ETV Bharat / bharat

উত্তৰ-পূবৰ যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগত আটক ৫

author img

By

Published : Jul 29, 2021, 10:51 PM IST

ৰাজধানী চহৰ দিল্লীৰ হাউজ খাছ অঞ্চলত কিছুদিন পূৰ্বে উত্তৰ-পূৱৰ কেইগৰাকীমান যুৱতী নিৰ্যাতনৰ সন্মুখীন হৈছিল ৷ এই ঘটনাৰ এটা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল ৷ ঘটনাক লৈ সৰৱ হৈ পৰিছিল দিল্লী মহিলা আয়োগ ৷

5 arrested in molestation of north east girls in delhi whose video was viral
দিল্লীত উত্তৰ-পূবৰ যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগত আটক ৫

নেশ্যনেল ডেস্ক, 29 জুলাই : ৰাজধানী দিল্লীৰ হাউজ খাছত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক অশালীন ব্যৱহাৰ কৰাৰ ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে (Delhi Police) বৃহস্পতিবাৰে পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । ৰাজধানী চহৰখনৰ হাউজ খাছ অঞ্চলত কিছুদিন পূৰ্বে উত্তৰ-পূৱৰ কেইগৰাকীমান যুৱতী নিৰ্যাতনৰ বলি হৈছিল ৷ এই ঘটনাৰ এটা ভিডিঅ' ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল ৷ ভিডিঅ'টোত কেইজনমান উদণ্ড যুৱকে যুৱতীকেইগৰাকীক অশালীন ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে ৷

যুৱককেইজনে যুৱতী দুগৰাকীক তেওঁলোকৰ দাম সোধাৰ পাচতে যুৱতী কেইগৰাকী খঙত একো নাই হৈ পৰে ৷ যুৱতী দুগৰাকীয়ে এই ঘটনাৰ ভিডিঅ' ৰেকৰ্ড কৰাৰ পাচত যুৱককেইজনে ক্ষমা বিচৰা দেখা যায় ৷ ভিডিঅ'টো ছ’চিয়েল মিডিয়া (Social Media)ত ভাইৰেল হৈ পৰাৰ পিছত দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালে স্বতঃপ্ৰণোদিতভাৱে বিবেচনা কৰে আৰু বিষয় সন্দৰ্ভত আৰক্ষীক অৱগত কৰে ।

লগতে পঢ়ক : বৰ্ণবৈষম্য: দিল্লীৰ উদণ্ড যুৱকক কাণত ধৰিবলৈ বাধ্য কৰালে উত্তৰ-পূৱৰ যুৱতীয়ে

মহিলা আয়োগৰ অভিযোগৰ পিছত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল । আৰক্ষীয়ে উক্ত ঘটনাৰ তদন্ত চলাই আজি পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ দক্ষিণ-পশ্চিম দিল্লীৰ আৰক্ষী আয়ুক্ত প্ৰতাপ সিঙে উল্লেখ কৰা অনুসৰি গোচৰটো চফদৰজং এনক্লেভত পঞ্জীয়ন কৰা হৈছিল ৷ তাৰ পিছত তদন্তকাৰী আৰক্ষীয়ে কেইবাটাও চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰিছিল ৷

ঘটনাৰ তদন্ত চলাই অৱশেষত বৃহস্পতিবাৰে আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ ঝান্সীৰ পৰা দিনেশ ৰাম, আশীষ শিৱহৰে, বিকাশ শিৱহৰে, অংকিত শিৱহৰে আৰু দিনেশ ৰাম নামৰ পাঁচজন অভিযুক্তক কৰায়ত্ত কৰিছে । অভিযুক্তসকলৰ এজন উত্তৰ প্ৰদেশৰ ঝান্সীৰ বাসিন্দা হোৱাৰ বিপৰীতে আন চাৰিজন মধ্য প্ৰদেশৰ ছত্ৰপুৰৰ বাসিন্দা ৷ অধিক তথ্য উদঘাটনৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷

লগতে পঢ়ক : পুনৰ দিল্লীত উৎপীড়নৰ বলি উত্তৰ-পূৱৰ যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.