ETV Bharat / city

শিশুক ধৰ্ষণ কৰি ৰঙাঘৰৰ আলহী 55 বছৰীয়া ব্যক্তি

author img

By

Published : Jul 30, 2021, 12:07 PM IST

One Man Arrested By Police for raping child in Sivasagar
শিশুক বলাৎকাৰ কৰি আৰক্ষীৰ জালত ৫৫ বছৰীয়া লম্পট

শিলসাগৰত এটি কন্যা শিশুক ধৰ্ষণ কৰি ৰঙাঘৰৰ আলহী হ’ল এজন 55 বছৰীয়া ব্যক্তি ৷ ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে গ্ৰপ্তাৰ কৰিছে লোকজনক ৷

শিৱসাগৰ, 30 জুলাই : শিৱসাগৰ জিলাৰ (Sivasagar District))ৰ বিষ্ণু নগৰত সংঘটিত হৈছে এটা জঘন্য ঘটনা ৷ এটি কনমানি কন্যা শিশুক (minor girl ) ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে এগৰাকী 55 বছৰীয়া লোকে বিৰুদ্ধে ৷ লোকজন শিৱসাগৰৰে অনুজ দাস ওৰফে অনিমেষ দাস বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে বুধবাৰে নিশা অনিমেষ দাসক গ্ৰেপ্তাৰ কৰিছে শিৱসাগৰ আৰক্ষীয়ে (Sivasagar Police) ৷

One Man Arrested By Police for raping child in Sivasagar
শিশুক বলাৎকাৰ কৰি আৰক্ষীৰ জালত ৫৫ বছৰীয়া লম্পট

এই সমগ্ৰ ঘটনাটো পোহৰলৈ অহাৰ পাছতেই অনিমেষ দাসৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত গোচৰ ৰুজু কৰিছিল কিশোৰীগৰাকাৰীৰ পৰিয়ালে ৷ শিৱসাগৰ সদৰ থানাত ৰুজু কৰা ৯২৩/২০২১ৰ গোচৰৰ ভিত্তিত 375 (B) IPC R/W 6 & 12 of POCSO ACT ৰ অধীনত গ্ৰেপ্তাৰ (Arrest) কৰা হয় অভিযুক্ত অনিমেষ দাসক ৷ গ্ৰপ্তাৰৰ পাচতেই বৃহস্পতিবাৰে জেল (jail) হাজোতলৈ প্ৰেৰণ কৰা হয় লোকজনক ।

লগতে পঢ়ক- উত্তৰ-পূবৰ যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগত আটক ৫

অভিযোগ অনুসৰি, অনুজ দাসে এখন দোকানৰ ভিতৰত শিশুটোক ওপৰত নিৰ্যাতন চলাইচিল ৷ সেই সময়তেই শিশুটোৰ অভিভাৱক গৈ দোকানখনত উপস্থিত হয় । লগে লগে উক্ত ঘটনাটো সন্দৰ্ভত শিৱসাগৰ থানাত গোচৰ ৰুজু কৰে পৰিয়ালৰ লোকে ৷

ভুক্তভোগী শিশুটোৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে ৷ স্বাস্থ্য পৰীক্ষাতো শিশুটিৰ ওপৰত শাৰিৰীক নিৰ্যাতন চলোৱাৰ তথ্য পোহৰলৈ অহা বুলি সদৰি কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক-নাবালিকা ধৰ্ষণক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত গোৱাৰ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.