Nivedita Sooraj Remembered : সোঁৱৰণীৰ এটা পৃষ্ঠা হৈ পঞ্চভূতত বিলীন নিবেদিতা

author img

By

Published : Nov 20, 2022, 2:02 PM IST

Updated : Nov 20, 2022, 2:23 PM IST

Nivedita Sooraj Remembered

দুচকুত তৰা ভৰা আকাশৰ সপোন, বুকুত আশা আৰু মনত দুৰ্বাৰ হাবিয়াস লৈ সাংবাদিকতাৰ জগতখনত প্ৰৱেশ কৰা নিবেদিতা এতিয়া কাহিনীও পূৰণ নোহোৱা এটা সপোনত পৰিণত হ'ল । অকালতে নিঃশেষ হ'ল এগৰাকী যুৱ প্ৰতিভা । সকলোকে কন্দুৱাই পঞ্চভূতত বিলীন হ'ল নিবেদিতা সূৰজ (funeral rites of Nivedita Sooraj) ।

নিউজ ডেস্ক, ২০ নৱেম্বৰ : এনেকৈয়ে ভাগে নে সপোন ... ! হয়, এটা সপোনৰ কৰুণ পৰিসমাপ্তি ! দুচকুত তৰা ভৰা আকাশৰ সপোন, বুকুত আশা আৰু মনত দুৰ্বাৰ হাবিয়াস লৈ সাংবাদিকতাৰ জগতখনত প্ৰৱেশ কৰা নিবেদিতা এতিয়া কাহানিও পূৰণ নোহোৱা এটা সপোনত পৰিণত হ'ল । অকালতে নিঃশেষ হ'ল এগৰাকী যুৱ প্ৰতিভা । সকলোকে কন্দুৱাই পঞ্চভূতত বিলীন হ'ল নিবেদিতা সূৰজ । সূৰ্যৰ দৰে জিলিকিব খোজা নিবেদিতা নিজেই বিলীন হ'ল ঘোৰ অন্ধকাৰত ! কাহানিও উভতি নহা বাটেৰে বাট বুলিলে নিবেদিতাই । খবৰ বিলাব বিচৰা নিবেদিতা নিজেই হ'ল এটা খবৰ ।

Nivedita Sooraj Remembered
সোঁৱৰণীৰ এটা পৃষ্ঠা হৈ পঞ্চভূতত বিলীন নিবেদিতা

হায়দৰাবাদত এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা ইটিভি ভাৰত কেৰালা ডেস্কৰ (ETV Bharat Kerala desk) বাতৰি সম্পাদক (Content Editor) নিবেদিতা সূৰজৰ (২৬) দেওবাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় (funeral rites of Nivedita Sooraj) । আজি পুৱা 10.30 বজাত তেওঁৰ গৃহভূমি কেৰালাৰ ইৰিঙ্গলাকুডা ত্ৰিশূৰ জিলাৰ ভিৰুথিপাৰামবিলত এক শোকাকুল পৰিৱেশত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় (ETV Bharat Content Editor Nivedita Sooraj died) । অকালতে হেৰাই যোৱা এগৰাকী উদীয়মান প্ৰতিভা নিবেদিতাৰ মুখাগ্নি কৰে তেওঁৰ ভাতৃ শিৱপ্ৰসাদে ।

নিবেদিতাৰ অন্ত্যেষ্টিক্ৰিয়াত আত্মীয়, বন্ধুবৰ্গ আৰু সহকৰ্মীসকলে অংশগ্ৰহণ কৰে । কেৰালাৰ ৰাজ্যিক মুৰব্বী কে প্ৰবীণ কুমাৰে ইটিভি ভাৰতৰ হৈ আৰু কেৰালা ইউনিয়ন অব ৱৰ্কিং জাৰ্নেলিষ্টৰ (Kerala Union of Working Journalists) হৈ ৰাজ্যিক সভাপতি এম ভিনীথাই নিবেদিতালৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

উল্লেখ্য, শনিবাৰে পুৱা নিজ কৰ্মস্থলীলৈ ওলাই অহাৰ সময়ত ভাগ্যলথাত এক পথ দুৰ্ঘটনাত নিবেদিতা সূৰজৰ মৃত্যু হয় (Nivedita Sooraj died in car accident) । পুৱা প্ৰায় ৫ বজাত কাৰ্যালয়লৈ যাবলৈ তেওঁৰ বাসগৃহৰ পৰা ৰাস্তা পাৰ হৈ থকা অৱস্থাত নিবেদিতাক এলবি নগৰৰ কাষৰ পৰা অহা এখন গাড়ীয়ে খুন্দা মাৰি পলাই যায় ।

সোঁৱৰণীৰ এটা পৃষ্ঠা হৈ পঞ্চভূতত বিলীন নিবেদিতা

ঘটনাস্থলীতে মৃত্যু হয় নিবেদিতা সূৰজৰ (Nivedita Suraj died in Hyderabad) । আনহাতে, উক্ত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ইটিভি ভাৰতৰ আন এগৰাকী কৰ্মচাৰী তথা উত্তৰ প্ৰদেশ ডেস্কৰ বাতৰি সম্পাদক সোণালী । সোণালীৰ ঘৰ হৈছে মহাৰাষ্ট্ৰত । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সোণালী বৰ্তমান আইচিইউত ভৰ্তি হৈ আছে । ইফালে দুৰ্ঘটনাটো সংঘটিত কৰি গাড়ীখনৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । ইতিমধ্যে আৰক্ষীয়ে গাড়ীখন জিম্মাত লৈছে আৰু হায়াত নগৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

উল্লেখ্য, নিবেদিতাৰ পিতৃৰ নাম হৈছে সূৰজ আৰু মাতৃ বিন্দু । তেওঁলোকে ত্ৰিশূৰ জিলাৰ পাদিয়ুৰত বাস কৰে । আনহাতে, ভাতৃ শিৱপ্ৰসাদ স্নাতক পৰ্যায়ৰ এগৰাকী শিক্ষাৰ্থী । 2021 চনৰ মে' মাহত নিবেদিতাই ইটিভি ভাৰতত বাতৰি সম্পাদক হিচাপে যোগদান কৰে । তাৰ পূৰ্বে নিবেদিতাই ৰিপ'ৰ্টাৰ টিভিৰ ত্ৰিশূৰ ব্যুৰোতো কাম কৰিছিল ।

লগতে পঢ়ক :Radisson Blu Hotel : দিল্লীত আত্মহত্যা ৰেডিছন ব্লু হোটেলৰ মালিকৰ !

Last Updated :Nov 20, 2022, 2:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.