‘ছাৰা দা চাৰা সচ বোল দিয়া’, ছাৰাৰে সম্পৰ্ক সন্দৰ্ভত এই মন্তব্য সুবমন গীলৰ

author img

By

Published : Nov 16, 2022, 3:43 PM IST

Shubman Gill

শেহতীয়াকৈ সুবমন গীল সোনম বাজৱাৰ আড্ডা শ্ব’ দিল দিয়ান গাল্লানত উপস্থিত হৈছিল আৰু কথোপকথনৰ সময়ত তেওঁ ছাৰা আলী খানৰ সৈতে ডেটিঙৰ উৰাবাতৰি সন্দৰ্ভত মত প্ৰকাশ কৰে (Shubman Gill latest video) । ছাৰা আৰু সুবমনৰ ডেটিঙৰ উৰাবাতৰিয়ে চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰাই প্ৰচাৰ লাভ কৰিছিল যেতিয়া দুয়োকে একেলগে ৰাতিৰ আহাৰ গ্ৰহণ কৰা দেখা গৈছিল ।

চিটাৰা ডেস্ক, 16 নৱেম্বৰ : শেহতীয়াকৈ পাঞ্জাৱী চেট শ্ব’ত উপস্থিত হোৱা ভাৰতীয় ক্ৰিকেটাৰ সুবমন গীলে বলীউড অভিনেত্ৰী ছাৰা আলী খানৰ সৈতে সম্পৰ্ক থকাৰ উৰাবাতৰি সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে । সুবমন গীলে সোনম বাজৱাৰ আড্ডা শ্ব’ দিল দিয়ান গাল্লানত উপস্থিত হৈছিল আৰু তাৰ পিছত হোৱা কথা-বতৰাৰ সময়ত পাঞ্জাৱী অভিনেত্ৰী গৰাকীয়ে ক্ৰিকেটাৰজনক প্ৰশ্ন কৰিছিল যে বলীউডৰ আটাইতকৈ ফিট অভিনেত্ৰী কোন ? এই কথাত সুবমনে তপৰাই উত্তৰ দিয়ে, "ছাৰা" (Shubman Gill latest video)।

Shubman Gill
কি চলিছে ছাৰা সুবমনৰ!

তেওঁৰ এই উত্তৰৰ পিছত সোনমে সুবমনক ছাৰাৰ লগত ডেটিং কৰি আছে নেকি বুলি সোধাত তেওঁ কয়, “হয়তো”। বলীউডৰ সুন্দৰীগৰাকীৰ নামৰে সৈতে খেলা কৰি পাঞ্জাৱী অভিনেত্ৰী গৰাকীয়ে তাৰ পিছত তেওঁক "ছাৰা কা চাৰা সচ বলো" বুলি কৈ সত্য প্ৰকাশ কৰিবলৈ কয় । ইয়াৰ প্ৰত্যুত্তৰত সুবমনে কয়, "ছাৰা দা চাৰা সচ বোল দিয়া ৷ হয়তো, হয়তো নহয়" ৷

ছাৰা আৰু সুবমনৰ ডেটিঙৰ উৰাবাতৰি চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰাই আৰম্ভ হৈছিল, কাৰণ দুয়োকে একেলগে ৰাতিৰ আহাৰ গ্ৰহণ কৰা দেখা গৈছিল । এজন টিক-টক ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি দিয়াৰ ফলত ই ভাইৰেল হৈ পৰে । ভাইৰেল ক্লিপটোৱে আগ্ৰহী অনুৰাগীৰ পৰা যথেষ্ট আকৰ্ষণ লাভ কৰিছিল আৰু সকলো তেওঁলোকৰ মাজৰ সম্পৰ্কৰ কথা জানিবলৈ আগ্ৰহী হৈ পৰিছিল ।

ছাৰা বা সুবমনে আজিলৈকে তেওঁলোকৰ সম্পৰ্ক নিশ্চিত কৰা নাই । সুবমনৰ পূৰ্বে ছাৰাৰ ‘লাভ আজ কল’ৰ সহ অভিনেতা কাৰ্তিক আৰিয়ানৰ সৈতে প্ৰেমৰ সম্পৰ্ক সম্পৰ্ক আছিল বুলি বাতৰি প্ৰকাশ হৈছিল , যিটো পৰিচালক কৰণ জোহৰে তেওঁৰ টক শ্ব’ কফী উইথ কৰণত নিশ্চিত কৰিছিল ।

ইফালে, ৱৰ্ক ফ্ৰণ্টত ছাৰাক পৰৱৰ্তী সময়ত পৰিচালক লক্ষ্মণ উটেকাৰৰ আগন্তুক শিৰোনামহীন ৰোমান্টিক-কমেডী ছবি এখনত বিকী কৌশলৰ সৈতে দেখা যাব । তেওঁৰ হাতত বিক্ৰান্ত মেছি আৰু চিত্ৰংগাদা সিঙৰ সৈতে গেছলাইট ছবিখনো আছে ।

ইফালে সুবমনক তেওঁৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) দল গুজৰাট টাইটানছে নগদ ধনেৰে সমৃদ্ধ ঘৰুৱা টি-20 লীগৰ পৰৱৰ্তী ছিজনৰ বাবে ৰাখিছে । 18 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈ নিউজীলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া আগন্তুক টি-20 আৰু এদিনীয়া শৃংখলাতো তেওঁ ভাৰতৰ হৈ অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক : Aditya Roy Kapur Birthday: 5 বাৰকৈ প্ৰেমৰ বাতৰিৰে শিৰোনাম দখল কৰা অভিনেতাজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.