ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Nov 11, 2021, 11:04 AM IST

top10 news
শীৰ্ষ সংবাদ

দিনৰ 11 বজাৰ দহটা শীৰ্ষ সংবাদ...

11 বজাৰ দহটা শীৰ্ষ সংবাদ-

কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত 9

কৰিমগঞ্জত বৃহস্পতিবাৰে পুৱা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ য’ত থিতাতে নিহত হয় 9 গৰাকীকৈ ব্যক্তি ৷ ষট পূজা সম্পন্ন কৰি ওভোটাৰ মূহুৰ্তত সংঘটিত হৈছে দুৰ্ঘটনাটো ৷

মহানগৰীত ধৰ্মীয় ৰীতি-নীতিৰে পালন ষট পূজা

বৃহস্পতিবাৰে দেশজুৰি পালন কৰা হৈছে ষট পূজা ৷ চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই ষট পূজাৰ তৃতীয় দিনটোত ভক্তসকলে ঘাটলৈ আহি সূৰ্যাস্তৰ সময়ত অৰ্ঘ দিয়াৰ নিয়ম পূৰ্বৰে পৰা চলি আহিছে । আনহাতে, বৃহস্পতিবাৰে পুৱা সূৰ্য উদয় হোৱাৰ আগৰে পৰা ভক্তসকলে পূজা-অৰ্চনা কৰি সামৰণি মাৰে ষট পূজাৰ ৷

বিশ্বনাথত উদিত সূৰ্যক অৰ্ঘ প্ৰদানেৰে সমাপ্ত ষট পূজা

বিশ্বনাথ জিলাৰ বিভিন্ন স্থানৰ নৈৰ ঘাটত মাংগলিক ৰীতি-নীতিৰে ষট পূজা(Chhath Puja) উদযাপন ভোজপুৰী সমাজৰ ৷ উদিত সূৰ্যক অৰ্ঘ প্ৰদানেৰে ভক্তসকলে সমাপ্ত কৰে পূজাভাগ ৷

আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱস

আজি ভাৰতৰ প্ৰথমগৰাকী শিক্ষা মন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিন ৷ সেই উপলক্ষে প্ৰতি বছৰে এই বিশেষ দিনটোক ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয় ৷

অস্কাৰৰ সাম্ভাব্য তালিকাত অন্তৰ্ভুক্ত অসমীয়া চলচ্চিত্ৰ ‘Bridge’

অসমীয়া পূৰ্ণদৈৰ্ঘৰ ছবি ‘ব্ৰিজ’(Bridge)য়ে অসমীয়া চলচ্চিত্ৰ জগতলৈ কঢ়িয়াই আনিছে আন এক সুখৰ বতৰা ৷ ইতিমধ্যে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা পৰিচালক কৃপাল কলিতা(Kripal Kalita)ৰ এই ছবিখনে শেহতীয়াকৈ স্থান লাভ কৰিছে অস্কাৰ(Oscar)ৰ সাম্ভাব্য তালিকাত ৷

প্ৰথমবাৰৰ বাবে টী20 বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ড

টী20 বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত বিজয়ী নিউজিলেণ্ড ৷ ইয়াৰ লগে লগে দলটোৱে পোনপ্ৰথমবাৰৰ বাবে টী20 বিশ্বকাপত ফাইনেল খেলাৰ যোগ্যতা লাভ কৰে ৷

সামৰণি পৰিল ষট পূজাৰ : লখিমপুৰত লোকে লোকাৰণ্য পৰিৱেশ

ষট পূজা উপলক্ষে লখিমপুৰৰ পূজা ঘাটত সূৰ্যোদয়ৰ পূৰ্বে লোকে লোকাৰণ্য পৰিৱেশ সৃষ্টি হয় ৷ সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰতো ব্যাপক উলহ-মালহেৰে ষট পূজা উদযাপন কৰা হৈছে ৷ চাৰিদিনীয়া ব্ৰত পালনৰ পাছত ভক্তসকলে নৈৰ ঘাটত সূৰ্য দেৱতাক উদ্দেশ্যি পূজা অনুষ্ঠিত কৰে ৷ লখিমপুৰৰ বিভিন্ন পূজাঘাটত এই উদ্দেশ্যে পুৱতি নিশাৰে পৰা ভক্তৰ ভিৰ পৰিলক্ষিত হয় ৷

পশ্চিম গুৱাহাটীত পাঁচটা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন

পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই প্ৰায় ৬৪ লাখ টকাৰে নতুনকৈ নিৰ্মাণ কৰিবলগীয়া পাঁচটা উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে । উন্নয়নমূলক কাম-কাজত ৰাইজক চকু ৰাখিবলৈ আহ্বান বিধায়কগৰাকীৰ ৷

কেনেকৈ চীনৰ দখললৈ গ'ল উজনি সোৱণশিৰিৰ চুং ডোং অঞ্চল ?

অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰিৰ চুং ডোং অঞ্চলটো হৈছে চীনৰ অধিকৃত অঞ্চল ৷ ইতিমধ্যে এই অঞ্চলত চীনে নিৰ্মাণ কৰিছে এখন গাঁও ৷ আমেৰিকাৰ চোৰাংচোৱা বিভাগৰ এক প্ৰতিবেদনত প্ৰকাশিত তথ্যত উন্মোচিত হ'ল চীনৰ আগ্ৰাসী মনোভাৱ ৷

আমিনগাঁৱত অগ্নিকাণ্ড : ভষ্মীভূত 15 লক্ষাধিক টকাৰ সম্পত্তি

উত্তৰ গুৱাহাটীৰ আমিনগাঁও চাৰিআলিত বিধ্বংসী অগ্নিকাণ্ড(Fire) সংঘটিত ৷ অগ্নিকাণ্ডত ভষ্মীভূত হয় চাৰিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ লগতে বিস্ফোৰিত হয় কেইবাটাও কমাৰ্চিয়েল চিলিণ্ডাৰ, অগ্নিদগ্ধ হয় দহটাৰো অধিক ছাগলী আৰু 50 টাৰো অধিক মুৰ্গী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.