ETV Bharat / bharat

নাবালিকা ধৰ্ষণক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত গোৱাৰ মুখ্যমন্ত্ৰী

author img

By

Published : Jul 29, 2021, 8:02 PM IST

গোৱাৰ সমুদ্ৰ তীৰত নাবালিকা ধৰ্ষণ কাণ্ডক লৈ বিধানসভাত মন্তব্য কৰি এতিয়া বিপদত গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত ৷ সন্তানে কিয় নিশা সমুদ্ৰ তীৰত ঘূৰি ফুৰে সেই কথা অভিভাৱকে নিজেও নিৰীক্ষণ কৰা প্ৰয়োজন বুলি মন্তব্য কৰিছিল সাৱন্তে ৷ অভিভাৱকে সকলো দায়িত্ব আৰক্ষীলৈ এৰিলে নহ'ব বুলিও সাৱন্তে মন্তব্য কৰিছিল ৷ এই মন্তব্যৰ পাচতে এতিয়া তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে গোৱাৰ মুখ্যমন্ত্ৰী গৰাকী ৷

Parents must introspect why teenagers hang out on beaches at night: Goa CM
সন্তানে নিশা কিয় সমুদ্ৰ তীৰত ঘূৰে পিতৃ-মাতৃয়ে আত্মনিৰীক্ষণ কৰিব লাগিব: প্ৰমোদ সাৱন্ত

নিউজ ডেস্ক, 29 জুলাই : গোৱাৰ সমুদ্ৰ তীৰত ধৰ্ষণৰ বলি হোৱা নাবালিকা সন্দৰ্ভত সংসদত উত্থাপন হোৱা প্ৰশ্নৰ উত্তৰত মন্তব্য কৰি এতিয়া বিপদত পৰিছে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত ৷ উক্ত ধৰ্ষণকাণ্ডৰ উদাহৰণ দি ৰাজ্যিক বিধানসভাত বিৰোধী বিধায়কসকলে গোৱাত আইন-শৃংখলাৰ অৱনতি হোৱাৰ অভিযোগ তুলিছিল ৷ বিৰোধী বিধায়ক সকলৰ উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ গৈ সাৱন্তে মন্তব্য কৰিছিল যে, এইক্ষেত্ৰত অভিভাৱকসকল দায়িত্বশীল হোৱা প্ৰয়োজন ৷ তেওঁলোকৰ সন্তানে নিশা কিয় সমুদ্ৰ তীৰত ঘূৰি ফুৰে সেইয়া অভিভাৱকসকলে নিজেও নিৰীক্ষণ কৰা প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰিছিল ৷

উল্লেখ্য যে, দক্ষিণ গোৱাৰ জনপ্ৰিয় কোলৱা সমুদ্ৰ তীৰত ২৪ জুলাইৰ নিশা দুগৰাকী কিশোৰীৰ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল ৷ গোৱা বিধানসভাত বিৰোধী বিধায়ক (Opposition MLA)সকলে এই কথা উত্থাপন কৰি গোৱাত আইন-শৃংখলাৰ অৱনতি হোৱাৰ অভিযোগ তুলিছিল ৷ বিৰোধী বিধায়ক (Opposition MLA)সকলৰ অভিযোগৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে বিধানসভাত এই কথা উল্লেখ কৰে ।

গোৱাৰ ৰাজ্যিক বিধানসভাৰ চলিত বৰ্ষাকালীন অধিৱেশনৰ সময়ত মনোযোগ আকৰ্ষণ প্ৰস্তাৱৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, "দহজনীয়া কিশোৰ-কিশোৰীৰ এটা দল সাগৰৰ পাৰত পাৰ্টী কৰাৰ বাবে গৈছিল ৷ তাৰে দহ জন ঘূৰি আহে যদিও দুজন কিশোৰ আৰু দুগৰাকী কিশোৰীয়ে সাগৰৰ পাৰতে গোটেই নিশাটো কটায় ৷ যেতিয়া 14 বছৰীয়া এগৰাকী কিশোৰী সাগৰৰ পাৰত গোটেই নিশাটো কটাই, তেতিয়া তেওঁলোকৰ অভিভাৱকেও কথাটো নিৰীক্ষণ কৰিব লাগে ৷ "

এইয়া অভিভাৱকৰো দায়িত্ব বুলি মন্তব্য কৰি সাৱন্তে লগতে এইবুলিও কয় যে, ল'ৰা-ছোৱালীয়ে পিতৃ-মাতৃৰ কথা নুশুনে বুলিয়েই আমি সকলো দায়িত্ব আৰক্ষীৰ ওপৰত এৰি দিব নোৱাৰো ৷ উল্লেখ্য যে, কিশোৰী দুগৰাকীৰ ধৰ্ষণৰ অভিযোগত গোৱা আৰক্ষীয়ে (Goa Police) আচিফ হাতেলি (২১), ৰাজেশ মানে (৩৩), গজানন্দ চিঞ্চনকাৰ (৩১) আৰু নিতিন য়াব্বাল (১৯) নামৰ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক : শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাই ভৰিব লাগিব ৩ লাখ টকাৰ জৰিমনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.