India New Zealand T20 : সূৰ্যৰ শতৰাণেৰে কিৱি বধ ভাৰতৰ

author img

By

Published : Nov 20, 2022, 1:43 PM IST

Updated : Nov 20, 2022, 5:34 PM IST

Hardik

নিউজীলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ মেচত জয়লাভ ভাৰতৰ । আনহাতে, বেটিঙত অনবদ্য প্ৰদৰ্শন সূর্যকুমাৰ যাদৱৰ । মাত্র ৪৯ বলতে শতৰান কৰে তেওঁ । (India New Zealand 2nd T20 match) । হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বাধীন নিউজিলেণ্ড ভ্ৰমণৰত ভাৰতীয় টি-২০ দলটোৱে দ্বিতীয়খন মেচত টছত পৰাস্ত হৈ প্ৰথমে বেট ধৰিবলৈ নামে ।

স্পৰ্টছ ডেস্ক, ২০ নৱেম্বৰ : নিউজীলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ মেচত জয়লাভ ভাৰতৰ (India win 2nd T20 against New Zealand) । আনহাতে, বেটিঙত অনবদ্য প্ৰদৰ্শন সূর্যকুমাৰ যাদৱৰ । মাত্র ৪৯ বলতে শতৰান কৰে তেওঁ (Surjyakumar Yadav T20 century) । যাৰ বাবে ব্যর্থ হয় টিম ছাউডিৰ হেটট্রিকো । প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটত ১৯১ ৰাণ কৰে ভাৰতে । প্ৰত্যুত্তৰত ১২৬ ৰাণতে ইনিংছ শেষ হয় নিউজীলেণ্ডৰ । ৬৫ ৰাণত মেচত জয়লাভ কৰে হার্দিক পাণ্ডিয়াৰ দলে (India New Zealand 2nd T20 match) ।

দেওবাৰে টছত জয়ী হৈ প্রথমে বলিঙৰ সিদ্ধান্ত লয় নিউজীলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে (India tour to New Zealand) । ভাৰতৰ নতুন অপেনিং যুটি আজি খেলপথাৰত নামে । ঋষভ পণ্ট ব্যর্থ হ'লেও বেটত ৰাণ পায় ঈশান কিষণে । মাত্র ৬ ৰাণ কৰি উভতে পণ্ট । বিৰাট কোহলিৰ অনুপস্থিতিত ভাৰতৰ হৈ তিনি নম্বৰত বেটিং কৰিবলৈ নামে সূর্যকুমাৰ যাদৱ । বেটিং অর্ডাৰত সলনি হ'লেও কিন্তু খেলৰ ধৰণত কোনো সলনি নহ'ল তেওঁৰ । টি-২০ বিশ্বকাপত য'ত শেষ কৰিছিল তাৰ পৰাই যেন আৰম্ভ কৰে তেওঁ (Hardik Pandya led India T20 team) ।

ঈশানে ৩৬ ৰাণ কৰি আউট হয় । শ্রেয়স আয়াৰ, হার্দিকে আজি বেছি ৰাণ নাপালে বেটত । কিন্তু এটা দিশত টিকি আছিল সূর্য । ২৯ বলত অর্ধশতৰাণ কৰে তেওঁ । তাৰ পিছত ৰাণৰ গতি আৰু বৃদ্ধি কৰে সূর্যই । নিউজীলেণ্ডৰ কোনো বলাৰকেই তেওঁ পৰোৱা নকৰিলে । এটাৰ পিছত আনটো দৰ্শনীয় শ্বট মাৰি যায় সূৰ্যই । মাত্র ৪৯ বলতে শতৰাণ কৰে সূর্যকুমাৰে । এইটো হৈছে টি-২০ত তেওঁৰ দ্বিতীয়টো শতক ।

এটা সময়ত ২০০ ৰো অধিক ৰাণ হ'ব বুলি ভবা গৈছিল ভাৰতৰ । কিন্তু অন্তিম অভাৰত এটি বলো খেলিবলৈ নাপালে তেওঁ । তাৰ প্রধান কাৰণ টিম ছাউডি । একেলেথাৰিয়ে তিনিটা বলত হার্দিক, দীপক হুডা আৰু ৱাশ্বিংটন সুন্দৰক আউট কৰি হেটট্রিক কৰে ছাউডিয়ে । ফলত ১৯১ ৰাণত শেষ হয় ভাৰতৰ ইনিংছ । ৫১ টা বলত ১১১ ৰাণত অপৰাজিত থাকে সূর্য । লগতো কোবায় ১১ টা চাৰি ৭ টা ছয় ।

প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি আৰম্ভণি ভাল নহ'ল নিউজীলেণ্ডৰ । প্রথম অভাৰতেই শূন্য ৰাণত পেভিলিয়নলৈ উভতে ফিন এলেন । তেওঁক আউট কৰে ভুবনেশ্বৰ কুমাৰে । প্রথম উইকেটৰ পতনৰ পিছত ডেভন কনৱে আৰু উইলিয়ামছনে যুটি বান্ধে । পাৱাৰ প্লেত অভাৰে প্রতি সাত ৰাণৰ গতিত ৰাণ আহে । কিন্তু সেই যুটি ভাঙে সুন্দৰে । কনৱেক ২৫ ৰাণত উভতাই পঠায় ।

ইয়াৰ পিছত গ্লেন ফিলিপ্সে প্রথম বলৰ পৰাই আক্রমণাত্মক বেটিং আৰম্ভ কৰে যদিও বেশি সময় নিটিকে । ১২ ৰাণত তেওঁক বল্ড কৰে যজুবেন্দ্র চহালে । তাৰ পিছৰ পৰা নিয়মিত অন্তৰালত উইকেট পৰিবলৈ আৰম্ভ কৰে কিৱি বাহিনীৰ ।

অন্তিম ৬ অভাৰত জয়ৰ বাবে ১০১ ৰাণৰ প্ৰয়োজন আছিল নিউজীলেণ্ডৰ । কিন্তু মেচলৈ উভতিব নোৱাৰিলে নিউজীলেণ্ড । অৱশেষত সাতটা বল বাকী থকা অৱস্থাত ১২৬ ৰাণতে অন্ত পৰে উইলিয়ামছন বাহিনীৰ ইনিংছ । এই জয়েৰে তিনিখনীয়া টি-২০ শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি ল'লে ভাৰতে ।

লগতে পঢ়ক : ‘ছাৰা দা চাৰা সচ বোল দিয়া’, ছাৰাৰে সম্পৰ্ক সন্দৰ্ভত এই মন্তব্য সুবমন গীলৰ

Last Updated :Nov 20, 2022, 5:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.