সলনি যদি অত্যাচাৰ পাবলগীয়া হয় ইয়াতকৈ আৰু বেদনাদায়ক কি হ’ব পাৰে ৷ শেহতীয়াকৈ আমগুৰিত সংঘটিত এক ঘটনাই ইয়াৰ জলন্ত উদাহৰণ (Husband tortured wife over dowry) ৷

এতিয়া আহিছো মূল কথালৈ, শেহতীয়াকৈ আমগুৰিৰ নামতিত সংঘটিত হৈছে বোৱাৰী নিৰ্যাতনৰ ঘটনা (Wife Tortured by Husband) । স্বামী গৃহত নিৰ্যাতনৰ অভিযোগ ভুক্তভোগী বোৱাৰীৰ ৷ যৌতুকৰ বিচাৰি শাহুৱেকে বোৱাৰীৰ দেহত গৰম তেল ঢালি জ্বলাই দিয়াৰ অপচেষ্টা ৷ "মোৰ শৰীৰত গৰম তেল ঢালি দিছে, ডিঙিত চেপা মৰাৰ উপৰিও চেণ্ডেলেৰে চৰিয়াই, মোৰ মুখত থু পেলাই দিয়ে আৰু কোঠাত আৱদ্ধ কৰি অকথ্য নিৰ্যাতন চলায় ৷" এই ভাষ্য মাত্ৰ ছমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা এগৰাকী নিৰ্যাতিত বোৱাৰীৰ (Daughter in law harassment) ৷

ঘটনাৰ বিৱৰণী মতে, আমগুৰিৰ নামতিৰ যুৱতীগৰাকী ৬ মাহ পূৰ্বে সামাজিক ৰীতি-নীতিৰে মৰিয়নীৰ দেৱেৰাপাৰ অঞ্চলৰ ৰবিউল হুচেইনৰ পুত্ৰ আচিকুৰ হুচেইনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৷ আন সকলো ছোৱালীৰ দৰেই বিয়াৰ পিছত এটা ধুনীয়া সংসাৰ গঢ়ি তোলাৰ সপোন আছিল তাইৰো ৷ কিন্তু তাইৰ সপোন বাস্তৱত পৰিণত নহ’ল ৷ বিয়াৰ প্ৰথম অৱস্থাত সকলো ঠিকে ঠাকে আছিল৷ কিন্তু হঠাৎ সকলো সলনি হ’বলৈ ধৰিলে তাইৰ জীৱনত ৷ বিয়াৰ এমাহ পিছতেই যৌতুক বিচাৰি স্বামী গৃহই আৰম্ভ কৰে অত্যাচাৰ (Wife tortured at husband’s house for dowry) ৷ লাহে লাহে অত্যাচাৰ বাঢ়িব ধৰিলে তাইৰ জীৱনত ৷

যৌতুক বিচাৰি বোৱাৰী স্বামী গৃহত নিৰ্মম অত্যাচাৰ বোৱাৰীক

প্ৰতিদিনাই যৌতুক বিচাৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই গৈছিল স্বামী আচিকুৰ হুছেইন লগতে শহুৰ ৰবিউল হুছেইন ,শাহু চাবিৰা বেগম আৰু ননদ চিমা বেগমে ৷ এটা সময়ত বোৱাৰীগৰাকীৰ ওপৰত অত্যাচাৰ ইমানেই বাঢ়ি গ’ল যে, শৰীৰত গৰম তেল ঢালি দি জ্বলাই দিয়াৰ চেষ্টা চলাই স্বামীগৃহই (Domestic violence case) ৷ ইমানতে ক্ষান্ত নাথাকি ডিঙিত চেপা মৰাৰ উপৰিও চেণ্ডেলেৰে কোবাই স্বামীগৃহই ৷

কোঠাত আৱদ্ধ কৰি প্ৰায়ে অকথ্য নিৰ্যাতন চলাই গৈছিল পাষণ্ড স্বামীয়ে ৷ আনকি বোৱাৰীৰ মোবাইল ফোনটোও কাঢ়ি নিছিল অত্যাচাৰী পৰিয়ালে ৷ মুঠৰ ওপৰত মাতৃৰ গৃহক যোগাযোগৰ সকলো পথ বন্ধ কৰি দিছিল ৷ এই অভিযোগ ভুক্তভোগী বোৱাৰীগৰাকীৰ ৷

অৱশেষত উপায়হীন হৈ বোৱাৰীগৰাকী নিজৰ প্ৰাণ ৰক্ষাৰ্থে দৌৰি গৈ উপস্থিত হৈছিল দেবেৰাপাৰ আৰক্ষী থানাত৷ আৰক্ষীক সকলো কথা তন্ন তন্ন এফালৰ পৰা কৈ যায় বোৱাৰীগৰাকীয়ে ৷ পিছত আৰক্ষীয়ে বোৱাৰীগৰাকীৰ মাতৃ গৃহক খবৰ দিয়াত পৰিয়ালৰ লোক থানাত উপস্থিত নামতিৰ গৃহলৈ লৈ যায় ৷ ইফালে অত্যাচাৰী পৰিয়ালটোৰ বিৰুদ্ধে ইতিমধ্যেই থানাত ৰুজু হৈছে গোচৰ ৷ গোচৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ ইফালে দস্যুৰূপী পৰিয়ালটোৰ বিৰুদ্ধে কঠোৰ শাস্তি বিচাৰিছে বোৱাৰীগৰাকীয়ে (Daughter in law suffers from dowry harassment) ৷

উল্লেখ্য যে, নাৰীৰ ওপৰত অত্যাচাৰ, নির্যাতন আদি প্ৰসংগক লৈ চৰকাৰ তথা বিভিন্ন বেচৰকাৰী সংস্থাসমূহে বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণক সচেষ্ট কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ কিন্তু ইয়াৰ পাছতো সুৰক্ষিত হ’ব পৰা নাই নাৰী ৷

লগতে পঢ়ক: শিশুক ধৰ্ষণ কৰি ৰঙাঘৰৰ আলহী 55 বছৰীয়া ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.